Breaking News

গোলাঘাটত মানসিকভাৱে অসুস্হ ব্যক্তিসকলক কম্বল আৰু বিস্কুট বিতৰণ


ডিজিটেল সংবাদ, গোলাঘাট: 
আজি গণৰাজ্য দিৱস উপলক্ষে গোলাঘাট জিলা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো সংস্থাৰ সদস্যৰ দলে গোলাঘাট নগৰৰ ধ্ৰুৱনগৰ স্থিত মানসিকভাৱে অসুস্হ  ব্যক্তিসকলৰ কেন্দ্ৰত বসবাস কৰা ৰোগীসকলক সাক্ষাৎ কৰি তেওঁলোকক প্ৰদান কৰা সা-সুবিধাসমূহৰ বিষয়ে আলোচনা কৰে, লগতে কম্বল আৰু বিস্কুট বিতৰণ কৰে।গোলাঘাট ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ আজিৰ এই কাৰ্যসূচীৰ শলাগ লয় মানসিকভাৱে অসুস্হ ব্যক্তিসকলৰ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।এই কাৰ্যসূচীত ৰাজ্যিক সভাপতি, যুৱ শাখা সন্তোষ কুমাৰ কানু, ৰাজ্যিক সমিতিৰ অধিবক্তা কমলজিৎ কৌৰ, জিলা সভানেত্ৰী ৰশিতা জয়ছৱাল, জিলা সভাপতি মনীষ কুমাৰ গুপ্তা, জিলা উপ সভাপতি অম্বৰীশ শৰ্মা, জিলা সম্পাদক ছায়াস্কী বৰা, জিলা পৃষ্ঠপোষক ভাৰতী বৰুৱা লগতে সক্ৰিয় সদস্য উষা জৈন , ৰীনা জালানা, ৰাজীৱ ৰবিদাস, অনিত্য সৰকাৰ, বিমল ছেত্ৰী, জ্যোতিকা দুৱৰা, ময়ুৰাক্ষী কলিতা, গায়ত্ৰী বৰুৱা, পবিত্ৰ বৰুৱা আদি উপস্থিত থাকে ।

No comments