Breaking News

সাহিত্য সভাৰ মজিয়াত লাহে লাহে সাহিত্যিকৰ সংখ্যা কমিছে, ৰাজনীতিকৰ সংখ্যা বাঢ়িছে।

 


ডিজিটেল ডেস্ক: লখিমপুৰ জিলাৰ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ  জন্মস্থান নাৰায়ণপুৰৰ বৰখামটি পথাৰত মণিকাঞ্চন ক্ষেত্ৰ আটকধুনীয়াকৈ সজাই তোলা হৈছে। ৭৭৬ বিঘা মাটিকালিৰ অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ সাহিত্যসভা  অধিৱেশন অনুষ্ঠিত হ'ব। অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনকলৈ সমগ্ৰ নাৰায়ণপুৰত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। প্ৰায় ৬ কোটি ৪০ লাখ টকা ব্যয়সাপেক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা এই অধিৱেশন উপলক্ষে ইতিমধ্যে নিৰ্মাণ কৰা বিভিন্ন কাৰ্যালয়, শিবিৰ আদি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সমান্তৰালভাৱে স্মৃতিগ্ৰন্থৰ কামো আগবঢ়াই নিছে সংশ্লিষ্ট উপ-সমিতিয়ে। মণিকাঞ্চন ক্ষেত্ৰত সাহিত্য সভাৰ মুখ্য কাৰ্যালয় নির্মাণকার্য প্রায় সম্পূৰ্ণ হৈ উঠিছে। একেদৰে অধিৱেশনলৈ অহা-যোৱা কৰাৰ বাবে নিৰ্মাণ কৰা পথসমূহৰ কাম প্রায় সম্পূৰ্ণ হোৱাৰ পথত। মণিকাঞ্চন ক্ষেত্ৰত সাজু হৈ উঠিছে বৃহৎ সাংস্কৃতিক মঞ্চ,  বিভিন্ন স্থানৰ পৰা বৰঙণি অহাৰ লগতে সমান্তৰালভাৱে খাদ্য সমিতিয়েও থলুৱা খাদ্যৰে অতিথিসকলক আপ্যায়নৰ বাবে সাজু হৈছে। বহু সময়ৰ পিছত  নাৰায়ণপুৰত এই অধিৱেশন অনুষ্ঠিত কৰাক লৈ সকলো শ্ৰেণীৰ লোকক হাত উজান দিবলৈ আদৰণী সমিতিয়ে আহ্বান জনাইছে।ইয়াৰ মাজতে প্ৰকাশ পাইছে অধিৱেশনৰ আদৰণী সমিতিৰ ফালৰ পৰা ছপা কৰি উলিওৱা নিমন্ত্রণী পত্র। এই নিমন্ত্রণীপত্ৰক লৈ বিতৰ্কৰ সন্মুখীন হ'বলগীয়া হৈছে সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতি। আদৰণী সমিতিৰ সাধাৰণ সম্পাদক মাখন তামুলী আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্র শর্মা স্বাক্ষৰিত নিমন্ত্রণী পত্ৰৰ কেওটা দিনৰ কাৰ্যসূচীতে একোগৰাকীকৈ ৰাজনৈতিক ব্যক্তিক আমন্ত্রণ জনোৱা হৈছে। লক্ষণীয়ভাৱে দ্বিতীয় মুকলি অধিৱেশনলৈ নিমন্ত্রণ জনোৱা হৈছে একৈশগৰাকী ৰাজনীতিৰ লগত জড়িত ব্যক্তিক। ইয়াৰে কোনোবাজনে যদি মন্ত্রী, আন কোনোবাজন বিধায়ক নতুবা স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ। দুই ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় মুকলি অধিৱেশনৰ মঞ্চত ড° প্রতাপজ্যোতি সন্দিকৈ, ড° সূর্যকান্ত হাজৰিকা আৰু ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ বাদে একৈশজন মন্ত্রী-বিধায়কক স্থান দিয়া হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী কেশৱ মহন্ত, অতুল বৰা, জয়ন্তমল্ল বৰুৱা, পীযূষ হাজৰিকাৰ উপৰি ৰাভা হাছং স্বায়ত্ত পৰিষদৰ টংকেশ্বৰ ৰাভা, লখিমপুৰ আৰু তেজপুৰৰ সাংসদদ্বয়, বি টি চিপ্রধান প্রমোদ বড়োকে ধৰি মুঠ একৈশগৰাকী ৰাজনীতিকক আমন্ত্ৰণ জনোৱা হৈছে। দ্বিতীয় মুকলি অধিবেশন ৰাজনীতিকৰ উপস্থিতিৰ এনে কাৰ্য দেখি আদৰণী সমিতিক এয়া সাহিত্য সভা নে পলিটিকেল পাৰ্টিৰ সভা বুলি বহুজনে ফেচবুকত প্রশ্ন কৰিছে। ফে'চবুকত নিমন্ত্রণী পত্ৰখন ভাইৰেল কৰি বিভিন্নজনে কটাক্ষ কৰে যে সাহিত্য সভাৰ মজিয়াত লাহে লাহে সাহিত্যিকৰ সংখ্যা কমিছে, ৰাজনীতিকৰ সংখ্যা বাঢ়িছে। এইবাৰ সাহিত্য সভাৰ দ্বিতীয় মুকলি অধিৱেশন ৰাজনৈতিক অভিৱৰ্তনত পৰিণত হ'ব বুলিও সামাজিক মাধ্যমত বিভিন্ন লোকে মন্তব্য কৰিছে।

No comments