Breaking News

ৰাজ্যৰ প্ৰতিখন টোল গেটত আদায় দিব লাগে অত্যধিক মাচুল



 ডিজিটেল ডেস্ক: জয়পুৰ ২২০ কিঃমিঃ পথত টোল মাত্র ৭০ টকা , অসমত দিব লাগে কমেও ২৪০ টকা.... ৰাজ্যৰ প্ৰতিখন টোল গেটত আদায় দিব লাগে অত্যধিক মাচুল : সোণাপুৰত ১১৫ টকা , ৰহাত ১০০ টকা , ডৰকাত ৮০ টকা , মদনপুৰত ১২৫ টকা , ভৱানীপুৰত ৫০ টকা , বিজনীত ৬৫ টকা ন্যূনতম টোল ধার্য.... চৰকাৰে এনে লুণ্ঠন কাৰ্যৰ  বিৰুদ্ধে কোনোধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই ।চৰকাৰে ইয়াৰ জৰিয়তে এনে লুণ্ঠনক মান্যতাহে প্ৰদান কৰিছে । কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা দিল্লী - মুম্বাই সংযোগী এক্সগ্ৰেছ হাইৱে'ৰ বাবে নিৰ্ধাৰণ কৰা টোলৰ পৰিমাণে অসমত টোল সংগ্ৰহৰ নামত চলা লুণ্ঠনকার্য পুনৰ প্ৰমাণ কৰিলে ।প্রধানমন্ত্রী মোডীয়ে উক্ত এক্সপ্ৰেছ হাইৱে'ৰ দিল্লীৰ পৰা ৰাজস্থান সংযোগী অংশটো মুকলি কৰে ।চৰকাৰে  ঘোষণা কৰিছে যে এই পথেদি দিল্লীৰ পৰা জয়পুৰলৈ ২২০ কিলোমিটাৰ পথ অতি কম সময়ৰ ভিতৰত অতিক্ৰম কৰিব পৰা যাব । ৮ লেনযুক্ত ২২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰ বাবে নিৰ্ধাৰণ কৰা টোলৰ পৰিমাণ মাত্র ৭০ টকা । প্রতি কিলোমিটাৰত টোলৰ পৰিমাণ মাত্র ৩৫ পইচা । কিন্তু অসমত ২২০ কিলোমিটার পথ অতিক্ৰম কৰিবলৈ হ’লে কমেও ২৪০ টকা লাগিব । গুৱাহাটীৰ পৰা নামনিলৈ গ'লে মদনপুৰ টোলগেটত এখন সৰু চাৰিচৰ্কীয়া গাড়ীয়ে এবাৰৰ যাত্ৰাত ১২৫ টকা , ভৱানীপুৰ টোলগেটত ৫০ টকা আৰু বিজ্ঞানী টোলগে'টত ৬৫ টকাকে ধৰি মুঠ ২৪০ টকা আদায় দিব লাগিব । একেদৰে গুৱাহাটীৰ পৰা উজনিলৈ গ'লে সোণাপুৰৰ টোলগে টত এখন সৰু চাৰিচকীয়া গাড়ীয়ে ১১৫ টকা , ৰহা টোলগে'টত ১০০ টকা আৰু ডবকা টোলগে'টত ৮০ টকা আদায় দিব লাগিব । এই পৰিমাণ হয়গৈ ২৯৫ টকা । তদুপৰি আশ্চর্যজনক বিষয়টো হ'ল যে দিল্লীৰ পৰা জয়পুৰলৈ ২২০ কিলোমিটাৰ পথছোৱাত যি সময়ত এখন টোলগে'টত মাত্র ৭০ টকা মাচুল নিৰ্ধাৰণ কৰা হৈছে , সেই সময়ত অসমত প্রতি ৬০ কিলোমিটাৰৰ মূৰে মূৰে একোখনকৈ টোলগেট স্থাপন কৰা হৈছে । ৰাজ্যৰ টোলগে টসমূহত সংগ্ৰহ কৰা মাচুলৰ ন্যূনতম পৰিমাণহে উল্লেখ কৰা হৈছে ।  মদনপুৰ টোলগে টত এখন লঘু বাণিজ্যিক বাহনৰ এবাৰৰ টোলৰ পৰিমাণ ২০০ টকা , বাছ অথবা ট্ৰাকৰ টোল ৪২০ টকা , তিনিটা এক্সেলযুক্ত গাড়ীৰ ঢোলৰ পৰিমাণ ৪৫৫ টকা , গধুৰ বাণিজ্যিক গাড়ীৰ টোলৰ পৰিমাণ ৬৫৫ টকা , সাতটাতকৈ অধিক এক্সেল থকা গাড়ীৰ টোলৰ পৰিমাণ ৮০০ টকা । বাকীবোৰ টোলগে টতো এনেধৰণৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে ।

No comments