Breaking News

মহানগৰীৰ বায়ু প্রদূষণ নিয়ন্ত্ৰণৰ নিৰ্দেশ



ডিজিটেল ডেস্ক....মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা বায়ু প্ৰদূষণ। ক্ৰমাৎ বৃদ্ধি পোৱা বায়ু প্ৰদূষণে ব্যাপত কৰি তুলিছে মহানগৰীৰ জীৱন প্ৰণালী। এই সন্দৰ্ভত গুৱাহাটীৰ খাৰঘুলিৰ হিমাংশু নাথ নামৰ এগৰাকী ব্যক্তিয়ে  সেউজ ন্যায়াধিকৰৰ ওচৰত এক গোচৰ দিয়ে। এই গোচৰৰ ভিত্তিতেই সেউজ ন্যায়ধীকৰণে এক উচ্চপৰ্যায়ৰ তদন্ত সমিতি গঠন কৰি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে মুখ্য সচিবক নিৰ্দেশ দিয়ে। জি এম চিৰ আয়ুক্ত , লোকনিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু সচিব , জি এম ডি এৰ চি ই অ ’ , উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত , ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক বিষয়া , মুখ্য সচিবে মনোনীত কৰা নগৰৰ বাসিন্দাক সদস্য হিচাপে লৈ উচ্চ পৰ্যায়ৰ সমিতিখন গঠন কৰিবলৈও নিৰ্দেশ দিছে সেউজ ন্যায়াধিকৰণে ।  এইক্ষেত্ৰত সেউজ ন্যায়াধীকৰণে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰে। প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যাপ্ত হোৱা নাই। যাৰ ফলত এই দৰে বায়ু প্ৰদূষণ ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। সেউজ ন্যায়ধীকৰণে উচ্চ পৰ্যায়ৰ সমিতিয়ে গ্ৰহণ কৰিব লগা কাৰ্যাৱলী সন্দৰ্ভতো নিৰ্দেশনা দিয়ে। এই নিৰ্দেশনা অনুসৰি ভিন্ন নির্মাণ কাৰ্যই সৃষ্টি কৰা প্ৰদূষণৰ ওপৰত নজৰ ৰাখিবলৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠনৰ বাবে ন্যায়াধিকৰণে ৰাজ্যৰ মুখ্য সচিবক নির্দেশ দিয়ে । লগতে  ২০২৪ ৰ ১৫ জানুৱাৰীত এই সন্দৰ্ভত এখন শপতনামা সেউজ ন্যায়াধিকৰণৰ লগতে আবেদনকাৰীকো জমা দিবলৈ ন্যায়াধিকৰণে নিৰ্দেশ জাৰি কৰে । উল্লেখ্য যে বিগত বৰ্ষৰ মাৰ্চ মাহত গুৱাহাটীৰ বায়ুৰ মান সূচাংক ৩১০ লৈ ঊর্ধ্বগামী হোৱাক লৈ  প্ৰকাশিত বাতৰি প্ৰকাশ হোৱাৰ পিছতেই হিমাংশু নাথে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ দ্বাৰস্থ হৈছিল । এই সন্দৰ্ভত নাথে আবেদনত অসমত ৪৮ লাখ বাহন চলি থকা বুলি আবেদনখনত অভিযোগ কৰা হৈছিল ।  উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য , ৰাষ্ট্ৰীয় ঘাইপথৰ ৬ লেনযুক্ত পথৰ নিৰ্মাণকাৰ্যৰ কথা আবেদনত উল্লেখ কৰিছিল। ইফালে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ২০২২ ৰ ১১ অক্টোবৰত ন্যায়াধিকৰণত দাখিল কৰিছিল শপতনামা । শপতনামাত ২০২২ ৰ ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ বায়ুৰ মান সূচাংক ( এ কিউ আই ) দাখিল কৰিছিল । প্ৰতি দিনত বায়ুৰ মান সূচাংক বিপজ্জনক চিহ্নিত হৈছিল ।ভৰলুকে ধৰি অন্যান্য নৈ - নর্দমা পৰিষ্কাৰ কৰা ,ধূলি নোহোৱা কৰিবলৈ  ভিন্ন পদক্ষেপ লোৱা বুলি শপতনামাত জি এম চিয়ে উল্লেখ কৰিছিল । ২০২১ ৰ ১ এপ্ৰিলৰ পৰা ২০২৩ ৰ ১৫ জানুৱাৰীলৈ ৭,২৮,১১৩ খন বাহনৰ প্ৰদূষণৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰাৰ উপৰি ৩,৯৮,৬৩,৫০০ টকা জৰিমনা হিচাপে সংগ্ৰহৰ কথা শপতনামাত উল্লেখ কৰে ৰাজ্য চৰকাৰে । ১৫ বছৰৰ ওপৰৰ ডিজেল আৰু ২০ বছৰৰ ওপৰৰ পেট্রলচালিত বাহন নিষিদ্ধ কৰা , বাহনসমূহ স্ক্রেপ কৰাৰ সিদ্ধান্ত , গ্রীন টেক্সৰ ব্যৱস্থা , ইলেক্ট্রনিক বাহন নীতি আদি গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছিল শপতনামাত ।

No comments