Breaking News

এমাহে সন্ধান নাই লিডুৰ কয়লা খনিত কৰ্মৰত যুৱকৰ...




ডিজিটেল ডেস্ক: এমাহে সন্ধান নাই লিডুৰ কয়লা খনিত কৰ্মৰত যুৱকৰ....তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ লালমাটিত অবৈধ কয়লাখনিত শ্ৰমিকে কৰুণভাৱে অকাল মৃত্যুক সাবটি লোৱা ঘটনাৰ পাছতে পুনৰ অবৈধ কয়লা খননত নিয়োজিত তিনিচুকীয়াৰ এজন প্রায় ২৪ বছৰীয়া যুৱক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে ।  এমাহে সন্ধান নাই লিডুৰ কয়লা খনিত কৰ্মৰত যুৱক  মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ  ‘ কমল চাহাব ’ বুলি পৰিচিত ব্যক্তিজনৰ অধীনত কয়লাখনিত শ্রমিক হিচাপে কাম কৰাৰ বাবে ৰাওনা হৈছিল..... মাকুম অঞ্চলৰ শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণ । সপ্তাহ , দহদিনৰ মূৰে মূৰে ঘৰলৈ অহা প্ৰাঞ্জল ডিচেম্বৰৰ শেষৰ পৰা ৬ জানুৱাৰীলৈকে ঘৰতে আছিল । ৬ জানুৱাৰীত পুনৰ কামলৈ বুলি ওলাই যোৱা প্ৰাঞ্জলে কৰ্মস্থলীত চাৰ্জ দিবলৈ অসুবিধা হোৱাৰ বাবে নিজৰ ম'বাইলটো ঘৰতে থৈ গৈছিল । ১২ জানুৱাৰীলৈকে আনৰ ম'বাইলৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ ৰখা প্রাঞ্জল বিহুৰ বাবে ঘৰলৈ অহাৰ কথাও আছিল । কিন্তু ৰহস্যজনকভাৱে ১২ জানুৱাৰীৰ পাছৰ পৰা যুৱকজনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ।  সহকর্মীলৈ ফোন কৰি যুৱকজনৰ সন্ধান লাভৰ অশেষ চেষ্টা কৰে যদিও কাৰো পৰা কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহয় ।প্ৰাঞ্জলৰ পৰিয়ালে যুৱকজনৰ সন্ধান্ত ১ ফেব্ৰুৱাৰীত নিজে গৈ লিডুত উপস্থিত হয় আৰু কয়লা খননৰ লগত জড়িত একাধিক ব্যক্তিক সোধ - পোছ কৰি প্ৰাঞ্জলৰ সন্ধান উলিওৱাৰ প্ৰয়াস কৰে । একাংশ লোকে যুৱকজন পূর্বে দেখা বুলি কয় যদিও বর্তমান তেওঁ ক'ত সেই সন্দৰ্ভত অজ্ঞতা প্রকাশ কৰে । ২ ফেব্ৰুৱাৰীৰ পুৱা তেওঁলোকৰ ঘৰত উপস্থিত হয় লক্ষ্মীপথাৰৰ হবেণ গগৈ ( মুন ) নামৰ এজন লোক । উক্ত ব্যক্তিজনে লেখাপানী অঞ্চলত প্রাঞ্জলৰ মৃত্যুৰ খবৰ জাহিৰ কৰে । এই কথা শুনামাত্ৰেই প্ৰাঞ্জলৰ ঘৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । প্ৰাঞ্জলৰ পৰিয়ালে ঘটনাস্থলীলৈ তেওঁলোকক লৈ যোৱাৰ বাবে উক্ত ব্যক্তিজনক অনুৰোধ কৰে যদিও ব্যক্তিজনে অজুহাত দেখুৱাই জনৈক ধ্যান মিলি নামৰ আন এজন ব্যক্তিৰ লগত যোগাযোগ কৰিবলৈ কয় । সেইমতে পৰিয়ালৰ লোকে গাঁৱৰ কেইজনমান ব্যক্তিৰ সৈতে লেখাপানীত উপস্থিত হয় । তাত তেওঁলোকে কয়লাৰ চোৰাং বেহাৰ লগত জড়িত চক্ৰটোৰ জনৈক ৰাজা , কমল চাহাবকে ধৰি একাধিক ব্যক্তিক লগ পাই যদিও প্রাঞ্জলৰ বিষয়ে কোনো পতিয়নযোগ্য উত্তৰ লাভ নকৰে । বৰং কয়লা মাফিয়া চক্রই দায়সৰা উত্তৰ দি সমগ্ৰ বিষয়টোৰ পৰা গা এৰা দিবলৈ বিচাৰে বুলি অভিযোগত প্রকাশ । তদুপৰি , সেই ব্যক্তিসকলে উক্ত দিনা প্ৰাঞ্জলৰ পৰিয়ালৰ সৈতে গাঁৱৰ অন্যান্য লোক থকাৰ বাবে বিশেষ কথা কোৱাৰ দায়সৰা উত্তৰ দি সমগ্ৰ বিষয়টোৰ পৰা গা এৰা দিবলৈ বিচাৰে বুলি অভিযোগত প্রকাশ । মাত্র কেইদিনমানপূর্বে লিডুৰ টিৰাপ কলিয়ৰীৰ লালমাটিত কয়লাৰ অবৈধ খননৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত জিলাখনৰ বৰডুমচাৰ কাৰ্তিক গোৱালা আৰু মাকুমৰ পশ্চিম মামৰণীৰ বিজয় মূঢ়া নামৰ দুজন শ্রমিক কৰুণভাৱে মৃত্যুমুখত পৰিছিল । মৃত শ্রমিকদ্বয়ে ক্ষিতিচ দেৱনাথ নামৰ ব্যক্তিজনৰ ভাটাত কয়লা যোগান ধৰাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । কিন্তু দুৰ্ঘটনাৰ পাছতে পাছতে সমগ্ৰ কাওক গাপ দিয়াৰ বাবে তৎপৰ হৈ উঠে কয়লা মাফিয়া চক্র । কয়লাৰ চোৰাং বেহাৰ লগত জড়িত চক্ৰই অতি কৌশলেৰে দুই শ্রমিকৰ মৃতদেহ পৰিয়ালক চমজাই দি মৰণোত্তৰ পৰীক্ষা অবিহনেই গোপনে সৎকাৰ কৰিবলৈ বাধ্য কৰে । ৰহস্যজনকভাৱে উক্ত ঘটনা সন্দৰ্ভতো মাৰ্ঘেৰিটা আৰক্ষীৰ হাতত কোনো তথ্য নাছিল । লিডু , মাৰ্ঘেৰিটাৰ অবৈধ কয়লাখনিত শ্রমিকৰ অকাল মৃত্যুৰ ঘটনা কোনো নতুন কথা হৈ থকা নাই । ইয়াৰ পূৰ্বেও একাধিকবাৰ এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু প্ৰায় প্ৰতিবাৰেই সমগ্ৰ ঘটনাক গাপ দিবলৈ সক্ষম হৈছে প্ৰভাৱশালী কয়লা মাফিয়া চক্র ।

No comments