Breaking News

দেশৰ দ্বিতীয় বৃহৎ ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে অভিলেখসংখ্যক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে

ডিজিটেল ডেস্ক: দেশৰ দ্বিতীয় বৃহৎ ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগ প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে অভিলেখসংখ্যক লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে । বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকৰ অন্তত  প্ৰতিষ্ঠানটোৰ ..নয়ডাস্থিত কৰ্প'ৰেট কাৰ্যালয়ত অনুষ্ঠিত সঞ্চালক মণ্ডলীৰ ৫৪০ সংখ্যক বৈঠকত এই লাভ্যাংশৰ বিষয়ে ঘোষণা কৰা হয় । নয়ডাৰ কৰ্প'ৰেট কাৰ্যালয়ৰ পৰা প্রকাশিত এক প্ৰেছ বিবৃতিত অইল কর্তৃপক্ষই কয় যে খাৰুৱাতেল আৰু প্ৰাকৃতিক গেছৰ উন্নত মূল্য আৰু অধিক উৎপাদনৰ বাবে ২৩ বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকৰ অন্তত কৰপছাদ লাভৰ পৰিমাণে অভিলেখ ৰচিছে । ২০২৩ বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকৰ কৰপছাদ লাভ পৰিমাণ হৈছে ১,৭৪৬.১০ কোটি টকা । আনহাতে , ২০২২ বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকত ইয়াৰ পৰিমাণ আছিলৰ ১,২৪৪.৯০ কোটি টকা । সেইদৰে চলিত বিত্তীয় বৰ্ষৰ । তৃতীয় ত্রৈমাসিকত ২০২২ বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকৰ ব্যৱসায়িক লেনদেনত ( টার্নঅভাৰ ) কৈ ২৭.১৩ % বৃদ্ধি পাইছে । ৩১ ডিচেম্বৰ ২০২২ তাৰিখে সমাপ্ত হোৱা ৯ মাহৰ টার্নঅভাব ৩১ ডিচেম্বৰ ২০২১ সমাপ্ত হোৱা ৯ মাহৰ টানঅভাৰতকৈ ৬৩.১০ % বৃদ্ধি পাইছে । আনহাতে , খাৰুৱাতেল উৎপাদনত চলিত বিত্তীয় বৰ্ষৰ ২.৩৭৬ এমএমটি হোৱাৰ বিপৰীতে ২০২১ চনৰ ৩১ ডিচেম্বৰত সমাপ্ত হোৱা সময়ছোৱাত ইয়াৰ পৰিমাণ আছিল ২.২৬২ এমএমটি । যিটো বৃদ্ধিৰ পৰিমাণ হৈছে ৫.০৪ শতাংশ । একেদৰে চলিত বিত্তীয় বৰ্ষৰ তৃতীয় ত্রৈমাসিকত বিগত সময়তকৈ প্ৰাকৃতিক গেছৰ উৎপাদন ১.৬৪ % বৃদ্ধি পোৱা বুলি প্ৰেছ বিবৃতিটোত উল্লেখ কৰা হৈছে ..অসম চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াবৰ্গৰ উপস্থিতিত ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ৰ সভাকক্ষত কালি দুটা অ ’ এ এল পি ব্লকৰ বাবে অসম চৰকাৰে অইল ইণ্ডিয়া লিমিটেডৰ লগত পেট্‌লিয়াম অন্বেষণৰ অনুজ্ঞাপত্ৰৰ চুক্তি স্বাক্ষৰ কৰে । অসম চৰকাৰৰ হৈ ভূতত্ত্ব আৰু খনি সঞ্চালকালয় , অসমৰ সঞ্চালক তথা যুটীয়া সচিব আনন্দ কুমার দাস , এ চি এছ এ আৰু অইল ইণ্ডিয়া লিমিটেডৰ হৈ কাৰ্যকৰী সঞ্চালক জে পি পি দাসে এই চুক্তিপত্ৰত স্বাক্ষৰ কৰে । চুক্তি সম্পন্ন হোৱা অ ’ এ এল পি ব্লক দুখন হ'ল ক্ৰমে বৰপেটা , নলবাৰী , বাক্সা আৰু কামৰূপ জিলাৰ ২৪৪৫.৩০ বর্গ কিলোমিটাৰ সামৰি পাঠশালা ব্লক আৰু ওদালগুৰি , কামৰূপ আৰু দৰং জিলাৰ ১৮৪০,৮৭ বৰ্গ কিলোমিটাৰ সামৰি মঙলদৈ ব্লক । এই দুখন হ’ল ৰাজহ শ্বেয়াৰিং চুক্তি আৰু অসম চৰকাৰে ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে এই চুক্তি প্ৰদান কৰিছে । অইল ইণ্ডিয়া লিমিটেডে নামনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত পোন প্ৰথমবাৰৰ বাবে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ অন্বেষণৰ কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে । অইল ইণ্ডিয়া লিমিটেডে এই প্রকল্পত প্রায় ১২ কোটি টকা বিনিয়োগ কৰিব আৰু চলিত মাহৰ পৰাই ভূকম্পীয় জৰীপৰ কাম আৰম্ভ কৰিব । যদি এই অঞ্চলসমূহত আশা কৰাধৰণে প্রমাণিত হয় , তেনেহ'লে এই পদক্ষেপে নিশ্চিতভাৱে অসমৰ বাবে এক নতুন মাত্ৰা প্ৰদান কৰিব । 

No comments