Breaking News

পৰিৱেশ সুৰক্ষা সমিতিৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি গছপুলি ৰূপনৰে ব্যতিক্ৰমী চাফাই কাৰ্যসূচী ৰূপায়ন



ডিজিটেল সংবাদ, তিনিচুকীয়াঃ আজি বৰগুৰিত অৱস্থিত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ স্থায়ী আদৰণি গেটৰ সমীপত পৰিৱেশ সুৰক্ষা সমিতিৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণি বৰ্ষ জোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন কাৰ্যসূচীৰ অন্তৰ্গত গছপুলি ৰোপণ কৰা হয়।গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছত পৃথিৱীৰ বিখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ স্থায়ী আদৰণি গেটখন হাবি জংঘল সমূহ কাটি চাফাই কাৰ্যসূচী গ্ৰহণ কৰা হয়। চাফাই কাৰ্যসূচীৰ পাছত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই  উল্লেখ কৰে যে প্ৰতিপালনৰ অভাৱত এনেকুৱা বহুতো ৰাজহুৱা সম্পত্তি খুব কম সময়ত ধ্বংস হৈ যায়। ৰাজহুৱা সম্পত্তি সমূহ ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হয় গতিকে আমি ৰাইজে ৰাজহুৱা সম্পত্তি সমূহ চকু দি ইয়াৰ সুৰক্ষাৰ ব্যৱস্থা কৰিলেহে ৰাজহুৱা সম্পত্তি সমূহ সুৰক্ষিত হব। লগতে ভবিষ্যতৰ দিনবোৰত আমাৰ মহান মনীষী সকলৰ প্ৰতিমূৰ্তি সমূহৰ ছাফচিকুনৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে।আজিৰ বিশেষ কাৰ্যসূচীত পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় মুখ্য সংস্কৃতি সম্পাদক জিন্টু শইকীয়া, কেন্দ্ৰীয় সদস্য অপূৰ্ব দাস, জিলা উপসভাপতি জীৱন দত্ত। , ৱাজিদ খান জিলা সহকাৰী সম্পাদক স্বপন দে , কিশোৰ চাহ , জিলা প্ৰতিপাল সম্পাদক ৰাজু বৰ্মন , জিলা সদস্য শান্তনু বৰুৱা উপস্থিত 

No comments