Breaking News

১২ লাখ পঞ্জীয়ণভুক্ত শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰিছে ।



ডিজিটেল ডেস্ক..অসমত এই মুহূর্তত প্রায় ১২ লাখ পঞ্জীয়ণভুক্ত শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰি বিচাৰি হাহাকাৰ কৰিছে । চৰকাৰী চাকৰি লাভ নকৰি বহু শিক্ষিত নিবনুৱাই কৃষি কৰ্মত হাত দিছে । ধাৰ ঋণ লৈ কৃষি কৰ্ম কৰিলেও খেতিয়কৰ যেন নিস্তাৰ নাই । খেতিতে সপোন দেখা বহু খেতিয়কৰ সপোন যেন কলিতে মৰহি গৈছে এইখন অসমত । ৰাজ্য চৰকাৰে কৃষকৰ বাবে এখনৰ পাছত এখনকৈ অভিলাষী আঁচনি গ্ৰহণ কৰাৰ সময়তে অসমত কৃষকৰ আত্মহত্যাৰ ঘটনাই দেশৰ ভিতৰতে অনাকাংক্ষিত অভিলেখ গঢ়িছে । আপুনি শুনিলে আচৰিত যেন লাগিলেও অসম মুলুকত মাত্র এটা বছৰ ব্যৱধানতে কৃষকৰ আত্মহত্যাৰ ঘটনা ১২ গুণ পর্যন্ত বৃদ্ধি পাইছে । অসমৰ সচেতনমহলক উদ্বিগ্ন কৰিব পৰা এই ভয়ংকৰ তথ্য প্রকাশ পাইছে দেশৰ সংসদৰ মজিয়াত । অসমৰ কৃষকে চৰম পন্থা বাছি লোৱা উক্ত তথ্য লোকসভাত ৰাজহুৱা কৰিছে কেন্দ্ৰীয় কৃষিমন্ত্রী নৰেন্দ্র সিং তোমৰে । পূৰ্বতে মহাৰাষ্ট্ৰ , অন্ধ্রপ্রদেশ , পঞ্জাব , হাৰিয়ানা আদি ৰাজ্যৰ ঋণগ্রস্ত কৃষকে আত্মহত্যা কৰাৰ খবৰে সংবাদ শিরোনাম দখল কৰিছিল যদিও এতিয়া যেন অসমৰ সৰ্বস্বান্ত কৃষকৰ কৰুণ গাঁথাই ৰাষ্ট্ৰীয় সংবাদ শিৰোনাম দখল কৰিছে । বিশেষকৈ মহামাৰী কভিডে কোঙা কৰি যোৱাৰ পাছতেই অসমৰ দুৰ্ভগীয়া কৃষকসকলৰ বাবে যেন আত্মহননৰ বিকল্প নোহোৱা হৈ পৰিছে । কেন্দ্ৰীয় কৃষিমন্ত্ৰীয়ে সংসদত দাখিল কৰা প্ৰতিবেদনতে আকস্মিকভাৱে অসমত কৃষকৰ আত্মহত্যাৰ ঘটনাৰ ১২ গুণ পর্যন্ত বৃদ্ধি পোৱা উদ্বেগজনক তথ্য প্রকাশ পাইছে । সংসদত প্ৰকাশ পোৱা প্রতিবেদন অনুসৰি অসমত ২০২১ বৰ্ষত ১৫৩ জন কৃষক আপোনঘাটি হয় । অঞ্চ ইয়াৰ পূৰ্বৰ বৰ্ষ অর্থাৎ ২০২০ বৰ্ষত ১২ জন অসমৰ কৃষকে আত্মহত্যা কৰিছিল । আনহাতে ২০১৯ বৰ্ষত ২৬ জন কৃষকে আত্মহননৰ পথ বাছি লৈছিল । এককথাত মাত্র দুটা বৰ্ষৰ ব্যৱধানতে অসমৰ দৰে অনুন্নত ৰাজ্যত দুই শতাধিক কৃষকে জীৱনৰ মায়া ত্যাগ কৰি চৰম পন্থা বাছি ল'বলৈ বাধ্য হৈছিল । কেন্দ্ৰীয় চৰকাৰৰ তথ্যত