Breaking News

লাডাখৰ ২৬ পেট্র ' লিং পইন্ট সীমান্তৰ ভূমি এৰি নিদিয়াৰ স্বৰূপ উদঙালে আৰক্ষী অধীক্ষক পি ডি নিত্যাৰ



 ডিজিটেল ডেস্ক:..লাডাখৰ ২৬ পেট্র ' লিং পইন্ট সীমান্তৰ এক ইঞ্চি ভূমিও এৰি নিদিয়াৰ ফোঁপোলা স্বৰূপ উদঙালে... আৰক্ষী অধীক্ষক পি ডি নিত্যাই কেমেৰা স্থাপন কৰি ভাৰতীয় সেনাৰ গতিবিধি নিৰীক্ষণ কৰি আগ্ৰাসনৰ কৌশল ৰচনা কৰে প্ৰতিবেশী ৰাষ্ট্ৰৰ ...। লাডাখ আৰক্ষীৰ তথ্যমতেই পূব লাডাখত ৬৫ টা টহল পইণ্টৰ মাজৰ ২৬ টা হেৰুৱাইছে ভাৰতে ।  হেৰোৱা স্থানসমূহলৈ এতিয়া ভাৰতীয় বাহিনী যাব নোৱাৰে , অর্থাৎ এইপেট্ৰ'লিং চকীসমূহ চীনা বাহিনীৰ দখলত । চীনৰ আগ্ৰাসনৰ তথ্য প্রকাশ পাইছে লাডাখ কেন্দ্রীয়শাসিত অঞ্চলৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ প্রতিবেদনত । প্রতিবেদনখন প্ৰস্তুত কৰি কেন্দ্ৰৰ হাতত দাখিল কৰিছে আৰক্ষী অধীক্ষক পি ডি নিত্যাই । এফালে ভাৰতে চীনক এক ইঞ্চি ভূমিও এৰি নিদিয়াৰ দম্ভালি মৰাৰ বিপৰীতে আৰক্ষী বিষয়াগৰাকীয়ে স্পষ্টকৈ কৈছে চীনৰ বেদখলৰ কথা । প্রতিবেদনখনত উল্লেখ কৰা হৈছে— ‘ প্ৰথমে ভাৰতীয় বাহিনীৰ টহল বন্ধ কৰাৰ পিচত পৰৱৰ্তী সময়ত চীনে আমাক এই সত্যটো মানি ল'বলৈ বাধ্য কৰে যে এই অঞ্চলসমূহত দীর্ঘদিন ধৰি ভাৰতীয় নিৰাপত্তা বাহিনী বা ভাৰতীয় নাগৰিকৰ উপস্থিতি প্রত্যক্ষ হোৱা নাই । এই অঞ্চলসমূহত চীনাসকলৰহে উপস্থিতি আছিল । ’ ভাৰতীয় সেনাবাহিনীয়ে মাত্র এটা বাফাৰ জ’ন সৃষ্টি কৰে এই সমস্ত পকেটৰ চৌপাশে । আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে যে চীনা সেনাবাহিনীয়ে সর্বোচ্চ চূড়াত অতি শক্তিশালী কেমেৰা স্থাপন কৰি ভাৰতীয় বাহিনীৰ গতি - বিধি পর্যবেক্ষণ কৰে আৰু যুদ্ধৰ উত্তেজনা প্রশমনৰ আলোচনাত বাফাৰ জনৰ সুবিধা গ্রহণ কৰে ।নিত্যাৰ এই প্রতিবেদনত প্ৰকাশ পাইছে যে এই কৌশলকে চীনা বাহিনীয়ে গালৱান উপত্যকাত প্ৰয়োগ কৰা দেখা গৈছিল । ২০২০ চনত গালৱানত টহল দিবলৈ যোৱা ভাৰতীয় বাহিনীৰ ওপৰত চীনা বাহিনীয়ে আক্রমণ চলোৱাত ২০ ভাৰতীয় জোৱানক নৃশংসভাৱে হত্যা কৰিছিল আৰু অতি কমেও চাৰিগৰাকী চীনা সেনা নিহত হৈছিল ।লাডাখৰ ৰাজধানী লেহ চহৰৰ অধীক্ষক পি ডি নিত্যাই লিখিছে— বর্তমান কাৰাকোৰাম পাছৰ পৰা চৌমুৰপৰ্যন্ত যি ৬৫ টা পেট্রলিং পইণ্ট আছে , সেইসমূহত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে নিয়মীয়াকৈ টহল দিয়া উচিত । কিন্তু এইসমূহৰ মাজৰ ২৬ টা পইণ্টতে আমাৰ বাহিনীৰ উপস্থিতি নাই । ' আৰক্ষী বিষয়াগৰাকীৰ প্ৰতিবেদনখনৰ মতে পেট্ৰ'লিং পইণ্ট ৫-১৭ , ২৪-৩২ আৰু ৩৭ ত ভাৰতীয় বাহিনীৰ টহল নাই । যোৱা সপ্তাহত নতুন দিল্লীত অনুষ্ঠিত হৈছিল সমগ্ৰ দেশৰ শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সন্মিলন । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল উপস্থিত থকা সন্মিলনত আৰক্ষী বিষয়া নিত্যাই দাখিল কৰা প্ৰতিবেদনখন দাখিল কৰা হয় । আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে যে তেওঁলোকে এগৰাকী ভাৰতীয় সেনা বিষয়াৰ লগত এই বিষয়ে ইউনিট ফৰৱাৰ্ড এলেকাত কৰা ( সীমান্ত ৰেখাৰ কাষত ) কথা পাতি পৰিস্থিতিৰ বুজ লৈছিল । 

No comments