Breaking News

অসম আৰক্ষীৰ ১৫জনলৈ ৰাষ্ট্ৰপতি পুলিচ মেডেল আৰু মেৰিটৰিয়াছ সেৱাৰ বাবে পুলিচ মেডেলৰ নাম ঘোষণা


ডিজিটেল ডেস্ক: 
কেন্দ্ৰীয় চৰকাৰে গণৰাজ্য দিৱস উপলক্ষে দেশৰ ২৯খন ৰাজ্যৰ আৰক্ষীলৈ ৰাষ্ট্ৰপতি পুলিচ মেডেল আৰু মেটি'ৰিয়াছ সেৱাৰ বাবে পুলিচ মেডেলৰ নাম ঘোষণা কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তসহ অসম আৰক্ষীৰ ১৫জনলৈ ৰাষ্ট্ৰপতি পুলিচ মেডেল আৰু মেৰিটৰিয়াছ সেৱাৰ বাবে পুলিচ মেডেলৰ নাম ঘোষণা কৰিছে। অসম আৰক্ষীৰ মুখ্য জন সমন্বয়ৰক্ষী বিষয়া ৰাজীৱ শ‍ইকীয়াই জনোৱা মতে উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পুলিচ মেডেল লাভ কৰে শিলচৰৰ দক্ষিণ সংমণ্ডলৰ  ডিআইজিপি কংকনজ্যোতি শ‍ইকীয়াই। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই মেৰিট'ৰিয়াছ সেৱাৰ বাবে পুলিচ মেডেল লাভ কৰে। মেৰিট'ৰিয়াছ সেৱাৰ বাবে পুলিচ মেডেল লাভ কৰা বিষয়া-কৰ্মচাৰীসকল হৈছে ক্ৰমে-  তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষক মজিবুৰ ৰহমান, মুখ্যমন্ত্ৰী তদাৰকী কোষৰ আৰক্ষী অধীক্ষ ৰোজী কলিতা, মহানগৰ আৰক্ষীৰ পৰিদৰ্শক অনুকুল মালাকাৰ, কাৰ্বি আংলং জিলাৰ কনিষ্টবল চিকাৰী ইংতি,  তিনিচুকীয়াৰ কনিষ্টবল দিলীপ কলিতা, কথালৰ অসম আৰক্ষীৰ ষষ্ঠ  বেটেলিয়ানৰ লেন্স নায়ক মজিবুৰ ৰহমান চৌধুৰী, কথালৰ অসম  আৰক্ষীৰ ষষ্ঠ বেটেলিয়ানৰ নায়ক মানিক কংসা বনীক, লখিমপুৰ কনিষ্টবল সোমেশ্বৰ মুদৈ, তিনিচুকীয়াৰ কনিষ্টবল সুনীল ফুকন আৰু  কনিষ্টবল জুনমণি তামুলী, কাৰ্বি আংলঙৰ লেন্স নায়ক আনন্দ ৰংহাং, কাৰ্বি  আংলঙৰ চিলনীৰ ২৩নং এপিআইআৰৰ ক্লার্ক ঋতুমণি বৈৰাগী, দাকুৰভিটাৰ প্ৰথম এপিটিএফবিৰ কনিষ্টবল সুভাষ ৰাভা।

No comments