Breaking News

নতুন বিমান বন্দৰ আৰু পুৰণি বিমান বন্দসমূহক নতুন ৰূপ দি ভাৰতৰ বিমান সেৱাৰ খণ্ডটোক অত্যাধুনিক ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে ।

 


ডিজিটেল ডেস্ক: নতুন বিমান বন্দৰ আৰু পুৰণি বিমান বন্দসমূহক নতুন ৰূপ দি ভাৰতৰ বিমান সেৱাৰ খণ্ডটোক অত্যাধুনিক ৰূপ দিয়াৰ পৰিকল্পনা কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে ।   ২০২৫ চনৰ ভিতৰত ইয়াৰ নামত প্রায় ১৮ কোটি টকা বিনিয়োগ কৰা হ'ব ।কেইবছৰমানৰ ভিতৰত এই খণ্ডটোত প্ৰায় ১ লাখ কোটি টকা বিনিয়োগ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিঙে ।মন্ত্ৰীগৰাকীয়ে কয় যে নতুন বিমান বন্দৰ স্থাপনৰ লগতে পুৰণি বিমান বন্দৰসমূহক অত্যাধুনিক ৰূপ দিয়াৰ আঁচনি গ্ৰহণ কৰিছে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে । ২০২৪ চনৰ ভিতৰত আৰ চি এছ - উড়ান আঁচনিৰ অধীনত প্রায় ১০০ টা বিমান বন্দৰ স্থাপনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।  তদুপৰি গ্রীনফিল্ড বিমান বন্দৰ আৰু নতুন টার্মিনেল স্থাপনতো বৃহৎ ধনৰাশি বিনিয়োগ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । এই ধনৰাশিৰ ভিতৰত প্ৰায় ২৫ হেজাৰ কোটি টকা মূলধনী পুঁজি হিচাপে ব্যয় কৰাৰ লগতে বাকী ধনৰাশি ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে ব্যয় কৰিব ।গুৱাহাটী , দিল্লী , বেংগালুৰু , হায়দৰাবাদ , লক্ষ্ণৌ , আহমেদাবাদ আৰু মেংগালুৰু বিমান বন্দৰৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰা হৈছে ।  অসম তথা উত্তৰ - পূৰ্বাঞ্চলত হেলিকপ্টাৰ সেৱাৰ পৰিসৰ বৃদ্ধিৰ পদক্ষেপ গ্রহণ কৰিছে পৰিবহণ মন্ত্র্যালয়ে । শেহতীয়াকৈ ৰাজহুৱা খণ্ডৰ অধীনস্থ পৱনহংস লিমিটেডে যোৱা ৮ ফেব্ৰুৱাৰীত অসমৰ ছটা গতিগথত হেলিকপ্টাৰ সেৱা শুভাৰম্ভ কৰিছে । উড়ান আঁচনিৰ অধীনত প্ৰতিষ্ঠানটোৱে ডিব্ৰুগড় , যোৰহাট , তেজপুৰ , গুৱাহাটী , আদি চহৰত এই সেৱা আৰম্ভ কৰিছে । সৰ্বমুঠ ছখন ৰাজ্যত ৮৬ টা গতিপথত সেৱা আগবঢ়োৱাৰ বাবে প্রতিষ্ঠানটোৱে অনুমতি লাভ কৰিছে । অসমৰ পিচতে অৰুণাচল প্রদেশতো এই সেৱা আৰম্ভ কৰা হ'ব বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে । 

No comments