Breaking News

যশস্বী চিত্রশিল্পী নীলপৱন বৰুৱাক বিকৃত ৰূপত উপস্থাপন... ব্ৰাছ ষ্ট্ৰ’কে দৰ্শকৰ ব্ৰেইন ষ্ট্ৰ'ক কৰিব '' চম্পক বৰবৰা ''...


ডিজিটেল ডেস্ক:যশস্বী চিত্রশিল্পী নীলপৱন বৰুৱাক বিকৃত ৰূপত উপস্থাপন কৰা হৈছে ' ব্ৰাছ  ষ্ট্ৰ'ক নামৰ এখন তথ্যচিত্ৰত । চিত্রশিল্পীগৰাকীক অপমান কৰা তথ্যচিত্ৰখনৰ প্ৰদৰ্শন  বন্ধ কৰাৰ লগতে পৰিচালক পার্থজিৎ বৰুৱাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনাইছে ৰাজ্যৰ কেইবাগৰাকীও শিল্পী আৰু কলা বিশেষজ্ঞই । গুৱাহাটী প্ৰেছ ক্লাবত  সংবাদমেল অনুষ্ঠিত কৰি এই দাবী জনাই কেইবাগৰাকীও ন - পুৰণি শিল্পী তথা সচেতন নাগৰিকে । নীলপৱন বৰুৱাৰ জীৱন আধাৰিত পাথজিৎ বৰুৱাই নিৰ্মাণ কৰা তথ্যচিত্ৰখনত শিল্পীগৰাকীৰ বিভিন্ন আপত্তিজনক দৃশ্য সন্নিৱিষ্ট কৰা কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিয়ে শিল্পী সমাজে । বিশেষকৈ তথ্যচিত্ৰখনত ডায়েপাৰ খুলি নীলপৱন বৰুৱাক গা ধুওৱাৰ দৃশ্য সন্নিৱিষ্ট কৰা , মাজনিশা অর্ধনগ্ন ৰূপত শিল্পীগৰাকীক প্ৰদৰ্শন কৰা , ডিমেনচিয়াত ভূগি থকা সত্ত্বেও শিল্পীগৰাকীক পৰিচালকে উপর্যুপৰি বিভিন্ন প্রশ্ন কৰা , প্রয়াত পত্নী দীপালী বৰঠাকুৰৰ কথা বাৰম্বাৰ সুধি শিল্পীগৰাকীক মানসিকভাৱে হাৰাশাক্তি কৰা আদি কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে যশস্বী শিল্পীগৰাকীৰ গুণমুগ্ধসকলে ।সংবাদমেলত অংশ লৈ জ্যেষ্ঠ চিত্ৰশিল্পী চম্পক বৰবৰাই এই সন্দৰ্ভত কয়— ব্রাছ উ’কে দৰ্শকৰ ‘ ব্রেইন ইক ' কৰিব । তথ্যচিত্ৰখনত কেৱল নীলপৱন বৰুৱাৰ নিঃসংগ , অসহায় দৃশ্য দেখুওৱা হৈছে । পৰিচালকে তথ্যচিত্ৰখনৰ জৰিয়তে শিল্পীগৰাকীক পাগল মানুহ হিচাপে ৰাইজৰ আগত চিনাকি কৰি দিব বিচাৰিছে । অসমৰ সাংস্কৃতিক ঐতিহালৈ নীলপৱন বৰুৱাৰ অৱদান অনবদ্য । তেওঁ অসমৰ এগৰাকী সম্মানীয় আৰু সকলোৰে প্ৰিয় দৃশ্যকলা শিল্পী । তথ্যচিত্ৰখনত নীলপৱন বৰুৱাৰ দৰে এগৰাকী ব্যক্তিক অসম্মানজনক ৰূপত প্ৰদৰ্শন কৰাটো কোনো কাৰণতে গ্রহণযোগ্য হ'ব নোৱাৰে । এতিয়াৰ পৰা তথ্যচিত্ৰখনৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ পৰিচালকক সকীয়াই দিয়ে জ্যেষ্ঠ চিত্ৰশিল্পীগৰাকীয়ে । শিল্পী নিখিলেশ্বৰ বৰুৱাই কয়— ' তথ্যচিত্ৰখনৰ জৰিয়তে পৰিচালকে নিকৃষ্ট মানসিকতাৰ পৰিচয়দিছে । ব্যক্তিগত পৰিসৰত কেমেৰাৰ অনুপ্ৰৱেশ একধৰণৰ অপৰাধ , বিশেষকৈ যেতিয়া সেই ব্যক্তিগৰাকী সম্মতি দিয়া - নিদিয়াৰ সিদ্ধান্ত ল'ব পৰা অৱস্থাত নাথাকে । সম্মতি থাকিলেও কিছুমান একান্ত ব্যক্তিগত দৃশ্যৰ ৰূপায়ণ ৰুচিহীনতাৰে কৰাটো নীচ মানসিকতাৰ পৰিচায়ক । তথ্যচিত্ৰখনত পৰিচাৰিকাগৰাকীয়ে নীলপৱন বৰুৱাক গা ধুওৱাৰ সময়ত ডায়েপাৰ খুলিবলৈ লোৱা দৃশ্য গা ধোৱা ঘৰৰ ভেন্টিলেটৰেদি লোৱা হৈছে । তদুপৰি মাজনিশা দুৱাৰখন খুলিবলৈ কাতৰ হৈ পৰা নীলপৱন বৰুৱাক অৰ্ধনগ্ন ৰূপত দেখুওৱা হৈছে । যদি তথ্যচিত্র নির্মাতাৰ কাৰণে এই দৃশ্যটো ৰুচিহীন নাছিল তেনেহ'লে ইয়াৰ পিচৰ দৃশ্যটোতে গামোচা এখন শিল্পীগৰাকীৰ কঁকালত কিয় মেৰিয়াই দিয়া হ’ল ? যদি তেওঁক অর্ধনগ্ন ৰূপত দেখুওৱাটো পৰিচালকে ৰুচিহীন বুলি ভাবিছিল তেনে দৃশ্যটো কিয় তথ্যচিত্ৰখনত ৰাখিলে ৷ ইফালে তথ্যচিত্ৰখনত ডিমেনচিয়াৰ দৰে গভীৰ সমস্যা এটাক অসংবেদনশীলতাৰে দেখুৱাইছে । জ্যেষ্ঠ শিল্পী মধুসুদন দাসেও ‘ ব্ৰাছ ষ্ট্ৰ'ক'ৰ প্ৰদৰ্শন বন্ধ কৰাৰ দাবী জনায় । এই তথ্যচিত্ৰখনে প্রয়াত নীলপৱন বৰুৱাক দ্বিতীয়বাৰলৈ মাৰিলে বুলিও দাসে মন্তব্য কৰে । সংবাদমেলত অংশ লৈ মুনীন বৰকটকী স্মাৰক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী মীনাক্ষী বৰকটকীয়ে কয়— ‘ ব্ৰাছ ষ্ট্ৰ'ক ' নামৰ তথ্যচিত্ৰখনৰ জৰিয়তে পৰিচালকে কেৱল নীলপৱন বৰুৱাকে নহয় , সমগ্র শিল্পী সমাজক অপমান কৰিছে । তথ্যচিত্ৰখনত নীলপৱন বৰুৱাক মানসিক বিকাৰগ্ৰস্ত শিল্পী হিচাপে উপস্থাপন কৰিছে । ৰাইজে এই তথ্যচিত্ৰখন বৰ্জন কৰিব লাগে । ' সংবাদমেলত উপস্থিত থাকি কবি তথা চিত্র সমালোচক অপৰাজিতা পূজাৰীয়ে ‘ ব্ৰাছ ষ্ট্ৰ'ক’ৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

No comments