Breaking News

চীনৰ চোৰাংচোৱা নেটৱৰ্ক সম্প্রতি বিশ্বজুৰি বিস্তাৰিত হৈছে



ডিজিটেল ডেস্ক.....
চীনৰ চোৰাংচোৱা নেটৱৰ্ক সম্প্রতি বিশ্বজুৰি  বিস্তাৰিত হৈছে... ব্রিটেইনৰ দৰে দেশৰো কোটি কোটি নাগৰিকৰ গোপন তথ্য হস্তগত কৰিবলৈ সক্ষম হৈছে । ব্ৰিটিছ চৰকাৰৰ এক দীঘলীয়া তদন্ত প্রক্রিয়াত এই কথা পোহৰলৈ আহিছে । ইয়াৰ বাবে চীনে কোনো গুপ্তচৰ নিযুক্তি দিয়া নাই । বৰঞ্চ ফ্রীজ , লেপটপ , ম'বাইল ফোন আৰু মিক্সাৰ গ্ৰাইণ্ডাৰৰ দৰে সামগ্ৰীত মাইক্ৰ চিপ্‌ছ সুমুৱাই গোপন তথ্য হস্তগত কৰি আছে । ব্ৰিটেইনৰ ঘৰে ঘৰে ব্যৱহৃত সামগ্ৰীসমূহত চীনে মাইক্ৰ'চিপ্‌ছ স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে ।  ব্যক্তিগত বাহনত ব্যৱহাৰ হোৱা যন্ত্র চীনে চোৰাংচোৱাগিৰিত ব্যৱহাৰ কৰা চিপ্‌ছ স্থাপন কৰিছে । আনকি এ দেশখনৰ মন্ত্ৰী আৰু সৰ্বসাধাৰণ নাগৰিককো সতৰ্ক কৰি দিয়া হৈছে । উল্লেখ্য যে ব্রিটেইনৰ কেইবাখনো বিশ্ববিদ্যালয়ে চীনৰ কোম্পানীৰ সৈতে প্রযুক্তিগত চুক্তি স্বাক্ষৰ কৰিছিল ।  চীনৰ কোম্পানীসমূহে ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ গৱেষণাৰ সৈতে জড়িত বিভিন্ন তথ্যও চোৰাং কৰিছে বুলি তদন্তত ' পোহৰলৈ আহিছে ।

No comments