Breaking News

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দপ্‌দপনি অব্যাহত আছে যুৱ তাৰকা শুভমন গীলৰ

                                          


ডিজিটেল ডেস্ক...আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দপ্‌দপনি অব্যাহত আছে যুৱ তাৰকা শুভমন গীলৰ । | টেষ্ট আৰু এদিনীয়াত এটাৰ পিছত আনটো শতকেৰে অনাগত ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ পৰিচয় দিয়া গীলে এইবাৰ টি -২০ ক্রিকেটত শতক অৰ্জন কৰি নিউজিলেণ্ডৰ বিৰুদ্ধে ঐতিহাসিক জয় নিশ্চিত কৰে টীম ইণ্ডিয়াৰ । টি -২০ ক্রিকেটৰ ভবিষ্যতক লৈ সন্ধিহানৰ সৃষ্টি হোৱা গীলে সুযোগৰ সদ্ব্যৱহাৰ কৰি শৃংখলা নিৰ্ণয়কাৰী মেচত অপৰাজিত ১২৬ ৰানৰ দর্শনীয় ইনিংছেৰে ভাৰতক ১৬৮ ৰানত বিজয়ৰ সোৱাদ দিয়ে ।  গুজৰাটৰ নৰেন্দ্ৰ মোদী ক্রিকেট | ষ্টেডিয়ামত টি -২০ ক্রিকেটত ইতিহাস ৰচনা কৰিলে টীম ইণ্ডিয়াই । ৰানৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি টি -২০ ক্ৰিকেটৰ সৰ্ববৃহৎ জয় সাব্যক্ত কৰিলে হার্দিক বাহনীয়ে । সমান্তৰালভাৱে ঘৰুৱা ভূমিত ক্রমাগত দ্বাদশ শৃংখলাত অপৰাজিত হৈ থকাৰ অভিলেখো ৰক্ষা কৰিলে টীম ইণ্ডিয়াই । একে সময়তে ভাৰতত ১১ বছৰীয়া খৰাং অব্যাহত থাকিল নিউজিলেণ্ডৰ ।  প্রথমে গীল , ৰাহুল ত্ৰিপঠীৰ বেটিঙত দিশহাব ৷ হয় আলহী দলটো , অন্যহাতে ২৩৫ ৰানৰ লক্ষ্যৰে বেটিং কৰা নিউজিলেণ্ড ভাৰতৰ নিখুঁত বলিং আৰু ফিল্ডিঙৰ সন্মুখত বেটিং অনুকুল পিছতো মাত্র ৬৬ ৰানতে ইনিংছ সামাৰবিলৈ বাধ্য হয় । ভাৰতীয় বলিং ইউনিটৰ প্রদর্শন ইমানেই বিধ্বংসী আছিল যে মাত্র ৭ বানতেই ৪ টাকৈ উইকেট হেৰুৱাই কিরি বাহিনীয়ে । প্রথম চাৰিগৰাকী বেট্‌ছমেনৰ স্ক’ৰ আছিল ক্ৰমে ৩ , ১ , ০ , ২ । অৱশ্যে ডেৰেল মিছেলে ৩৫ রান আৰু মিছেল ছেণ্টনাৰে ১৩ ৰানৰ বৰঙনি আগবঢ়াই টি -২০ ৰ ইতিহাসত সর্ববৃহৎ পৰাজয়ৰ পৰা ৰক্ষা কৰে । ভাৰতৰ হৈ অধিনায়ক হার্দিক পাণ্ডিয়াই চাৰিটাকৈ উইকেট দখল কৰাৰ পৰিৱৰ্তে অশদ্বীপ সিং , উমবান মালিক আৰু শিৱম মাভিয়ে দুটাকৈ উইকেট দখল কৰি কিৱি বাহিনীৰ ৰাজহাড় ভাঙি পেলায় । অৱশ্যে প্রথমে বেটিং কৰা ভাৰতৰো আৰম্ভণি সুখকৰ নাছিল । অপেনাৰ ঈশান কিষাণ পুনৰবাৰ মাইকেল ব্ৰেচৱেলৰ চিকাৰ হৈ মাত্র ১ বান কৰিয়েই পেভিলিয়নমুখী হয় । কিন্তু ইয়াৰ পিছতেই আৰম্ভ হয় গীল , ত্ৰিপাঠীৰ ৰানৰ ধুমুহা । প্রথম বলৰ পৰাই আক্ৰমাণাত্মক ত্রিপাঠীয়ে ২২ টা বলতেই ৪৪ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডৰ মনোবল প্রথম ৮ অভাৰতেই ভাঙি পেলায় । ইয়াৰ পিছতেই ধৈৰ্যৰে খেলি থকা শুভমনে আক্ৰমণ আৰম্ভ কৰি এটাৰ পিছত আনটো ছয় , চাৰিৰে কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে । মাত্র ৬৩ টা বলতেই ৭ টা ছয় আৰু ১২ টা চাৰিৰে ১২৬ ৰানৰ অপৰাজিত ইনিংছৰ অনবদ্য অৱদান আগবঢ়াই গীলে । ইয়াৰ লগে লগে ক্ৰিকেটৰ তিনিওটা ফর্মেটত শতক অৰ্জন কৰা ভাৰতৰ পঞ্চম খেলুৱৈ হিচাপে পৰিগণিত হয় তৰুণ অপেনাৰগৰাকী । সমান্তৰালভাৱে বিৰাট কোহলিৰ ১২২ ৰানৰ টি -২০ ৰ এটা ইনিংছৰ সৰ্বাধিক বানৰ অভিলেখো ভংগ কৰে গীলে । ইফালে হার্দিক , সূৰ্যকুমাৰেও ক্ৰমে 30 , 24 বানৰ বৰঙনি আগবঢ়ায় । নিউজিলেণ্ডৰ ব্লেচৱেল , টিকনাৰ , ইশ চ'বি আৰু ডেৰেল মিছেলে এটাকৈ উইকেট দখল কৰে । মেচখনত অনবদ্য শতকৰ বাবে শুভমন গীলে মেন অর দ্য মেচ ,  খিতাপ লাভ কৰে ।

No comments