Breaking News

চিকেনপক্সত সংক্ৰমিত উত্তৰ প্ৰদেশ প্ৰাথমিক বিদ্যালয়ৰ ৯ জন শিক্ষাৰ্থী আৰু শিক্ষক



উত্তৰ-প্ৰদেশৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ  শিক্ষাৰ্থী আৰু এগৰাকী শিক্ষকসহ মুঠ ৯জনৰ  চিকেনপক্সত সংক্ৰমিত হোৱা তথ্য প্ৰকাশ কৰিছে এগৰাকী চিএইচচি চিকিৎসকে । 

এই সন্দৰ্ভত বক্তব্য ৰাখি কমিউনিটি হেল্থ চেণ্টাৰৰ (চিএইচচি) অধীক্ষক ড০ সাকেত বিহাৰী শৰ্মাই দেওবাৰে কয় যে সোহাঁ উন্নয়ন খণ্ডৰ গোবিন্দপুৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ৯ জন শিশু চিকেনপক্সৰ দ্বাৰা প্ৰভাৱিত হৈছে। খণ্ড শিক্ষা বিষয়া লালজীয়েও নিশ্চিত কৰিছে যে বিদ্যালয়খনৰ সহকাৰী শিক্ষক বিবেক কুমাৰো এই ৰোগত আক্ৰান্ত হৈছে। বিদ্যালয়ৰ সূত্ৰ অনুসৰি, ২ ফেব্ৰুৱাৰীত গোবিন্দপুৰ প্ৰাথমিক বিদ্যালয়লৈ অহা একাংশ শিশুৰ মুখত ৰঙা দাগ প্ৰত্যক্ষ কৰিছিল। লগতে  কৈছিল যে কিছুমান শিশুৱে কিছুদিন আগতে মুখৰ ৰঙা দাগসহ লক্ষণসমূহে দেখা দিছিল। ইয়াৰোপৰি অধীক্ষক ড০ সাকেত বিহাৰী শৰ্মাই উল্লেখ কৰিছিল যে শুক্ৰবাৰে, বিদ্যালয়ৰ পৰা শিশুসকল চিকেনপক্সত আক্ৰান্ত হোৱাৰ বিষয়ে তথ্য প্ৰাপ্ত হোৱা লাভ কৰোঁ। ইয়াৰ পিছত, ঔষধ বিতৰণৰ লগতে, স্বাস্থ্য বিভাগৰ দলে চিকিৎসা আৰু প্ৰতিৰোধৰ বাবে  প্ৰচেষ্টা আৰম্ভ কৰিছে।


No comments