Breaking News

পাকিস্তানৰ পেছোৱাৰৰ এটা মছজিদত যোৱা ৩০ জানুৱাৰীত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণক তীব্র গৰিহণা দিছে দেশখনৰ প্ৰতিৰক্ষা মন্ত্রী খাজা আছিফে

 


ডিজিটেল ডেস্ক:পাকিস্তানৰ পেছোৱাৰৰ এটা মছজিদত যোৱা ৩০ জানুৱাৰীত সন্ত্রাসবাদীয়ে কৰা আক্ৰমণক তীব্র গৰিহণা দিছে দেশখনৰ প্ৰতিৰক্ষা মন্ত্রী খাজা আছিফে । তেওঁ কয় , ‘ সন্ত্ৰাসবাদৰ বীজ আমি ৰোপণ কৰিছিলোঁ । ' তেওঁ কয় যে প্রার্থনা কৰাৰ সময়ত হত্যা কৰাৰ ঘটনা আনকি ভাৰত আৰু ইজৰাইলত কেতিয়াও ঘটা নাই । মছজিদটোত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণটোত কমেও ১০০ জন লোক নিহত আৰু ২২১ জন লোক আহত হৈছিল । পাকিস্তানৰ নেশ্যনেল এছেম্বলীত প্ৰতিৰক্ষা মন্ত্ৰীজনে দিয়া এটা বিবৃতিত কয় , ‘ ভাৰত বা ইজৰাইলত নামাজ কৰাৰ সময়ত নামাজীক আক্রমণ কৰা নহয় , কিন্তু পাকিস্তানত নামাজ কৰি থকা লোকসকলৰ মাজত বহি থকা এজন আক্রমণকাৰীয়ে নিজকে বিস্ফোৰিত কৰে । ' পাকিস্তানৰ দৈনিক বাতৰিকাকত ডনত প্ৰকাশ পোৱা মতে , প্ৰতিৰক্ষা মন্ত্ৰীজনে সংসদত কয় , ‘ স্বেচ্ছাচাৰী শাসকৰ সময়ত পাকিস্তানত সন্ত্রাসবাদীৰ বীজ ৰোপণ কৰা হৈছিল । এতিয়া ইয়াৰ বিৰুদ্ধে সকলোৱে মিলি যুঁজ দিব লাগিব । এতিয়া পাকিস্তানে শুধৰণি কৰাৰ সময় আহিছে । ' পাকিস্তানৰ জিঅ ' নিউজৰ বাতৰিত প্ৰকাশ পোৱা মতে , তেহৰিক - ই - তালিবান পাকিস্তানে ( টিটিপি ) উক্ত আক্ৰমণৰ দায়িত্ব দাবী কৰিছে । 

No comments