Breaking News

ছত্তীশগড়ৰ নাৰায়ণপুৰত নক্সালবাদীৰ গুলীত বিজেপি নেতাৰ মৃত্যু



ছত্তীশগড়ৰ নাৰায়ণপুৰ জিলাৰ ছোটেডংগাৰ গাঁৱত শুকুৰবাৰে নক্সালবাদীয়ে ভাৰতীয় জনতা পাৰ্টিৰ এজন স্থানীয় নেতাক গুলীয়াই হত্যা কৰে।

ভুক্তভোগীজনক নাৰায়ণপুৰ বিজেপি জিলাৰ উপ-সভাপতি সাগৰ চাহু বুলি চিনাক্ত কৰা হৈছিল। শুক্ৰবাৰে নিশা প্ৰায় ৮ বজাত চাহুক তেওঁৰ নিজা বাসগৃহতে হত্যা কৰা হৈছিল। বিজেপি নেতাজনৰ মূৰত গুলীয়াই হত্যা কৰা হৈছিল। এখন দুচকীয়া বাহনত অহা দলটোৱে বিজেপিন নেতাজনৰ সামান্য দূৰত্বৰ পৰা মূৰত গুলীয়াই থৈ যায়। গুলীত আঘাতপ্ৰাপ্ত চাহুক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

খবৰ অনুসৰি, মৃতব্যক্তিজনক লো আকৰিক প্ৰকল্প স্থাপনৰ বাবে তেওঁৰ সমৰ্থন ত্যাগ কৰিবলৈ কেইবাটাও সতৰ্কবাণী দিয়া হৈছিল। নাৰায়ণপুৰৰ এছ পি পুষ্কৰ শৰ্মাই জনিবলৈ দিয়া মতে, "দুজন লোক বাইকত আহি সাগৰ চাহুৰ বাসগৃহত প্ৰৱেশ কৰে আৰু তেওঁৰ ওপৰত গুলীচালনা কৰে। তেওঁক নাৰায়ণপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়। অৱশ্যে ভুক্তভোগীগৰাকীক নক্সালবাদীৰ দ্বাৰা ভাবুকি দিয়াৰ বিষয়ে এনে কোনো তথ্য শেহতীয়াকৈ লাভ কৰা নাই বুলি এছ.পি পুষ্কৰ শৰ্মাই জানিবলৈ দিয়ে। 

No comments