Breaking News

মাৰ্ঘেৰিটাতো চলি আছে শিল , বালিৰ বৃহৎ ছিণ্ডিকেটৰ লগতে মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত অবাধ হাৰত চলিছে বনজ সম্পদ ব্যাপক লুণ্ঠন..



ডিজিটেল ডেস্ক: ৰাজ্যত শিল , বালি , ইটাৰ বৃহৎ ছিণ্ডিকেট চলি থকাৰ পিচতো মৌন অসম চৰকাৰৰ বিয়াগোম বন বিভাগ । মাৰ্ঘেৰিটাতো চলি আছে শিল , বালিৰ বৃহৎ ছিণ্ডিকেট । ডিগবৈৰ বন সংমণ্ডলৰ অধীনষ্ঠ মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত অবাধ হাৰত চলিছে বনজ সম্পদ ব্যাপক লুণ্ঠন । অবৈধভাৱে বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে একাংশ চোৰাং ব্যৱসায়ীয়ে ।অনুজ্ঞাপত্ৰ অবিহনেই মাৰ্ঘেৰিটা মহকুমাৰ পূব , পশ্চিম , জাগুন আৰু লেখাপানী বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন দিহিং আৰু টিৰাপ নদীৰ বিভিন্ন ঘাটৰ পৰা অবৈধভাৱে শিল - বালিৰ খনন আৰু সৰবৰাহ অব্যাহত ৰাখিছে । ডিগবৈৰ ডি এফ অ’  গৰাকীৰ পৃষ্ঠপোষকতাত মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানত শিল , বালিৰ অবৈধ বেহা চলি থকাৰ অভিযোগ কৰিছে বিভিন্ন দল - সংগঠনে । মাৰ্ঘেৰিটা মহকুমাৰ পূব বনাঞ্চলিক কার্যালয়ৰ এলেকাধীন লামা ঘাট , বৰগোলাইৰ জামদাৰবস্তি , লিডুৰ মোলাং অঞ্চলৰ কেইবাটাও নদীৰ ঘাটত অবৈধভাৱে জে চি বিৰে একাংশ চোৰাং ব্যৱসায়ীয়ে বালিৰ অবৈধ খনন অব্যাহত ৰাখিছে ।কমিছনত ব্যস্ত থকা ডিগবৈৰ ডি এফ অ ’ টি চি ৰঞ্জিত ৰামে চোৰাং কার্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে দুৰ্নীতি - অনিয়মৰ সপক্ষেহে নিজৰ স্থিতি গ্ৰহণ কৰাত হতভম্ব হৈ পৰিছে সচেতন মহল । কেৱল ডিগবৈৰ ডি এফ অ ’ টি চি ৰঞ্জিত ৰামেই নহয় , এইক্ষেত্ৰত বিভাগৰ একাংশ দুর্নীতিগ্রস্ত ৰেঞ্জাৰ আৰু বন বিষয়া , কৰ্মচাৰীৰ প্ৰত্যক্ষ সহযোগতে মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত অবিৰতভাৱে দিনে - নিশাই শিল - বালিৰ অবৈধ বেহা চলি থকাৰ ভয়ংকৰ অভিযোগ উঠিছে । লিডুৰ মোলাং অঞ্চলৰ কেইবাটাও নদীৰ ঘাটত অবৈধভাৱে জে চি বিৰে একাংশ চোৰাং ব্যৱসায়ীয়ে বালিৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে ।ইফালে চোৰাং কাঠ মাফিয়াই মাৰ্ঘেৰিটা মহকুমাৰ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী টিংকুপানী , নামফাই , টিপং , পাহাৰপুৰ , নামদাং আদি বনাঞ্চলৰ মূল্যৱান গছসমূহ এফালৰ পৰা ধ্বংস কৰি আহিছে । অতি গোপনে চুবুৰীয়া ৰাজ্য জয়ৰামপুৰ , নামপং আদিত থকা ভেনিয়াৰ মিলসমূহলৈ কাঠ মাফিয়াই কাঠসমূহ যোগান ধৰি আহিছে । আৰু সেই মিলৰ পৰাই মাৰ্ঘেৰিটা মহকুমাৰ মাজেৰে দেশৰ বিভিন্ন প্লাইউড উদ্যোগলৈ ভেনিয়াৰ পাত সুদীৰ্ঘ বছৰে সৰবৰাহ হৈছে । ডিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰীগৰাকীৰ পৃষ্ঠপোষকতাতেই এনে বেহাই প্ৰসাৰণ লাভ কৰিছে যদিও মৌন অসম চৰকাৰৰ বিয়াগোম বন বিভাগ।

No comments