Breaking News

বাল্য বিবাহ বিৰোধী অভিযান চলাই এইবাৰ ন্যায়ালয়ৰ ৰোষত অসম আৰক্ষী


ডিজিটেল ডেস্ক....গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামে বাল্য বিবাহ প্রতিৰোধী আইন ২০০৬ , পক্‌ছ ' আইনৰ ধাৰা আৰু ধৰ্ষণৰ আইপিচি ধাৰা ৩৭৬ ( ৩ ) আৰোপিত গোচৰৰ কেইবাজনৰ  জামিন মঞ্জুৰ কৰে ।স্ব - ইচ্ছাই বিবাহ কৰি সন্তান জন্ম হোৱাৰ পাছতো বাল্য বিবাহৰ অপৰাধত বে - আইনী স্বামীক গ্ৰেপ্তাৰ কৰি ধৰ্ষণ গোচৰ তথা পক্‌ছ ' আইনৰ ধাৰা আৰোপ কৰি জে'ললৈ নিক্ষেপ কৰিছে ।  ধৰ্ষণৰ আইপিচি ধাৰা ৩৭৬ ( ৩ ) ত গোচৰ ৰুজু হোৱা নগাঁৱৰ চামচুল হক নামৰ অভিযুক্তজনৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে বাল্য বিবাহৰ গোচৰত ধৰ্ষণৰ অভিযোগ নুঠাকৈ আই পি চি ৩৭৬ ( ৩ ) ধাৰা আৰোপ কৰা কার্যত ক্ষুব্ধ হৈ পৰে । ধৰ্ষণৰ অভিযোগ নকৰিলে আই পি চি ৩৭৬ ( ৩ ) ধাৰা কিয় আৰোপ কৰা হৈছে বুলিও প্রশ্ন কৰে ন্যায়ালয়ে । ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে একে ধৰণৰ বালা বিবাহৰ জামিন সম্পৰ্কীয় গোচৰত বাল্য বিবাহৰ অভিযুক্তৰ বিৰুদ্ধে আইনৰ ধাৰা আৰোপ কৰাক লৈ আৰক্ষীক প্রশ্ন কৰে । চৰকাৰী পক্ষক ন্যায়াধীশ শ্যামে কয় — ' অভিযুক্তই যদি বাল্য বিবাহ  আইন উলংঘন কৰিছে , তেনেহ'লে আইনে নিজৰ পথ নিজেই ল'ব । বাল্য বিবাহ অতীজৰে পৰা হৈ আহিছে । আদালতে এতিয়া কেৱল বিবেচনা কৰিব অভিযুক্তক তাৎক্ষণিকভারে জিম্মাত লৈ প্ৰেৰণ কৰি জেবাৰ প্ৰয়োজনীয়তা আছে নে নাই । এই মুহূর্তত আদালতে বিবেচনা কৰে যে— বালা বিবাহৰ এনে গোচৰৰ অভিযুক্তক জিম্মাত লৈ জেৰা কৰাৰ কোনো প্রয়োজনীয়তা নাই । আমি জবানবন্দী লিপিবদ্ধ কৰিবলৈহে নিৰ্দেশ দিম । কিয়নো এই গোচৰ এন ডি পি এছ . চোৰাং সৰবৰাহ বা সম্পত্তি চুৰি গোচৰ নহয় । চৰকাৰী পক্ষৰ অধিবক্তাক প্ৰশ্ন কৰি বিচাৰপীঠখনে কয়— ‘ পক্‌ছ ’ আইনৰ ধৰা যাতে তাঁতে আৰোপ কৰিব পাৰি নেকি ? এনে গোচৰত পক্‌ছ ' আইনৰ কথা ক'ৰ পৰা আহিল । যিকোনো উপায়েৰে যদিও পক্‌ছ ' আইনৰ ধাৰা আৰোপ কৰাও হয় , ইয়াৰ অৰ্থ এইটো নহয় যে— বিচাপতিয়ে গোচৰটোত কি আছে একো নাচাব ? আমি কাকো দোষমুক্ত কৰা নাই । অৱশ্যে তদন্ত কৰাতো কোনেও আপোনালোকক বাধা দিয়া নাই ।বাল্য বিবাহজনিত গোচৰসমূহত কাৰোবাৰ ব্যক্তিগত জীৱনৰ লগতে পৰিয়াল আৰু সন্তানৰ ভৱিষ্যত জড়িত বুলিও চৰকাৰী পক্ষক সতর্ক কৰি দিয়ে । এই সন্দৰ্ভত ন্যায়াধীশ শ্যামে কয়— ' এনে গোচৰ অভিযুক্তক জিম্মাত লৈ জেৰা চলোৱা গোচৰ নহয় । আইন অনুসৰি চৰকাৰে আগবাঢ়ক আৰু অভিযোগনামা দাখিল কৰক । যদিহে দোষী সাব্যস্ত কৰিব পাৰি , তেনেহ'লে তেওঁলোক দোষী সাব্যস্ত হ'ব । কিন্তু ই মানুহৰ ব্যক্তিগত জীৱন খেলি মেলি কৰি দিছে । য'ত শিশু , বৃদ্ধ আৰু পৰিয়ালৰ লোকৰ জীৱন জড়িত আছে ।

No comments