Breaking News

সংসদৰ ভিতৰে বাহিৰো ক’তো নাই বাকস্বাধীনতাঃ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

 



 কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে শনিবাৰে কয় যে দেশত বাক স্বাধীনতা নাইকিয়া হৈ পৰিছে। ঝাৰখণ্ডৰ এক ৰেলীত অংশগ্ৰহণ কৰি সাংবাদিকক সম্বোধন কৰি খাৰ্গে ক্ষোভ প্ৰকাশ কৰে আৰু অভিযোগ কৰে যে সংসদত তেওঁৰ ভাষণৰ কিছু অংশ আঁতৰ কৰা হৈছে। সংসদৰ ভিতৰত বাক স্বাধীনতা নাই, বা বাহিৰতো নাই... যিসকলে মাত মাতিবলৈ সাহস কৰে তেওঁলোকক কাৰাগাৰৰ ভিতৰত ৰখা হয়।

বৰ্ধিত মুদ্ৰাস্ফীতিক লৈ বিজেপিক সমালোচনা কৰি খাৰ্গে কয় যে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতিৰে গেৰুৱা দলটো ২০১৪ চনত ক্ষমতালৈ আহিছিল, কিন্তু ক্ষমতালৈ অহাৰ পিছৰে পৰা অত্যাৱশ্যকীয় সামগ্ৰী মূল্য আৰু দৰিদ্ৰতাৰ সংখ্যা বৃদ্ধি পাইছে।

কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে আৰু লগতে কৈছিল যে  কংগ্ৰেছ এটা বিশাল পুৰণি দল । যি দলে দেশৰ আন্তঃগাঁথনি বিকশিত কৰিছিল আৰু ভাৰতৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। "এজন ব্যক্তি যাৰ সম্পত্তি ২০১৯ চনত ১ লাখ কোটি টকা আছিল । আঢ়ৈ বছৰত, ই ১৩ লাখ কোটি টকা হ'ল। সমগ্ৰ দেশৰ সম্পদ এহাতলৈ গ'ল। আমি এই বিষয়টো সংসদত উত্থাপন কৰিছিলো। উত্তৰ দিয়াৰ পৰিৱৰ্তে, চৰকাৰে ইয়াক অসংসদীয় বুলি অভিহিত কৰিছিল," খাৰ্গে কয়।

ইয়াৰ পূৰ্বে শুকুৰবাৰে খাৰ্গে কয় যে কংগ্ৰেছে আদানি বিষয়টো উত্থাপন কৰি থাকিব আৰু যদি চৰকাৰে গণতান্ত্ৰিকভাৱে কাম নকৰে, "মানুহে ইয়াৰ পৰা পৰিত্ৰাণ পাব"।

"মোডী চৰকাৰে আদানি গোটৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ যুটীয়া সংসদীয় সমিতিৰ তদন্ত কিয় কৰা নাই?  মোডীজী আৰু তেওঁৰ চৰকাৰে আনকি কাকো সংসদত আদানি শব্দটো উত্থাপন কৰিবলৈ অনুমতি নিদিয়াৰ কাৰণ কি?"  প্ৰশ্ন খাৰ্গেৰ। 


No comments