Breaking News

নৰেন্দ্ৰ মোদীৰ শাসনকালত নীৰৱে দেশ এৰি ভিন্ন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে প্রায় ১৩ লাখ ভাৰতীয়ই ।



ডিজিটেল ডেস্ক: বিজেপি চৰকাৰৰ প্ৰথমটো কার্যকালত  বলীউডৰ অভিনেতা আমিৰ খানে দেশ এৰি যোৱাৰ ইচ্ছা মাজে মাজে মনলৈ অহা বুলি কৈছিল যদিও সেই সময়ত আমিৰ খানৰ প্ৰসংগ তল পৰিলেও সাম্প্ৰতিক চৰকাৰৰ কোনো পদক্ষেপৰ বিৰোধিতা কৰিলে এতিয়াও তেনে ব্যক্তিক ১৩ লাখ লোকৰ নীৰৱে পাকিস্তানৰ নাগৰিকত্ব লোৱাৰ বাবে আহ্বান জনোৱাৰ ঘটনা কম নহয় ।নৰেন্দ্ৰ মোদীৰ শাসনকালত নীৰৱে দেশ এৰি ভিন্ন ভিন্ন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰিছে প্রায় ১৩ লাখ ভাৰতীয়ই । বিগত এটা দশকত সেই সংখ্যা ১৬ লাখৰো অধিক ।কিয়নো কেন্দ্রীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে ৰাজ্যসভাত দিয়া হিচাপ এয়া ।। নৰেন্দ্ৰ মোদীৰ শাসনকালত সেই সংখ্যা হৈছে ১২ লাখ ৮৮ হাজাৰ । অৰ্থাৎ প্রায় ১৩ লাখ ভাৰতীয়ই ২০১৪ চনৰ পৰা ২০২২ চনলৈ নীৰৱে ভাৰত ত্যাগ কৰিছে । ২০১১ চনৰ পৰা এক দশকত অর্থাৎ ২০২২ চনলৈ ভাৰত ত্যাগ কৰা ভাৰতীয়ৰ সংখ্যা ১৬,৬৩,৪০০ জন । ইয়াৰ মাজতে কেৱল ২০২০ চনত ভাৰত ত্যাগ কৰা লোকৰ সংখ্যা কম হৈছিল । অন্যথা নৰেন্দ্ৰ মোদীৰ শাসনকালত সেই সংখ্যা প্রতিবছৰ বাঢ়িয়েই আছে । ভাৰত ত্যাগ কৰা লোকৰ কেইবছৰৰ পৰিসংখ্যা ৰাজসভাত যিদৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে আগবঢ়াইছে , সেয়া : ২০১৪ চনত ১,২৯,৩২৯ জন , ২০১৫ চনত ১,৩১,৪৮৯ জন , ২০১৬ চনত ১,৪১,৬০৩ জন , ২০১৭ চনত ১,৩৩,০৪৯ জন , ২০১৮ চনত ১,৩৪,৫৬১ জন , ২০১৯ চনত ১,৪৪,০১৭ জন , ২০২১ চনত ১,৬৩,৩৭০ জন আৰু ২০২২ চনত ২,২৫,৬২০ জন । ৩ বছৰত ৫ জন ভাৰতীয় নাগৰিকে সংযুক্ত আৰৱ অমিৰশ্বাহীৰ নাগৰিকত্ব গ্ৰহণ কৰাৰ লগতে বিশ্বৰ ভিন্ন ভিন্ন ১৩৫ খন দেশত ভাৰতীয় নাগৰিকে নিজৰ স্থায়ী ঠিকনা লিপিবদ্ধ কৰিছে । ভাৰতৰ পৰা তেনে বৃহৎ হাৰত প্ৰব্ৰজন হৈছিল দেশ বিভাজনৰ সময়ত । দেশ বিভাজনত ভাৰতৰ পৰা পাকিস্তান আৰু পূৱ পাকিস্তানলৈ ( এতিয়াৰ বাংলাদেশ ) ১৪.৫ নিযুত নাগৰিকে প্ৰব্ৰজন কৰিছিল । কাৰণ ৰাজনৈতিক হ'লেও সেই প্ৰব্ৰজন আছিল মূলতঃ ধর্মক কেন্দ্ৰ কৰি , কিয়নো পাকিস্তান গঠন হৈছিল ইছলাম ধৰ্মৰ ভিত্তিত ।ব্ৰেইন ড্ৰেইন’ৰ ফলত শিক্ষিত ভাৰতীয়ই উন্নত সা - সুবিধা , উচ্চ হাৰৰ দৰমহা ইত্যাদি কাৰকৰ বাবে ভাৰত এৰি গ'লেও তাৰ সংখ্যা নগণ্য।

No comments