Breaking News

দিল্লী - মুম্বাই এক্সপ্ৰেছ ৱে'ৰ প্ৰথমছোৱা উদ্বোধন


ডিজিটেল ডেস্ক: দিল্লী - মুম্বাই এক্সপ্ৰেছ ৱে'ৰ প্ৰথমছোৱা উদ্বোধন ....প্ৰচুৰ ধন বিনিয়োগ কৰা হৈছে দেশৰ আন্তঃগাঁথনি নির্মাণত " মোডী "..... দিল্লীৰ পৰা জয়পুৰলৈ কমিল দূৰত্ব, এতিয়াৰে পৰা পূৰ্বৰ চাৰে পাঁচ ঘণ্টাৰ পৰিবৰ্তে মাত্ৰ চাৰে তিনি ঘণ্টাতে যাত্রী দিল্লীৰ পৰা জয়পুৰত উপস্থিত হ'ব । কেৱল এয়াই নহয় , দিল্লীৰ পৰা মুম্বাইলৈও পূর্বতকৈ আধা সময়তে যাত্রা কৰিব পৰা যাব ।  প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে দিল্লী - মুম্বাই এক্সপ্ৰেছ ৱে’ৰ দিল্লীৰ পৰা ৰাজস্থানৰ দৌছা - লালছোটপর্যন্ত অংশ উদ্বোধন কৰে ।প্ৰধানমন্ত্ৰীয়ে কয়— ' এই নতুন পথে সময় বচাব । দিল্লীত কাম থকাসকলে সন্ধিয়া জয়পুৰৰ ঘৰলৈ ঘূৰি আহিব পাৰিব । কৃষকে কম খৰচতে উৎপাদিত সামগ্রী দিল্লীলৈ পঠিয়াব পাৰিব । ' দিল্লীৰ পৰা পৌঁছা - লালছোটপর্যন্ত ঘাইপথছোৱাৰ দৈর্ঘ্য হৈছে ২৪৬ কিলোমিটাৰ । আঠ গেনৰ এই দিল্লী - মুখাই এক্সপ্ৰেছ ৱে ’ হ'ব দেশৰ আটাইতকৈ দীঘল ঘাইপথ । কাম সম্পূৰ্ণ হোৱাৰ পিচত ইয়াৰ দৈৰ্ঘ্য হ’ব ১,৩৮৬ কিলোমিটাৰ । বৰ্তমান দিল্লী - মুম্বাই পথৰ দূৰত্ব হৈছে ১,৪২৪ কিলোমিটাৰ । নতুন ঘাইপথ সম্পূর্ণ হলে এই দূৰত্ব ১২ শতাংশ কমি ১,২৪২ কিলোমিটাৰ হ'ব ৷ দিল্লীৰ পৰা মুম্বাই পাবলৈ বৰ্তমান ২৪ ঘণ্টা লাগে যদিও নতুন পথেৰে ইয়াৰ আধা সময় , অর্থাৎ ১২ ঘণ্টাতে দিল্লীৰ পৰা মুম্বাইত উপস্থিত হ’ব পাৰিব যাত্রী । দিল্লী - মুম্বাই এক্সপ্ৰেছ ৱে ' ছখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যাব । ৰাজ্যকেইখন হ'ল – দিল্লী , হাৰিয়ানা , ৰাজস্থান , মধ্যপ্রদেশ , গুজৰাট আৰু মহাৰাষ্ট্ৰ । এই পথে কোটা , ইন্দোৰ , জয়পুৰ , ভূপাল , ভদোদৰা , চুৰাটৰ দৰে মহানগৰক স্পর্শ কৰিব ।

No comments