Breaking News

দেশৰ ৰাজ্যসমূহৰ ৫৫৮ গৰাকী মন্ত্ৰীৰ ভিতৰত ৪৩ শতাংশৰ বিৰুদ্ধে আছে বিভিন্নধৰণৰ ফৌজদাৰী গোচৰ

 


ডিজিটেল ডেস্ক:..দেশৰ ৰাজ্যসমূহৰ ৫৫৮ গৰাকী মন্ত্ৰীৰ ভিতৰত ৪৩ শতাংশৰ বিৰুদ্ধে আছে বিভিন্নধৰণৰ ফৌজদাৰী গোচৰ । সৰ্বাধিকসংখ্যক অপৰাধৰ গোচৰ আছে তামিলনাডুৰ মন্ত্ৰীৰ বিৰুদ্ধে । এছ'চিয়েচন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ , চমুকৈ এ ডি আৰে কালি প্ৰকাশ কৰা এখন প্রতিবেদনত এই তথ্য প্ৰকাশ । এ ডি আৰে দেশৰ ৫৫৮ গৰাকী বিধায়কৰ শপতনামা বিশ্লেষণৰ পিচত এই তথ্য লাভ কৰে । এ ডি আৰৰ প্ৰতিবেদনমতে ইয়াৰে ৮৭ শতাংশ অৰ্থাৎ ৪৮৬ গৰাকী বিধায়ক কোটিপতি । ২৩৯ অর্থাৎ ৪৩ শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ থকাৰ কথাও প্রতিবেদনখনত উল্লেখ ৷ ইয়াৰে তামিলনাডুৰ ২৮ গৰাকী , হিমাচলৰ ৭ , তেলেংগানাৰ ১৩ , মহাৰাষ্ট্ৰৰ ১৫ , পঞ্জাবৰ ১১ আৰু বিহাৰৰ ২১ গৰাকী মন্ত্ৰীৰ বিৰুদ্ধে বিভিন্নধৰণৰ ফৌজদাৰী গোচৰ আছে । গুৰুতৰ অপৰাধৰ গোচৰ থকা সৰ্বাধিক মন্ত্রী আছে মহাৰাষ্ট্ৰত । তাৰপিচতে ঝাৰখণ্ডৰ ৭ , তেলেংগানাৰ ১০ তথা বিহাৰৰ ১৫ গৰাকীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ ফৌজদাৰী গোচৰ আছে । দেশৰ ২৮ খন ৰাজ্য আৰু দুখনকৈ কেন্দ্রীয়শাসিত অঞ্চলৰ ৫৬৭ গৰাকী মন্ত্ৰীৰ ৫৫৮ গৰাকীয়ে বিগত নিৰ্বাচনত দাখিল কৰা শপতনামাৰ বিশ্লেষণৰ পিচত এ ডি আৰে লাভ কৰা তথ্যমতে এই মন্ত্ৰীসকলৰ গড় সম্পত্তিৰ পৰিমাণো ১৬.৬৩ কোটি টকা । ফৌজদাৰী গোচৰ থকা বুলি শপতনামাত তথ্য দিয়া মন্ত্ৰীসকলৰ গড় সম্পত্তিৰ পৰিমাণ হ'ল ( ২১.২১ কোটি টকা । কৰ্ণাটকৰ মন্ত্ৰীসকলৰ গড় সম্পত্তিৰ পৰিমাণ দেশৰ ভিতৰতে সর্বাধিক । ৰাজ্যখনৰ ২৭ গৰাকী মন্ত্ৰীৰ গড় সম্পত্তিৰ পৰিমাণ হ’ল ৭৩.০৯ কোটি টকা । তাৰ পিচতে সর্বাধিক সম্পত্তিৰ গৰাকী হ’ল মহাৰাষ্ট্ৰৰ ২০ গৰাকী মন্ত্ৰী । মহাৰাষ্ট্ৰৰ মন্ত্ৰীসকলৰ গড় সম্পত্তিৰ পৰিমাণ হ’ল ৪৭.৪৫ কোটি টকা ।

No comments