Breaking News

নৰেন্দ্ৰ মোদী চৰকাৰৰ বৰ্তমানৰ কার্যকালৰ অন্তিম পূর্ণাংগ বাজেট.... গুৰুত্বহীন হ’ল অসমকে ধৰি সমগ্ৰ উত্তৰ - পূৰ্বাঞ্চল।

 


ডিজিটেল ডেস্ক: নৰেন্দ্ৰ মোদী চৰকাৰৰ বৰ্তমানৰ কার্যকালৰ অন্তিম পূর্ণাংগ বাজেট.... গুৰুত্বহীন হ’ল অসমকে ধৰি সমগ্ৰ উত্তৰ - পূৰ্বাঞ্চল। উত্তৰ - পূৰ্বাঞ্চলৰ বাবে বাজেট আবণ্টন কৰাৰ ক্ষেত্ৰতো বিত্তমন্ত্ৰীগৰাকীয়ে পুঁজিৰ আবণ্টন  যথেষ্ট বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । যোৱা বিত্তীয় বাজেটত অর্থাৎ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে সীতাৰমনে ধার্য কৰিছিল ৭৬,০৪০.০৭ কোটি টকা । ১৮ , ৬৩৯.৪৬ কোটি টকা বৃদ্ধি পাই বাজেট বৃদ্ধিৰ হাৰ হৈছে ২৪.৫১ শতাংশ । লক্ষণীয়ভাৱে উত্তৰ - পূৰ্বাঞ্চলৰ বাবে উৎসর্গিত ড’নাৰ মন্ত্ৰণালয়ৰ বাবেও ধার্য কৰা পুঁজিৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । মন্ত্রণালয়টোৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত ধার্য কৰা হৈছে ৫,৮৯২ কোটি টকা । যোৱা বিত্তীয় বাজেটত ড'নাৰৰ বাবে ধার্য কৰা হৈছিল ২,৮০০ কোটি টকা । বৃদ্ধিৰ হাৰ ১১০.৪২ শতাংশ । এইবাৰ ড'নাৰ মন্ত্রণালয়ৰ বাজেটত আছুতীয়াকৈ উত্তৰ - পূৰ্বাঞ্চলৰ বাবে উৎসর্গিত পি এম ডিভাইন উন্নয়নমূলক আঁচনিত ২,২০০ কোটি টকা ধার্য কৰা হৈছে ।  বিত্তীয় বাজেটত বিত্তমন্ত্রী নির্মলা সীতাৰ্মনে পি এ ডিভাইন আঁচনিৰ কথা ঘোষণা কৰিছিল তথা ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটৰ পাছত ৪০০ কোটি টকা আবণ্টন কৰিছিল । বান গ্ৰাসত বিধ্বস্ত অসমক সকাহ দিয়াৰ বাবে সুকীয়া কোনো আঁচনিতো দূৰৰে কথা সংশ্লিষ্ট বিভাগটোৰ বাবে যোৱা বিত্তীয় বাজেটত ধার্য কৰা ৪৯২.৬০ কোটি টকাৰ পৰা এইবাৰৰ বাজেটত ২৭৪.০৩ কোটি টকালৈ হ্ৰাস কৰিছে । অনুরূপভাৱে উত্তৰ - পূৰ্বাঞ্চলৰ কৃষিখণ্ড তথা কৃষক কল্যাণতো বাজেট আবণ্টন যোৱাবাৰে ধার্য কৰা ১২,৩৩২,৩০ কোটি টকাতকৈ ১১,৫৫২.৩৫ কোটি টকালৈ হ্রাস কৰা হৈছে । সংখ্যালঘু পৰিক্ৰমা বিভাগৰ অধীনতো উত্তৰ - পূৰ্বাঞ্চলৰ বাবে বাজেট আবণ্টন ব্যাপক হ্রাস কৰা পৰিলক্ষিত হৈছে । বিভাগটোৰ অধীনত ২০২২-২৩ বৰ্ষৰ সাধাৰণ বাজেটত উত্তৰ - পূৰ্বাঞ্চলৰ বাবে ধার্য কৰা হৈছিল ৫০২.