Breaking News

দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত আয়কৰ তালাচী

 


 ডিজিটেল ডেস্ক... ব্ৰিটিছ ব্রডকাষ্টিং কৰ্প'ৰেচনৰ নতুন দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত তালাচী চলোৱাত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনুষ্ঠানিকভাৱে কেন্দ্রীয় আয়কৰ বিভাগে এই কার্যকলাপক তালাচীৰ ( ৰেইড ) পৰিৱৰ্তে জৰীপ বা সমীক্ষা ( ছাৰ্ভে ) বুলি মন্তব্য কৰিলেও এই ঘটনাই দেশৰ ৰাজনীতি তোলপাৰ কৰি দিছে ।  কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে , বিবিচি ২০০২ চনৰ পৰাই মোদীজীৰ পিছত লাগি আছে । যিমানেই ষড়যন্ত্ৰ নকৰক কিয় , সত্যক দীৰ্ঘদিন ঢাকি ৰাখিব পৰা নাযায় । কিন্তু প্রতিবাৰেই মোদীজী অধিক শক্তিশালী , আৰু জনপ্ৰিয় হৈ উঠি আহিছে । অমিত শ্বাহে বেচৰকাৰী সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাতকাৰত এনেদৰে মন্তব্য কৰি চৰকাৰৰ যে এই তালাচীৰ ক্ষেত্ৰত পূৰ্ণ সমর্থন আছে সেয়া বুজাই দিছে । আনহাতে ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ ৰাষ্ট্ৰীয় প্ৰচাৰ প্ৰতিষ্ঠানৰ ভাৰতীয় কাৰ্যালয়ত তালাচী সন্দৰ্ভত প্রথম প্রতিক্রিয়া প্রকাশ কৰি কৈছে — ' আমি ভাৰতত থকা বিবিচিৰ দুটা কাৰ্যালয়ত ভাৰতীয় আয়ক বিভাগে চলোৱা তালাচীৰ ঘটনা অতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছো । ” বিবিচিৰ কাৰ্যালয়ত চলোৱা তালাচী সন্দৰ্ভত ব্যাপক প্রতিক্রিয়া সৃষ্টি হোৱা দেখি কেন্দ্ৰীয় আয়কৰ বিভাগে এয়া জৰীপ বা সমীক্ষা বুলি বিষয়টো তৰল কৰিবলৈ চেষ্টা চলালেও এয়া মুঠেই সাধাৰণ জৰীপ নাছিল , বৰং এয়া আছিল কঠোৰ আৰু ব্যাপক তালাচী অভিযান । কিয়নো দিনৰ ১১-২০ বজাত নতুন দিল্লীৰ বিবিচিৰ কাৰ্যালয়ত একেলগে ১৫ জন বিষয়াৰ দলে প্রৱেশ কৰে আৰু প্ৰায় একেসময়তে মুম্বাইৰ কাৰ্যালয়তো আন এটা বৃহৎ দলে প্রৱেশ কৰে । আয়কৰ বিভাগৰ দুয়োটা দলেই বিবিচিৰ সকলো কৰ্মচাৰীক একগোট কৰি প্রথমে প্রত্যেকৰে ম'বাইল ফোন আৰু লেপটপ জব্দ কৰে । তাৰ পাছতে আৰম্ভ হয় ব্যাপক তালাচী । সেই সময়ত বিবিচি - ৰ কোনো কৰ্মচাৰীকে বাহিৰলৈ ফোন কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল । এটা দলে তালাচী চলোৱাৰ সময়ত আন এটা দলে জব্দ কৰা ম’বাইল ফোন আৰু লেপটপ ‘ স্কেন ’ কৰে । ভঘণ্টাৰো অধিক সময় ধৰি চলা তালাচীত বিবিচি - ৰ ‘ ট্রান্সফাৰ প্ৰাইচিং ’ পৰীক্ষা কৰা হয় । ‘ ট্রান্সফাৰ প্ৰাইচিং ’ হৈছে একেটা সংস্থাই নিজৰ এটা বিভাগৰ পৰা আন বিভাগলৈ সেৱা বা পণ্য হস্তান্তৰ কৰা প্ৰক্ৰিয়া । আয়কৰ বিভাগে বিবিচি - ৰ বিত্ত বিভাগৰ পৰা বিগত বহু বছৰৰ ‘ বেলেন্স শ্বিট ’ ( বার্ষিক আয় ব্যয়ৰ হিচাপ ) জব্দ কৰে । দীর্ঘ ৬ ঘণ্টাৰ তালাচীৰ পাছত আয়কৰ বিভাগে কৰ্মচাৰীসকলক তেওঁলোকৰ ম'বইল আৰু লেপটপ ঘূৰাই দিয়ে তালাচীৰ সময়ত দুয়োটা কার্যালয়তে আতংকৰ পৰিৱেশৰ সৃষ্টি হয় আৰু একাংশ কৰ্মচাৰী লেপটপ - ম'বাইল দিয়া - নিদিয়াক লৈ আয়কৰ বিষয়াৰ সৈতে তর্কত লিপ্ত হয় । পিছে আয়কৰ বিষয়াই বলপূর্বক ম'বাইল আৰু লেপটপ হস্তগত কৰি লয় । সেই সময়ত বিবিচি ৰ লণ্ডনৰ মূখ্য কাৰ্যালয়ৰ পৰা তেওঁলোকৰ কৰ্মচাৰীসকলক তালাচীত সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু তেতিয়াও বাহিৰত থকা কৰ্মচাৰীক কাৰ্যালয়লৈ নাযাবলৈ আহ্বান জনায় । কোৱা বাহুল্য মাথোঁ , তালাচীৰ সময়ত বিবিচি - ৰ দুয়োটা কার্যালয় আয়কৰ বিভাগে ছীল কৰি ৰাখিছিল ।বিবিচিৰ কাৰ্যালয়ত আয়কৰ বিভাগে তালাচী চলোৱাৰ লগে লগে দেশৰ সকলো বিৰোধী দল মোদী চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে ।কংগ্ৰেছসহ বিৰোধী দলে দেশত মোদী চৰকাৰে অঘোষিত জৰুৰী অৱস্থা জাৰি কৰা বুলিও মন্তব্য কৰে । আনহাতে বিজেপিয়েও বিৰোধী দলক ফেপেৰি পাতি ধৰে আৰু বিবিচি - ক বিশ্বৰ সৰ্ববৃহৎ ‘ ভ্রষ্ট , বকৱাছ কৰ্প'ৰেচন ’ বুলি বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই অভিহিত কৰে । উল্লেখ্য , বিবিচিয়ে নির্মাণ কৰা তথ্যচিত্ৰখন উদ্দেশ্যপ্রণোদিত বুলি অভিহিত কৰি মোদী চৰকাৰে ইতিপূৰ্বে ভাৰতত নিষিদ্ধ ঘোষণা কৰিছে । ।

No comments