Breaking News

মেৰাপানীত বিশিষ্ট নিবন্ধকাৰ, লেখক, শিক্ষাবিদ মনোজ কুমাৰ শইকীয়াৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিঃ স্মৃতিচাৰণ সভাত শইকীয়াৰ স্মৃতিত দুখনকৈ গ্ৰন্থ উন্মোচনঃ

 


ডিজিটেল সংবাদ,মেৰাপানী, .... দৈয়াঙৰ বিশিষ্ট শিক্ষাবিদ, নিবন্ধকাৰ, লেখক, সু-বক্তা, দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ মনোজ কুমাৰ শইকীয়াৰ যোৱা ২৩ জানুৱাৰীত মৃত্যুৰ উপলক্ষে শোকস্তব্ধ দৈয়াংবাসী ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে আজি দৈয়াং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰে। প্ৰয়াত শইকীয়াৰ অকাল বিয়োগত দৈয়াংবাসী ৰাইজে মনোজ কুমাৰ শইকীয়ালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আজি পুৱা দৈয়াং মহাবিদ্যালয়ৰ চৌহদত সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰি গীতা, বাইবেল, কোৰাণ আৰু টিপিটক পাঠ কৰে। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ খেলপথাৰত শইকীয়াৰ প্ৰতিমূত্তিত পুষ্পাঞ্জলি, বন্তিপ্ৰজ্বলন কৰি মনোজ কুমাৰ শইকীয়াৰ প্ৰতি শ্ৰদ্ধা জনায়। এই অনুষ্ঠানৰ পাছতে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দৈয়াঙৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত বিভিন্ন ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মী সকলৰ উপস্থিতিত মনোজ কুমাৰ শইকীয়াৰ জীৱন বৃত্তান্ত সম্বলিত 'সোঁৱৰণি সমলয়' নামৰ এখন সোঁৱৰণি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক জনাৰ্দন গোস্বামীয়ে।  এই অনুষ্ঠানতে মনোজ কুমাৰ শইকীয়াৰ জীৱিত কালত লিখা শেষৰ খনি গ্ৰন্থ 'সাংস্কৃতিক গতি আৰু দৰ্শন' নামৰ গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী প্ৰধ্যাপক ড° দিলীপ বৰাই। স্মৃতিচাৰণ অনুষ্ঠানটিত অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ধ্ৰুৱজ্যোতি শৰ্মা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক প্ৰবীন গগৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, ৰাজ্যিক কৃষক মৰ্চাৰ সভাপতি দেৱজিত বৰা, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিতোপন শইকীয়া, আপকুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰিয়ংদ্বীপ কাকতি, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোনাৱাল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি নিকুঞ্জ মেধি, মৰঙি প্ৰেছ ক্লাৱৰ সম্পাদক হেমন্ত শইকীয়া, সামাজিক উন্নয়ণ ফ'ৰামৰ সম্পাদক ধ্ৰুৱজ্যোতি বৰা,  হালোৱা কবি দণ্ডীৰাম বৰা, দৈয়াংৰত্ন মহেন বৰুৱা, সোনোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ সদস্য ৰাজু সোনোৱাল, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ সদস্যা শিখামনি ঠেঙাল বৰুৱা, গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ কাৰ্যকৰী সভাপতি যুগলজ্যোতি বৰা, গোলাঘাট জিলা বিজেপিৰ সম্পাদক পোনা বৰাৰ লগতে দৈয়াং সাহিত্য সভা, মেৰাপানী মহকুমা  সাংবাদিক সংস্থা,  মেৰাপানী টাউন বজাৰ সমিতি, মেৰাপানী টাউন ক্লাৱ আদিৰ লগতে দৈয়াঙৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়া কৰ্মী সকল উপস্থিত থাকে। এই অনুষ্ঠানতে দৈয়াং শাখা সাহিত্য সন্মিলনী তৰফৰ পৰা প্ৰয়াত মনোজ কুমাৰ শইকীয়াক মৰণোত্তৰভাৱে 'দৈয়াং বৈভৱ' সন্মান প্ৰদান কৰা হয়। 

No comments