Breaking News

সজাগতামূলক অভিযানৰ বাবে বিধানসভা কমিটীয়ে দিয়া পৰামৰ্শও অগ্রাহ্য চৰকাৰৰ

 


ডিজিটেল ডেস্ক: সজাগতামূলক অভিযানৰ বাবে বিধানসভা কমিটীয়ে দিয়া পৰামৰ্শও অগ্রাহ্য চৰকাৰৰ : ২০১৭-১৮ বৰ্ষৰ পৰাই সজাগতাৰ বাবে বাজেটত ধন ধার্য কৰাৰ পিচতো নহ'ল ব্যয়... বাল্য বিবাহ নিরোধক আইন ২০০৬ ৰ ১৬ নং দফা অনুসৰি ৰাজ্য চৰকাৰে পোনতে বাল্য বিবাহ প্ৰতিৰোধ বিষয়া নিয়োজিত কৰাটো বাধ্যতামূলক । আনহাতে একেখন আইনৰ ১৯ নং দফামতে ৰাজ্য চৰকাৰে উক্ত আইন সংক্রান্তীয় নির্দিষ্ট বিধি প্রণয়ন কৰি বিধানসভাত অনুমোদন কৰাব লাগে । ৰাজ্যখনত বাল্য বিবাহ প্ৰতিৰোধ আইন অনুসৰি কোনো বিধিয়েই প্ৰৱৰ্তন হোৱা নাই । বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান চলাৰ পিচতহে এক অধিসূচনাযোগে ৰাজ্যৰ গৃহ বিভাগে বাল্য বিবাহ প্ৰতিৰোধ বিষয়া হিচাপে দায়িত্ব ন্যস্ত কৰিছে গাঁও পঞ্চায়তৰ সচিবসকলক । গৃহ ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্র স্বাক্ষৰিত অধিসূচনাখনতে উল্লেখ আছে যে বাল্য বিবাহবিৰোধী আইন অনুসৰি তেওঁলোকক এই দায়িত্ব ন্যক্ত কৰা হৈছে আৰু সেইমর্মে বাল্য বিবাহ প্ৰতিৰোধ বিষয়াসকলে তেনে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিব লাগিব ।কোনো বিধি প্ৰৱর্তন বা বাল্য বিবাহ প্ৰতিৰোধ বিষয়া নিয়োজিত কৰাৰ আগতেই ৰাজ্য চৰকাৰে আৰক্ষীৰ হতুৱাই হেজাৰ হেজাৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰা হ'ল । অথচ নির্দিষ্ট আইনখনৰ ১৩ ( ১ ) ধাৰাৰ অধীনত আৰক্ষীক কোনো প্রত্যক্ষ ক্ষমতা দিয়া হোৱা নাই ।  বিধায়ক গোবিন্দ বসুমতাৰীক অধ্যক্ষ আৰু শাসক - বিৰোধীৰ ২৪ গৰাকী বিধায়কক সদস্য হিচাপে লৈ গঠিত বিধানসভাৰ সমাজ কল্যাণ বিভাগ সংক্রান্তীয় স্থায়ী কমিটীখনে যোৱা ৪ ৮-২০২১ তাৰিখে বিধানসভাত দাখিল কৰা প্ৰতিবেদনত বাল্য বিবাহক সামাজিক ব্যাধি হিচাপে মত প্ৰকাশ কৰি ইয়াক অৱসান ঘটোৱাৰ বাবে সকলো জনগোষ্ঠীৰ মাজত সজাগতামূলক অভিযান চলোৱাৰ বাবেহে পৰামৰ্শ দিছিল আৰু এইক্ষেত্ৰত ৰাজ্যিক শিশু সুৰক্ষা সমিতি তথা জিলা পৰ্যায়ৰ শিশু সুৰক্ষা গোটসমূহৰ দায়বদ্ধতা আৰু কৰণীয়খিনি উনুকিয়াই দিছিল । আনকি এই সজাগতামূলক অভিযানৰ বাবে ২০১৭-১৮ বৰ্ষৰ পৰাই ৰাজ্যিক বাজেটত পুঁজি ধাৰ্য হোৱাৰ কথাও প্রতিবেদনত উল্লেখ আছিল .. ' ২০২০-২১ বৰ্ষৰ ৰাজ্যিক বাজেটতো বাল্য বিবাহৰ দৰে সামাজিক কু সংস্কাৰৰ বিৰুদ্ধে সজাগতামূলক অভিযানৰ কথা ঘোষণা কৰি একমাত্র সেইটো বিত্তীয় বৰ্ষতে ১০ কোটি টকা ধার্য কৰা বুলি কোৱা হৈছিল ।

No comments