Breaking News

ৰাছিয়াৰ ইউক্ৰেইনৰ সংঘৰ্ষই এটা বছৰ পাৰ কৰিলে বৰং আক্ৰমণ কমি অহা নাই ৰাছিয়াৰ


 ডিজিটেল ডেস্ক: এটা বছৰ পাৰ কৰিলে  ৰাছিয়াৰ ইউক্ৰেইনৰ সংঘৰ্ষই  । হাজাৰ হাজৰ লোকৰ জীৱন  মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছতো আক্ৰমণ কমি অহা নাই ৰাছিয়াৰ । ৰাছিয়াই এইবাৰ মিছাইল আৰু ড্ৰ'নৰ সহায়ত আক্ৰমণ চলাইছে  দেওবাৰে  ইউক্ৰেইনৰ নিপ্ৰো  অঞ্চলত  এটা অট্টালিকাত আহি পৰা মিছাইল এটাই মূৰ্হততে ৩০ জন লোক নিহত হয়।  ৭৫ জনৰো অধিক লোক আহত  হয় এই আক্ৰমণত ভৱিষ্যতলৈ মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে ইউক্ৰেইনৰ চৰকাৰে  উদ্ধাৰ অভিযান চলি আছে যদিও ধ্বংসস্তূপৰ মাজত ৪০ জনৰো অধিক লোক আৱদ্ধ হৈ থকা বুলি জানিবলৈ পৰা গৈছে ।ইউক্ৰেইনৰ বায়ু সেনাই সদৰী কৰা অনুসৰি, যোৱা  বছৰ জুলাই মাহতো একেই মিছাইল ইউক্ৰেইনৰ এটা  শ্বপিং মলত আহি পৰিছিল যি এক বিস্তৰ ক্ষতি সাধন কৰিছিল ।এই বিশেষ মিছাইলবিধ কোনো নিৰ্দিষ্ট লক্ষ্যভেদৰ বাবে ব্যৱহাৰ কৰা নহয়, বৰং বিস্তৰ ক্ষতি সাধনৰ বাবেহে ব্যৱহাৰ কৰা হয় । এই কথা স্পষ্ট হৈ পৰে যে আক্ৰমণৰ লক্ষ্য  কোনো নিৰ্দিষ্ট অঞ্চল নাছিল বৰং নিৰীহ লোকৰ  প্ৰাণ কাঢ়ি লোৱাৰ হে পৰিকল্পনা আছিল ৰাছিয়াৰ ।

No comments