Breaking News

আন্তঃৰাষ্ট্ৰীয় বজাৰত কমিছে খাৰুৱা তেলৰ দাম

 


ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় বজাৰত কমিছে খাৰুৱা তেলৰ দাম । শেহতীয়াকৈ প্ৰতি লিটাৰ পেট্ৰলত ২০ শতাংশ ইথানলো মিহলি কৰা হৈছে । কিন্তু ইয়াৰ পাছতো হ্রাস পোৱা নাই পেট্ৰল আৰু ডিজেলৰ দাম । আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ গইনা লৈ পেট্রল - ডিজেলৰ দাম প্রতিদিনেই বৃদ্ধি কৰা মোদী চৰকাৰ এতিয়া নীৰৱ । আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰল ডব্লিউ টি আই খাৰুৱা তেলৰ দাম আছিল ৭৯.৭২ ডলাৰ । প্রতি বেৰল ব্ৰেণ্ট খাৰুৱা তেলৰ দাম আছিল ৮৬.৩৯ ডলাৰ ।যোৱা আঠ ফেব্ৰুৱাৰীত প্ৰতি বেৰল ডব্লিউ টি আই খাৰুৱা তেলৰ দাম ৭৭.৩৪ ডলাৰ আৰু প্ৰতি বেৰল ব্ৰেণ্ট খাৰুৱা তেলৰ দাম আছিল ৮২.৩৪ ডলাৰ ।  বিগত বৰ্ষৰ এপ্ৰিল মাহত প্রতি বেৰল খাৰুৱা তেলৰ দাম আন্তঃৰাষ্ট্ৰীয় বজাৰত ১৪০ ডলাৰলৈ বৃদ্ধি পাইছিল । সেই সময়ৰ তুলনাত আজিৰ তাৰিখত খাৰুৱা তেলৰ দাম আক্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৬০-৫৫ ডলাৰ হ্রাস পালে ।আজিৰ তাৰিখত গুৱাহাটীত প্ৰতিলিটাৰ পেট্রল ৯৭.৩২ টকাত বিক্ৰী হৈ থকাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেল ৮৮.৫৯ টকাত বিক্ৰী হৈ আছে । একেদৰে দিল্লীত প্ৰতিলিটাৰ পেট্রল ৯৬.৭২ টকা, ডিজেল ৮৯.৬২ টকা , চেন্নাইত প্ৰতিলিটাৰ পেট্‌ল ১০২.৬ টকা , ডিজেল ১৯.৫২ টকাত , কলকাতাত প্ৰতিলিটাৰ পেট্রল ১০৬.০৩ টকাত , ডিজেল ৯৩.৯০ টকাত , মুম্বাইত প্ৰতিলিটাৰ পেট্ৰল ১১১.৩ টকাত , ডিজেল ৯৩.১৫ টকাত বিক্ৰী হৈ আছে । সমগ্ৰ দেশত প্ৰতিলিটাৰত দহ শতাংশ মিহলি পেট্রল বিক্ৰী হৈ থকাৰ পাছত শেহতীয়াকৈ ইথানল ব্লেণ্ডিং প্ৰগেম ' প্ৰকল্পৰ অধীনত পেট্রলত ২০ শতাংশ ইথানল মিহলোৱা হৈছে । আনকি পেট্রলিয়াম মন্ত্রী হৰদ্বীপ সিং পুৰীয়ে ইথালনযুক্ত কৰিলে পেট্ৰলৰ দাম যথেষ্ট হ্রাস পাব বুলিও মত প্ৰকাশ কৰিছিল । ২০ শতাংশ ইথানল মিহলি হোৱাৰ পাছতো একেই আছে পেট্ৰলৰ দাম । ইফালে কেন্দ্ৰীয় মন্ত্রীজনে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি দাম হ্ৰাস কৰাৰ ক্ষেত্ৰত তেল কোম্পানীসমূহকো বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ আহ্বান জনাইছিল । ।আজিৰ তাৰিখত প্ৰতিলিটাৰ পেট্ৰলত তৈল কোম্পানীসমূহৰ দহ টকা লাভ হয় ।তৈল কোম্পানীসমূহে বিগত বৰ্ষত তেওঁলোকৰ প্ৰায় ২৭ হাজাৰ কোটি টকা লোকচানৰ  তথ্য অনুসৰি কেতিয়াবাই তেল কোম্পানীসমুহে এই লোকচান পূৰ কৰিবলৈ সক্ষম হৈছে । আনকি যোৱা অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহলৈকে তৈল কেম্পানী আই অ ' চিয়ে ২৪০০ টকা , বি পি চি এলে ১৮০০ টকা আৰু এইচ পি চি এলে ৮০০ টকা লাভ কৰিবলৈ সক্ষম হৈছে ।  তৈল কেম্পানীসমূহৰ দৰেই চৰকাৰেও প্ৰতি বছৰে পেট্রল , ডিজেলৰ পৰা কৰ হিচাপে বৃহৎ অংকৰ ৰাজহ সংগ্ৰহ কৰি আছে । ২০২১-২২ বিত্তীয় বৰ্ষতে কেন্দ্রই পেট্রলজাত সামগ্ৰীৰ পৰা কৰ হিচাপে মুঠ ৪,৯২,৩০৩ কোটি টকা আৰু ৰাজ্যসমূহে ২,৮২,১২২ কোটি টকাকে ধৰি মুঠ ৭,৭৪,৪২৫ কোটি টকা কৰ হিচাপে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । 

No comments