Breaking News

ৰাজ্যখনৰ বনাঞ্চলৰ আৱৰণ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা


ডিজিটেল ডেস্ক: পৰিবেশ আৰু বন বিভাগৰ উদ্যোগত  অনুষ্ঠিত অসম কাঠ ভিত্তিক উদ্যোগ ( প্ৰচাৰ আৰু উন্নয়ন ) নিয়মাৱলী , ২০২২ ,আৰু বনাঞ্চলৰ বাহিৰৰ গছ ( বহনক্ষম ব্যৱস্থাপনা ) নিয়মাৱলী , ২০২২ সম্পৰ্কীয় অংশীদাৰ সন্মিলনত অংশগ্ৰহণ কৰে বিভাগীয় মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।সংবাদমেলত বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।চৰকাৰে ৰাজ্যৰ কৃষকসকলকো অর্থনৈতিক লাভৰ বাবে চেওন , সাঁচি আদি উচ্চ নিৰিখৰ গছবোৰ ৰোপণ কৰিবলৈ উৎসাহিত কৰা হৈছে...কৃষকে বনাঞ্চলৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ বাহিৰত ৰোপণ কৰা গছবোৰ অনলাইনত পঞ্জীয়ন কৰিব পাৰিব আৰু সময়ত গছবোৰ কটাৰ বাবে অনলাইনত আবেদন কৰিব পাৰিব ।  বৃহৎ সেউজ অর্থনীতিৰ পৰিকল্পনা সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰে ।২০২৩ চনৰ জানুৱাৰী মাহত অসম কাঠ ভিত্তিক উদ্যোগ ( প্ৰচাৰ আৰু উন্নয়ন ) নিয়মাৱলী , ২০২২ আৰু অৰণ্যৰ বাহিৰৰ গছ ( বহনক্ষম ব্যৱস্থাপনা ) নিয়ম , ২০২২ অধিসূচনা প্ৰৱৰ্তন কৰিছিল । দুয়োখন আইন নিয়ম সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্য পূৰণৰ বাবে প্ৰৱৰ্তন কৰা হৈছে ।   এই নিয়মাৱলীৰ লক্ষ্য হৈছে  কৃষকৰ জীৱিকা বৃদ্ধিৰ বাবে অৰণ্যৰ বাহিৰত বৃক্ষ ৰোপণৰ ক্ষেত্ৰত পৰিবেশগতভাৱে বহনক্ষম পদ্ধতিৰে অসমৰ কাঠ ভিত্তিক উদ্যোগসমূহৰ কেঁচামালৰ চাহিদা পূৰণ কৰা । বন মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে চৰকাৰে ৰাজ্যখনত প্লাইউড উদ্যোগৰ বিকাশৰ বাবে কম সময়তে বৃদ্ধি হোৱা আৰু অধিক উৎপাদনশীল বৃক্ষ ৰোপণৰ চিন্তা - চৰ্চা কৰি আছে । চৰকাৰে গোলাঘাটত আগৰ বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছে আৰু ৰাজ্যৰ সাঁচি কাঠ ভিত্তিক উদ্যোগসমূহৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন সাধনৰ বাবে পদক্ষেপ গ্রহণ কৰিছে । 

No comments