প্ৰকাশ পোৱা মতে কৃষকৰ আত্মহত্যাৰ তালিকাত দেশৰ ভিতৰতে ষষ্ঠ স্থানত আছে অসম । মাত্র তিনিটা বছৰতে অসমত সৰ্বমুঠ ১৯১ জন কৃষকে আত্মহত্যা কৰিছে । আনহাতে বিগত তিনিটা বর্ষ অর্থাৎ ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত কৃষকৰ আত্মহত্যাৰ ঘটনাৰ দেশৰ শীৰ্ষত আছে মহাৰাষ্ট্ৰ । এই সময়ছোৱাত মহাৰাষ্ট্ৰত ৭৮৮৭ টা জন কৃষকে আত্মহত্যা কৰিছে । তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্রমে কর্ণাটক আৰু অন্ধপ্রদেশ । উক্ত সময়ছোৱাত কৰ্ণাটকত ৩,৫৭৩ টা আৰু অন্ধ্ৰপ্ৰদেশত ১৬৭৩ টা কৃষকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে । লক্ষণীয়ভাৱে ২০২১ বৰ্ষত অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল , মণিপুৰ আৰু মিজোৰামত এটাও কৃষকৰ আত্মহত্যাজনিত ঘটনা সংঘটিত হোৱা নাই ৷ অৱশ্যে উক্ত বৰ্ষটোত নাগালেণ্ডত এজন আৰু মেঘালয়ত ৩ জন কৃষকে আত্মহত্যা কৰিছে । তথ্য অনুসৰি বিগত তিনিটা বৰ্ষত দেশত মুঠ ১৬ হাজাৰ ৮৫৪ জন কৃষকে আত্মহত্যাৰ পথ বাছি লৈছে । লোকসভাত টিডিপি সাংসদ কেছিনেনী শ্রীনিবাসে কৰা এটা প্ৰশ্নৰ উত্তৰত এই তথ্য পোহৰলৈ আহিছে । সাংসদজনে কৃষকৰ আত্মহত্যাৰ বিষয়ে অন্ধ্ৰপ্ৰদেশৰ তথ্যৰ লগতে আন ৰাজ্য সমূহৰো তথ্য বিচাৰিছিল । দেশত কৃষকৰ আত্মহত্যাৰ এই উদ্বেগজনক তথ্যৰ সময়তে আশ্চর্যজনকভাৱে চৰকাৰে কৃষি খণ্ডৰ বাবে নিৰ্দ্ধাৰিত বাজেট হ্রাস কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । বিত্ত মন্ত্রণালয়ৰ তথ্য মতে ২০২২-২৩ বৰ্ষৰ কৃষি বাজেট আছিল ১ , ৫১ , ৫২১ কোটি টকা । ইয়াৰ বিপৰীতে এইবাৰ ধাৰ্য কৰা হৈছে ১ , ৪৪ , ২১৪ কোটি টকা । অর্থাৎ পূর্বতকৈ কৃষি বাজেট কমিল ৭ , ৩০৭ কোটি টকা । তদুপৰি কেন্দ্ৰীয় বাজেটত এইবাৰ প্ৰধানমন্ত্রী ফচল বীমা যোজনাৰ পুঁজিও বহু হ্রাস হৈছে । পূৰ্বৰ বিত্তীয় বৰ্ষত ফচল বীমা যোজনাৰ বাজেট আছিল ১৫,৫০০ কোটি টকা । এইবাৰ ফচল বীমা বাজেটত ধার্য কৰিছে ১৩ , ৬২৫ কোটি টকা । পি এম কিষাণ যোজনাৰ বাজেটো পূৰ্বৰ বৰ্ষত আছিল ৬৮ হাজাৰ কোটি টকা । আনহাতে এইবাৰ ধাৰ্য কৰা হৈছে ৬০ হাজাৰ কোটি টকা ।

No comments