২০ কোটি টকা । ২০২৩-২৪ বৰ্ষৰ বাবে ধার্য কৰা হ'ল মাত্র ৩০৯.৭০ কোটি টকা । আবণ্টন হ্ৰাস কৰি কৰা হৈছে মাত্র ১৭.৫১ কোটি টকা । একেদৰে আৰক্ষী বিভাগৰ বাবেও ( মূলতঃ আৰক্ষী আধুনিকীকৰ্ণ ) যোৱা বছৰ ধার্য কৰা ৯৪২.৫০ কোটি টকা এইণৰৰ বাজেটত ৫১২.৮৪ কোটি টকালৈ হ্রাস কৰা হৈছে । তদুপৰি , বাণিজ্য , কয়লা , শ্ৰম আৰু সংস্থাপনৰ ক্ষেত্ৰতো এইবাৰৰ বাজেটত পুঁজিৰ আবণ্টন হ্রাস কৰা হৈছে ।  উত্তৰ - পূৰ্বাঞ্চলৰ বাজেট আবণ্টন ব্যাপক বৃদ্ধি কৰা হৈছে । পৰিবহণ খণ্ডত যোৱাবাৰৰ বাজেটত ধার্য কৰা ১০,৫৬৫ কোটি টকাৰ বিপৰীতে ২০২৩ ২৪ বিত্তীয় বৰ্ষৰ বাজেটত বৃদ্ধি কৰা হৈছে ১৮,৫৯১.২০ কোটি টকালৈ । অনুরূপভাবে গ্রাম উন্নয়নত যোৱাবাৰ ধার্য কৰা ৬,২৩২.৪৫ কোটি টকাৰ পৰা এইবাৰ বৃদ্ধি কৰা হৈছে ৯,২৫৭.০৮ কোটি টকালৈ । একেদৰে পানীয় জল আৰু অনাময়ত ৬,৬১৫.৮০ কোটি টকাৰ পৰা ৭,৬১৫ ৯০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । উত্তৰ - পূৰ্বাঞ্চলৰ স্বাস্থ্যখণ্ডতো বিত্তমন্ত্ৰীগৰাকীয়ে আবণ্টন কিছু বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । যোৱাবাৰ স্বাস্থ্যখণ্ডত বাৰ্য কৰা হৈছিল ৩,২৭৯.৭৩ কোটি টকা আৰু এইবাৰ বাৰ্য কৰা হৈছে ৬,৪৯৫.৯০ কোটি টকা । ৩ অঞ্চলটোৰ শিক্ষাখগুতো যোৱাবাৰতৈ অধিক পুঁজিৰ অবণ্টন দিয়া হৈছে । স্বাক্ষৰ আৰু বিদ্যালয় শিক্ষাত এইবাৰ ধার্য কৰা হৈছে ৬,৫১০.৮৮ কোটি টকা । যোগবাৰ ধার্য কৰা হৈছিল ৫,৮৯৫.৩৭ কোটি টকা । অনুৰূপভাৱে উচ্চ শিক্ষাত যোৱাবাৰ ধার্য কৰা ৩,২৫৬.২০ কোটি টকাৰ পৰা এইবাৰ বৃদ্ধি পাইছে  ৩,৭২৭,৯১ কোটি টকালৈ ৷ উত্তৰ - পূৰ্বাঞ্চলৰ উদ্যোগ আৰু আভ্যন্তৰীণ ব্যৱসায়তো সীতাৰমণে যোৱাবাৰতকৈ এইবাৰৰ বাজেটত পুঁজিৰ আবণ্টন যথেষ্ট বুদ্ধি কৰা পৰিলক্ষিত হৈছে । এইবাৰ এই শীতাত ধার্য কৰা হৈছে ২ ,0 ১৪.৫৮ কোটি টকা । যোৱাবাৰ আছিল ১ , ৪৮৮.০৫ কোটি টকা । আনহাতে , কৃষি আৰু কৃষক কল্যাণত এইবাৰৰ বাজেটত পুঁজিৰ আবণ্টন হ্রাস কৰা হৈছে যদিও কৃষি শিক্ষা আৰু গৱেষণাত উত্তৰ পূৰ্বাঞ্চলৰ বাজেট বৃদ্ধি কৰা হৈছে । যোৱাবাৰৰ ৪৬৭.৫৮ কোটি টকাৰ পৰা বুদ্ধি পাইছে ৫২৫.