Breaking News

উঃপূব ৰে'ললৈ ধনৰ আবণ্টন বৃদ্ধিৰ সময়তে হেমাহিৰ তথ্যও পোহৰলৈ..... পাঁচ বছৰে অনুমোদন পোৱা নাই বাজেটত অন্তর্ভুক্ত অসমৰ ৫ ৰে'ল প্ৰকল্পই ....

 



ডিজিটেল ডেস্ক.... উঃপূব ৰে'ললৈ ধনৰ আবণ্টন বৃদ্ধিৰ সময়তে হেমাহিৰ তথ্যও পোহৰলৈ..... পাঁচ বছৰে অনুমোদন পোৱা নাই বাজেটত অন্তর্ভুক্ত অসমৰ ৫ ৰে'ল প্ৰকল্পই .... অসমৰ বাবে অন্তৰ্ভুক্ত ৰে'ল প্ৰকল্পই পাঁচ বছৰে অনুমোদন লাভ নকৰাৰ এক অনিয়মৰ তথ্যও পোহৰলৈ আহিছে সংসদৰ মজিয়াত। সংসদত দাখিল কৰা সাধাৰণ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ ৰে'ল যোগাযোগৰ বিকাশৰ বাবে ১০,২৬৯ কোটি টকা ধার্য কৰাৰ কথা কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীয়ে ঘোষণা কৰিছিল । কিন্তু এই ঘোষণাৰ দুদিন পিচতে উত্তৰ - পূৰ্বাঞ্চলৰ ৰে'ল প্ৰকল্প সন্দৰ্ভত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সোধা এক প্রশ্নৰ উত্তৰত কেন্দ্রীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণরে আগবঢ়োৱা তথ্যত দেখা পোৱা গৈছে যে ২০১৭-১৮ বৰ্ষত বাজেটত অন্তর্ভুক্ত হোৱা অসমৰ পাঁচটা ৰে'ল প্রকল্পই এতিয়ালৈকে প্রয়োজনীয় অনুমতি লাভ কৰা নাই । এই প্রকল্পকেইটা হৈছে ক্ৰমে ৯৯ কিঃমিঃ  দৈৰ্ঘ্যৰ শালনা - ঘুমটাই , ৬২ কিঃমিঃ দৈৰ্ঘ্যৰ শিৱসাগৰ যোৰহাট আৰু ২৫ কিঃমিঃ  দৈৰ্ঘ্যৰ তেজপুৰ - শিলঘাট নতুন ৰে'ললাইন , ২১ কিঃমিঃ  দৈৰ্ঘ্যৰ কামাখ্যা - নিউ গুৱাহাটী তথা ৭ কিঃমিঃ  দৈৰ্ঘ্যৰ শৰাইঘাট দলঙৰ ৰে'ললাইন দ্বৈতকৰণ প্রকল্প । এই পাঁচটা প্রকল্প ২০১৭-১৮ চনৰ বাজেটত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও এতিয়ালৈকে ইয়াৰ কাৰণে প্ৰয়োজনীয় অনুমোদন ৰে'ল বিভাগে লাভ কৰা নাই । কেন্দ্ৰীয় ৰে'ল মন্ত্রীয়ে কৈছে যে যারতীয় অনুমোদনৰ ওপৰত এই প্রকল্পসমূহৰ ভৱিষ্যত্ নিৰ্ভৰ কৰিছে । ঠিক একেদৰে ৩৮১ কিঃমিঃ দৈৰ্ঘ্যৰ লামডিং - তিনিচুকীয়া ৰে'ললাইনৰ দ্বৈতকৰণৰ কাম ২০২০-২১ চনৰ বাজেটত অন্তর্ভুক্ত হৈছে যদিও এই প্ৰকল্পৰ কামো যাবতীয় অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিছে । এই প্রকল্পসমূহৰ উপৰি ১৪৩ কিঃমিঃ দৈৰ্ঘ্যৰ ৰঙিয়া হৈ নিউ বঙাইগাঁও - আগঠুৰি ৰে’ললাইনৰ দ্বৈতকৰণৰ কামৰ মাথোঁ ১৭.৫৩ কিঃমিঃ দৈৰ্ঘ্যৰ নিউ বঙাইগাঁও বিজনী অংশৰ কামহে সম্পূৰ্ণ হৈছে । একেদৰে ১৭৬ কিঃমিঃ দৈৰ্ঘ্যৰ গোৱালপাৰা হৈ নিউ বঙাইগাঁও - কামাখ্যা সংযোগী ৰেল পথছোৱাৰ দ্বৈতকৰণৰ কামৰো ১০৪ কিঃমিঃ এতিয়ালৈকে সম্পূর্ণ হৈছে । এই সকলো তথ্য কেন্দ্ৰীয় ৰে'ল মন্ত্রী অশ্বিনী বৈষ্ণৱে আগবঢ়োৱা উত্তৰতে পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংসদত উত্তৰ - পূৰ্বাঞ্চলৰ ৰেল প্ৰকল্পৰ সম্পর্কে তথ্য আগবঢ়াই কয় যে অঞ্চলটোত নতুন ৰে'ললাইন আৰু ৰে'ললাইন দ্বৈতকৰণৰ ১৯ টা প্ৰকল্পৰ কাম চলি আছে । এই প্রকল্পসমূহৰ মুঠ দৈর্ঘ্য ১,৯০৯ কিঃমিঃ আৰু ইয়াৰ ব্যয় ৭৭,৯৩০ কোটি টকা তথা ইয়াৰে ৪০৯ কিঃমিঃ দৈৰ্ঘ্যৰ কাম সম্পূৰ্ণ হৈছে । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অঞ্চলটোত ঢলি থকা ১৯ টা প্ৰকল্পৰ ভিতৰত ১৪ টা নতুন ৰে'ললাইন প্রকল্প আৰু পাঁচটা ৰে'ললাইন দ্বৈতকৰণৰ কাম । ইফালে প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্ভত তথ্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয় যে ২০০৯-১৪ চনৰ তুলনাত ২০১৪-২২ চনৰ সময়ছোৱাত অঞ্চলটোত পৰিবৰ্তনৰ কাম ১৯০ শতাংশ অধিক হৈছে । সেই সময়ছোৱাত অঞ্চলটোত বছৰি গজ পৰিবৰ্তনৰ কাম ৬৬.৬ কিঃমিঃ হৈছিল যদিও ২০১৪-২২ৰ সময়ছোৱাত বছৰি ১৯৩ কিঃমিঃ গজ পৰিবৰ্তনৰ কাম হৈছে বুলি তেওঁ কয় । একেদৰে অঞ্চলটোৰ বাবে বাজেটত ৰে'ল বিভাগৰ কাৰণে নিৰ্ধাৰণ কৰা পুঁজিৰ পৰিমাণো ২০০৯-১৪ বৰ্ষৰ সময়ছোৱাত বর্তমান বহুগুণ বৃদ্ধি পাইছে বুলি তেওঁ তথ্য প্রদান কৰে । উল্লেখযোগ্য যে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীয়ে উত্তৰ - পূৰ্বাঞ্চলত চলি থকা ১৯ টা ৰে'ল প্ৰকল্পৰ যি তথ্য আগবঢ়াইছে , সেই প্রকল্পসমূহৰ মাজতে অসমৰ এতিয়ালৈকে যাবতীয় অনুমোদন লাভ কৰিবলৈ বাকী থকা সংশ্লিষ্ট প্রকল্পসমূহ অন্তর্ভুক্ত । 

No comments