Breaking News

ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে

 

 ডিজিটেল ডেস্ক: ডিব্ৰু - ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশ  সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা ল’বলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । সমাজকর্মী মনোজ হাজৰিকাই দাখিল কৰা ১৭/২০২২ নম্বৰ এখন ৰাজহুৱা স্বার্থ জড়িত আবেদনৰ ( পি আই এল ) শুনানি লৈ উচ্চ ন্যায়ালয়ে এই নির্দেশ দিছে ।  উদ্যানৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি কঢ়িয়াই উদ্যানখনত অবৈধভাৱে চলি আছিল স্কাইলেণ্ড ৰিজ'ৰ্ট । ৰিজ'টখনত পেৰাক্লাইডিং কৰিবলৈ গৈ শোকাৱহভাৱে মৃত্যুক সাবটি লৈছিল এজন যুৱকে।উদ্যানৰ ভিতৰত এনেদৰে অবৈধভাৱে ৰিজ'ৰ্ট চলি থকাক লৈ উচ্চ ন্যায়ালয়ত মনোজ হাজৰিকাই এখন পি আই এল দাখিল কৰে । এই পি আই এলখনৰ শুনানিকালতে চৰকাৰে আদালতক অৱগত কৰে যে ২০২২ চনৰ ২৬ জানুৱাৰীত তিনিচুকীয়াৰ জিলা দণ্ডাধীশে এক নির্দেশযোগে ‘ স্কাইলেণ্ড ৰিজ'ৰ্ট ’ বন্ধ কৰে । লগতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশ সুৰক্ষাকে ধৰি সকলো দিশ চোৱা - চিতাৰ বাবে এখন কমিটী গঠন কৰা হৈছে । উদ্যানখনৰ পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি কঢ়িয়াই কোনো বাণিজ্যিক কার্যকলাপ হ’বলৈ দিয়া নহ'ব বুলি কর্তৃপক্ষই আদালতত নিজৰ স্থিতি প্ৰকাশ কৰে ।  তথ্যৰ পিচতে আদালতে পি আই এলখন নিষ্পত্তি কৰি ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশ স্পর্শকাতৰ এলেকা সুৰক্ষাৰ বাৰে যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে ।

No comments