৭৯ কোটি টকা । লক্ষণীয়ভাৱে জনজাতি অধ্যুষিত উত্তৰ - পূৰ্বাঞ্চলৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনতো পুঁজিৰ আবণ্টন বৃদ্ধি কৰা হৈছে । যোৱাবাৰৰ বাজেটত ধার্য কৰা ৮৪২ কোটি টকাৰ পৰা বৃদ্ধি কৰা হৈছে ১,২৫৬.৪৫ কোটি টকা । লক্ষণীয়ভাৱে সার্বিকভাৱে উত্তৰ - পূৰ্বাঞ্চলৰ বাবে ২০২৩-২৪ বিত্তীয় বৰ্ষত ধার্য কৰা সৰ্বমুঠ ৯৪ , ৬৭৯.৫৩ কোটি টকাৰ ভিতৰত ৰাজস্ব শীতানত ৬৯,৮৩৭.৭৩ কোটি টকা আৰু মূলধনী শীতানত ২৪ , ৮৪১.৮০ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । লক্ষণীয়ভাবে মোদী কেবিনেটত অসমক প্রতিনিধিত্ব কৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বন্দৰ , জাহাজ আৰু জলপথ বিভাগৰ অধীনতো উত্তৰ - পূৰ্বাঞ্চলৰ বাবে যোৱাবাৰৰ বাজেটত ধার্য কৰা ১১৯.৮০ কোটি টকাৰ পৰা এইবাৰৰ বাজেটত ২১২ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । অনুরূপভাৱে মন্ত্রী সোণোৱালৰ আয়ুস মন্ত্রণালয়ৰ অধীনতো উত্তৰ পূৰ্বাঞ্চলৰ বাবে যোৱাবাৰৰ ১৮১.৯৭ কোটি টকাৰ পৰা ২৩০.৭৩ কোটি টকাৰ আবণ্টন বৃদ্ধি কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে । ইপিনে ২০২৩-২৪ বিত্তীয় বৰ্ষত ড’নাৰ মন্ত্রণালয়ৰ বাবে ধার্য করা মুঠ ৫,৮৯২ কোটি টকাৰ ভিতৰত উত্তৰ পূব পৰিষদৰ বাবে ধার্য কৰা হৈছে ৮০০ কোটি টকা । যোৱাবাৰ পৰিষদৰ বাবে ধার্য কৰা হৈছিল ৭০১.৮৭ কোটি টকা । আনহাতে , চেণ্ট্ৰেল পুল অফ ৰিছছেজ শীতানতো এইবাৰৰ বাজেটত যোৱাবাৰত ধার্য কৰা ১,৩০৩.২৫ কোটি টকাৰ পৰা ২ , ৪৯১.০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । লক্ষণীয়ভাবে বিটিচি , কাৰ্বি আংলং আৰুডিমা হাছাও স্বায়ত্বশাসিত পৰিষদৰ বিশেষ পেকেজ হিচাপে ২০২৩-২৪ বৰ্ষৰ সাধাৰণ বাজেটত ১০০ কোটি টকাকৈ প্ৰদান কৰা হৈছে । লক্ষণীয়ভাৱে যোৱাবাৰৰ বাজেটত পৰিষদসমূহৰ বাবে বিশেষ কোনো পেকেজৰ ব্যৱস্থা নাছিল । আনহাতে , নর্থ ইষ্ট এণ্টাৰপ্ৰাইজ ডেভেলাপমেণ্ট স্কীমৰ ( পূৰ্বৰ নেডফি ) বাবে ৬০ কোটি , নর্থ ইষ্ট বিজিঅ'নেল এগ্রিকালচাৰেল মার্কেটিং কর্পোৰ্চেনৰ বাবে ৭.৬৭ কোটি , হেণ্ডিক্রাফ্‌ছ এণ্ড হেণ্ডলুমছ ডেভেলপমেন্ট কর্পোৰেচনৰ বাবে আন ২ কোটি টকা ধার্য কৰা হৈছে । আনহাতে , অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্মলা সীতাৰমণৰ সাধাৰণ বাজেটত সুকীয়াকৈ ৬০ কোটি টকা ধার্য কৰা হৈছে । 

No comments