Breaking News

দিল্লীত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়।


 ডিজিটেল ডেস্ক:মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণৰ বাসভৱনত অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগ লগতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয়। প্ৰায় এঘণ্টা সময় ধৰি হোৱা এই আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কয় যে চতুৰ্থটো গোট স্থাপনৰ বিষয়টো কিছুদূৰ আগবাঢ়িছে। এই সন্দৰ্ভত এটা মাহৰ ভিতৰত আমি পুনৰ আলোচনাত মিলিত হ'ম।  চতুৰ্থটো গোট স্থাপনৰ বিষয়টো কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে যথেষ্ট গুৰুত্বসহকাৰে লোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে বাজেটৰ সমস্যা নাই। গেছ আৰু আন আন কেঁচামালৰ কাৰণেহে চতুৰ্থটো গোট স্থাপনত বিলম্ব হৈছে।  নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থটো গোট' স্থাপনৰ বাবে দীৰ্ঘদিনৰ পৰাই দাবী উত্থাপন হৈ আহিছে যদিও আজিলৈকে কেন্দ্ৰীয় চৰকাৰে নতুন গোটটো স্থাপনৰ ক্ষেত্ৰত কোনো গুৰুত্ব দিয়া নাই । ইয়াৰ বিপৰীতে বিগত বৰ্ষত তৃতীয়টো গোট মেৰামতি কৰাৰ বাবেহে এশ কোটি টকা প্ৰদান কৰিছিল।

No comments