Breaking News

সূৰ্যৰ পৰা বিচ্ছিন্ন হ’ল এটা খণ্ড




ডিজিটেল ডেস্ক: পৃথিৱীৰ বিভিন্ন দূৰসংযোগ ব্যৱস্থা বিঘ্নিত হোৱাৰ আশংকা.. মহাজাগতিক  এটা ভিডিঅ ’ টুইটাৰত ‘ পোষ্ট ’ কৰিলে বিজ্ঞানী তমিথা স্কভে...পৃথিৱীৰ প্রাণশক্তিৰ উৎস সূৰ্যৰ এটা অংশ খহি মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰিছে । এই অংশটোৱে তীব্র ঘূর্ণনেৰে ওপঙি আছে সূৰ্যৰ এটা মেৰু অঞ্চলত আৰু এই মহাজাগতিক ঘটনাক লৈ উদ্বিগ্ন হৈ পৰিছে বিজ্ঞানীসকল । বিজ্ঞানীসকলৰ সূৰ্যৰউপৰিপৃষ্ঠৰ পৰা এৰাই যোৱা অংশটোৱে সাগৰীয় ঘূর্ণিৰ দৰে প্ৰবল ঘূর্ণনেৰে সূৰ্যৰ উত্তৰ মেৰুৰ ওপৰত উৰি ফুৰিছে । এই মহাজাগতিক পৰিঘটনাৰ বিষয়ে নিশ্চিত কৰা হৈছে ' নাছা'ৰ জেমছ ৱেব টেলিস্কোপৰ জৰিয়তে । বিজ্ঞানী ড ° তমিথা ঋভে টুইটাৰত প'ষ্ট কৰিছে সূৰ্যৰ এটা ভিডিঅ ' আৰু এই ভিডিঅ ' দেখা পাই বিজ্ঞানীসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে । ভিডিঅ'টোত সূৰ্যৰ পৰা কিছুমান সৌৰশিখা উপৰিপৃষ্ঠলৈ অহৰহ উফৰি পৰা দেখা গৈছে ।  পৃথিবীত যোগাযোগ ব্যৱস্থা বিঘ্নিত হ'ব পাৰে বুলি জ্যোতিপদার্থ বিজ্ঞানীসকলে আশংকা ব্যক্ত কৰিছে ।  নাছাৰ মতে , সূৰ্যৰ উপৰিপৃষ্ঠক বৃহৎ উজ্জ্বল ৰূপত দেখা গৈছে আৰু উপৰিপৃষ্ঠৰ পৰা কিছুমান শিখা উফৰি পৰা দেখা গৈছে । একাংশ বিজ্ঞানীৰ মতে , পূর্বেও এনে ঘটনা ঘটিছিল । বিজ্ঞানীৰ মতে , সূৰ্যৰ সাধাৰণ অৱস্থাৰ তুলনাত বৃদ্ধি পাই উলম্ব সৌৰ ধুমুহা প্ৰতি ছেকেণ্ডত ৯৬ কিলোমিটাৰ হৈছে । বিজ্ঞানীসকলৰ মতে  সূৰ্যৰ ৫৫ ডিগ্ৰী দ্রাঘিমাংশ অঞ্চলত ১১ বছৰৰ মূৰে মূৰে কিছুমান অস্বাভাৱিকতা দেখা যায় বা অঘটন সংঘটিত হয় । কিন্তু এইবাৰৰ ঘটনাই বিজ্ঞানীসকলক বিমোৰত পেলাইছে ।  মার্কিন নেচনেল চেষ্টাৰ ফৰ এটমছফিয়েৰিক ৰিছাৰ্চৰ সৌৰ পদাৰ্থ বিজ্ঞানী স্কট মেকইনটছে কয় যে দীর্ঘদিন ধৰি সূৰ্যৰ ওপৰত গৱেষণা কৰি আহিছে যদিও সূৰ্যৰ এটা গুৰুত্বপূৰ্ণ অংশ এৰাই তীব্র ঘূর্ণনেৰে ঘূৰি থকাটো এইবাৰেই তেওঁ প্রথম দেখা পাইছে । কিন্তু অধিক তথ্য নোপোৱা বাবে বিজ্ঞানীসকলে অধিক মন্তব্য কৰিব পৰা নাই । 

No comments