Breaking News

সাহিত্য সভাৰ প্রধান সম্পাদকৰ কাণ্ড.... ১৮ লাখৰ ভ্ৰমণ বানচক লৈ উত্তপ্ত প্রতিনিধি সভা



 ডিজিটেল ডেস্ক: সাহিত্য সভাৰ পৰৱৰ্তী পূর্ণাংগ অধিৱেশন পাঠশালাত প্রধান সম্পাদকৰ ১৮ লাখৰ ভ্ৰমণ বানচক লৈ উত্তপ্ত প্রতিনিধি সভা প্রধান সম্পাদক যাদৱ শৰ্মাৰ পৰিবৰ্তে ধন ভৰালীয়ে হিচাপ দাখিল কৰাত ক্ষুব্ধ প্রতিনিধিৰ সভা ত্যাগ সভাৰ মধ্যকালীন অধিৱেশন হ’ব মৰিগাঁৱত....অভ্যর্থনা সমিতিৰ সভাপতি অমিয় কুমাৰ , ভ্ৰমণ বানচৰ নামত ১৮ লাখ টকা খৰচ কৰাক লৈ প্রতিনিধিসকলে ব্যক্ত কৰে তীব্র অসন্তুষ্টি । সাহিত্য সভাক লৈ চৰকাৰী কৰ্মচাৰীয়ে ছুটী লাভ নকৰাক লৈ একাংশ প্রতিনিধিয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইপিনে যি সময়ত সভাৰ প্ৰধান সম্পাদকে ভ্ৰমণ বানচৰ নামত ১৮ লাখ টকা খৰচ কৰিছে , একে সময়ত আর্থিক সংকটৰ দোহাই দি নাৰায়ণপুৰ অধিৱেশনত ভিন্ন ' বঁটা বাতিল কৰা কাৰ্যই ক্ষুব্ধ কৰি তোলে প্রতিনিধিসকলক । সভাপতি নির্বাচনৰ নতুন নিয়মক লৈয়ো সৃষ্টি হয় তুমুল বিতৰ্কৰ ।  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত অনুষ্ঠিত প্রতিনিধি সভা উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্রাক্তন প্রধান সম্পাদক ড ° পৰমানন্দ ৰাজবংশীয়ে কার্যনির্বাহক সভাত গ্ৰহণ কৰা এটা প্ৰস্তাৱৰ বিৰোধিতা কৰাক লৈ প্ৰতিনিধি সভা উত্তপ্ত হৈ পৰে । ড ° ৰাজবংশীৰ বিতর্কিত উদ্বোধনী ভাষণ আৰু আদৰণী সমিতিৰ সভাপতি ড ° অমিয় কুমাৰ ভূঞাই আদৰণী ভাষণ প্ৰসংগত দিয়া ৰাজনৈতিক ভাষণত অসন্তুষ্ট বহু প্রতিনিধিয়ে সভা ত্যাগ কৰা পৰিলক্ষিত হয় । নিৰ্ধাৰিত সময়তৰ্কৈ প্রায় দুঘণ্টা পলমকৈ অনুষ্ঠিত প্রতিনিধি সভাখন অধিৱেশনস্থলীত আদৰণী সমিতিৰ সভাপতিৰ ফটোৰ বাহিৰে বৰেণ্য সাহিত্যিক তথা প্রাক্তন সভাপতিসকলৰ নাম আৰু ফটো নথকা আৰু প্ৰধান সম্পাদকৰ ভ্ৰমণ বানচ তথা সম্পাদকীয় প্রতিবেদন , হিচাপ আদিৰ ওপৰত তুমুল বিতর্ক হয় । পৰিস্থিতিয়ে এনে পর্যায় পায়গৈ যে সভাগৃহ এৰি বহু প্রতিনিধিয়ে বাহিৰলৈ ওলাই আহি পৃথকে পৃথকে বিষয়বোৰৰ সন্দৰ্ভত আলোচনা কৰাৰ উপৰি বহুতে বাহিৰত ছেলফি তুলি সময় কটায় । যাৰ বাবে সভাগৃহৰ আধাতকৈ বেছি আসন খালী হৈ পৰে ।  প্রতিনিধি সভাতে ২০২৫ বৰ্ষৰ সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন পাঠশালাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । অসমৰ জাতীয় অনুস্থান অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক গৰাকীয়ে লাহ- বিলাস ভ্ৰমণৰ নামত বৃহৎ সংখ্যক ধন অপব্যয় কৰাৰ ঘটনাই চকু কপালত উঠিছে।

No comments