Breaking News

বুঢ়াচাপৰি অভয়াৰণ্যত চলিল উচ্ছেদ অভিযান

 


ডিজিটেল ডেস্ক.. বুঢ়াচাপৰি অভয়াৰণ্যত চলিল উচ্ছেদ অভিযান...এক্সকেভেটৰ , বুলড’জাৰেৰে আৰম্ভ কৰে উচ্ছেদ অভিযান । শ শ বাসগৃহ ভাঙি পেলোৱাৰ লগতে খেতিপথাৰো উচ্ছেদ কৰে প্ৰশাসনে... ট্ৰেক্টৰেৰে উচ্ছেদ কৰে কেইবাশ বিঘা মাটিৰ বেঙেনা বিলাহী - কবি - জলকীয়াৰ খেতি ।আঢ়ৈ হাজাৰ বেদখলকাৰী পৰিয়ালক উচ্ছেদ ...বুঢ়াচাপৰি বনাঞ্চলৰ মুঠ ২,০০০ হেক্টৰ বনভূমি বেদখলকাৰীৰ কবলত আছে...বনাঞ্চলত বহুবছৰ ধৰি বাস কৰা বহুসংখ্যক অবৈধ দখলকাৰী আন ঠাইলৈ আঁতৰি গৈছে ... নগাঁও আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ যুটীয়া তত্ত্বাৱধানত চলা এই উচ্ছেদ অভিযানত বুঢ়াচাপৰি অভয়াৰণ্যৰ লংকেটাপু , বেতনি আৰু কমলাগড়কে ধৰি বিভিন্ন ঠাইত ৬৮২ হেক্টৰ বনভূমি প্রশাসনে বেদখলমুক্ত কৰে । লংকেটাপুত ৬৩০ হেক্টৰ বনভূমি বেদখলমুক্ত কৰা হয় । তাত ৫৬৩ টা ঘৰ আৰু ২,৪৪৪ জন বেদখলকাৰীক উচ্ছেদ কৰা হয় । বেতনিত ৭৬ টা পৰিয়ালৰ ৩০৪ জনক আৰু কমলাগড়ত ৬৫২ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হয় । উচ্ছেদিত ভূমি যাতে পুনৰ বেদখল কৰিব নোৱাৰে , তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে ।বনভূমিত থকা চৰকাৰী বিদ্যালয়সমূহ আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ নোহোৱাপর্যন্ত উচ্ছেদৰ পৰা বাহিৰত ৰখাৰ আশ্বাস দিছে শোণিতপুৰ জিলাৰ উপায়ুক্তই । 

No comments