Breaking News

কাৰ্বি-আংলং শিলনিজানৰ শিক্ষাবিদ দেৱেন শৰ্মা (সোনটোৰ মৃত্যুত শোক




কাৰ্বি-আংলং জিলা শিলনিজানৰ সৰবৰাহী তথা শিক্ষাবিদ দেৱেন শৰ্মাৰ দেহাৱসান। আজি বিয়লি ৩ বজাত যোৰহাট মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে শৰ্মাই। শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৫ বছৰ। বৰপথাৰ অঞ্চলটোৰ এগৰাকী অগ্ৰণী তথা সমাজসংস্কাৰক শৰ্মাই মৃত্যু অঞ্চলটোৰ বাবে এক বৃহৎ ক্ষতি। কাৰ্বি-আংলং জিলাৰ বৰপথাৰৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়খন স্থাপনত শৰ্মাৰ আছিল ভূমিকা অপৰিসীম। শৰ্মাই বিদ্যালয়খনৰ প্ৰতিষ্ঠাকালত বিশেষভাৱে সহযোগিতা আগবঢ়োৱাৰ উপৰি বিদ্যালয়খনৰ শিক্ষকৰূপেও দায়িত্ব পালন কৰিছিল। অৱশ্যে নিয়মীয়াকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰূপে নিযুক্তি লাভ কৰাত বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পাঠদানৰ ক্ষেত্ৰত অব্যাহতি ল’ব লগা হৈছিল। উল্লেখণীয় যে বিদ্যালয়খনৰ শিক্ষকতাৰ পৰা অব্যাহতি লৈছিল যদিও বিদ্যালয়খনৰ সৰ্বতোপ্ৰকাৰ সহযোগিতা তথা দিহা-পৰামৰ্শ আগবঢ়াই আহিছিল। শৰ্মাই কাৰ্বি-আংলং জিলাৰ দিহিঙীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষকৰূপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰ পিছতে শৰ্মা বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল।

এনে এগৰাকী পৰপোকাৰী, সমাজসংগঠক তথা সৰবৰহী ব্যক্তিৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত শ্ৰীশ্ৰী দিছিৰীগঞা সত্ৰৰ সত্ৰাধিকাৰ তথা সমাজকৰ্মী অম্বিকা বল্লভ গোস্বামী, জননী লাইভৰ মুখ্য সম্পাদক তথা প্ৰবীণ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, প্ৰাক্তন অধ্যাপক বীৰেন দত্ত, প্ৰাক্তন শিক্ষক যাদৱ বৰুৱা, লেখিকা পৰিমীতা গোস্বামীকে ধৰি বিভিন্ন ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। 

মৃত্যুৰ সময়ত শৰ্মাই পত্নী, এগৰাকী কন্যা, এজন পুত্ৰসহ বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি গৈছে।

শিক্ষাবিদ দেবেন শৰ্মাৰ মৃত্যুত জননী লাইভে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

No comments