Breaking News

জীৱনৰ ডায়েৰীত আৰু এটা নতুন অধ্যায়~সোতৰতম খণ্ড



                          মালবিকা শৰ্মা, ভুবনেশ্বৰ

চাওতে চাওতেই ১৫ টা দিন কেনেকৈ পাৰ হৈ গ’ল ক’বই নোৱাৰিলোঁ। দীঘলীয়া যাত্ৰা। অহা যোৱা কৰোতেই দুটা দিন শেষ হ’ল। তাৰ পিছত আকৌ সৰু সুৰা ঘুৰা ফুৰাবোৰ আছেই। পাচ মাহৰ পৰা বন্ধ হৈ থকা ঘৰটো চাফ কৰোতেই তিনিদিনমান লাগিল। কিছু কষ্ট হ’ল যদিও ভালো লাগিল যথেষ্ট।  নিজৰ ঘৰত, নিজৰ ভাগৰ বিচনাখনত শোৱাৰ আমেজেই বেলেগ। কম সময়ৰ বাবে হ’লেও প্ৰিয় ঘৰটোৰ সান্নিধ্য পালো। বহুত কাম লৈ গৈছিলো, বেছি ভাগেই হ’ল। আপোন মানুহ কেইজনমানক লগ পালো, ৰৈ যোৱা কথাবোৰ পাতিলো, একেলগে খোৱা-বোৱা কৰিলোঁ, সময়বোৰ সুন্দৰকৈ আৰু অতি সোনকালে পাৰ হ’ল। 

       মুম্বাইলৈ গ’লো। একেবাৰে সৰু থাকোতে মা-পিতাৰ লগত এবাৰ গৈছিলো যদিও তাৰ স্মৃতি মনত একো নাই। এইবাৰ মায়া নগৰীলৈ গৈ পেহীৰ ল’ৰা আৰু তেওঁৰ শ্ৰীমতীৰ অতি সুন্দৰ আতিথ্যত চাৰিটা দিন বেছ ভালদৰে পাৰ হ’ল। বহুত বছৰৰ মুৰত দুয়োকে লগ পাই দুয়োৰে মৰম আৰু আগ্ৰহখিনি দেখি মনেৰে চিন্তা কৰিলো, নিজৰ মানুহবোৰ এতিয়াও আছে। আপোন সম্পৰ্কবোৰ একেবাৰে নোহোৱা হৈ যোৱা নাই। মুম্বাইলৈ অৱশ্যে যোৱাৰ মুখ্য কাৰন আছিল অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ প্ৰথমখন অফলাইন সন্মিলনীত সদস্যৰূপে ভাগ লোৱাটো। এই সন্মিলনীখনত সকলো মাননীয় সদস্যৰ সৈতে প্ৰথমবাৰ লগ হোৱাৰ সুন্দৰ অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰোঁ।

       মুম্বাই অসম ভৱনত, নিৰ্দিষ্ট সময়ত সুন্দৰকৈ অনুষ্ঠানটো অনুষ্ঠিত হয়। উপস্থিত সদস্য আৰু অতিথি সকলৰ সুন্দৰ কথা আৰু সাহিত্যিক উপস্থাপনে অনুষ্ঠানটোৰ মানদণ্ড বৃদ্ধি কৰিলে। প্ৰথমবাৰ দেখাতে সকলোৱে মোক যেনেদৰে মৰমেৰে আকোৱালি ললে তাৰ বাবে মই অত্যন্ত সুখী অনুভৱ কৰিলোঁ। হিৰন বাইদেও, দেবীকা বাইদেও, সুৰেইয়া বাইদেও, ৰুমা বাইদেও, সৰ্বানন্দ দাদাৰ লগতে আন বহুতো অনলাইন মিটিঙত দেখি থকা প্ৰিয় মাননীয় সদস্যসকলক একেবাৰে কাষত লগ পালোঁ। প্ৰথমবাৰ লগ পালেও বহুদিনৰ চিনাকী আত্মীয় যেন অনুভৱ হ’ল। অৱশ্য ফেচবুকৰ জৰিয়তে তেওঁলোকৰ সৈতে মোৰ চিনাকী আগৰ পৰাই আছে।

      অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখাৰ সৈতে মোৰ সম্পৰ্ক বহুদিনৰ। মই হিৰন ভুঞা বাৰ মাধ্যমেৰে এই শাখাৰ লগত জড়িত হৈছিলোঁ। মহাবাহু নামৰ ত্ৰৈভাষিক আলোচনীখনত মোৰ কেইবাটাও লেখা প্ৰকাশ পাইছে। পিছলৈ অসম সাহিত্য সভাৰ সদস্যৰূপে সাহিত্য আৰু কবিতাৰ গোটত মই অন্তৰ্ভুক্ত হ’লো। এনেদৰেই লাহেলাহে আৰু গভীৰভাৱে মই মুম্বাই স্বৰ্ণ শাখাৰ সৈতে জড়িত হৈ পৰিলোঁ।

(আগলৈ)

No comments