Breaking News

ৰাম মন্দিৰৰ দ্বিতীয়জন ৰায়দাতা ন্যায়াধীশ আব্দুল নাজিৰো পুৰস্কৃত ...

 


ডিজিটেল ডেস্ক...ৰাম মন্দিৰৰ দ্বিতীয়জন ৰায়দাতা ন্যায়াধীশ আব্দুল নাজিৰো পুৰস্কৃত ...দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক পুৰষ্কৃত কৰাৰ পাছত অযোধ্যাৰ ৰাম মন্দিৰ গোচৰত অন্যতম বিচাৰক ছৈয়দ আব্দুল নাজিৰকো মোদী চৰকাৰে পুৰষ্কৃত কৰিলে । অযোধ্যাৰ বিতর্কিত ভূমিত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে উচ্চতম ন্যায়ালয়ে প্রদান কৰা সৰ্বসন্মত ৰায়দানত অন্যতম বিচাৰকৰ দায়িত্বত থকা এছ এ নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে মোদী চৰকাৰে । মোদী চৰকাৰৰ ছুপাৰিশ অনুযায়ী ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মূৱে দেওবাৰে এছ এ নাজিৰক অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি । দিয়ে ।  এছ এ নাজিৰে যোৱা ৪ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । অযোধ্যাৰ ৰামমন্দিৰ- বাবৰি মছজিদ গোচৰৰ উপৰি নাজিৰে তিনি তালাক , বিমুদ্ৰাকৰণৰ গোচৰৰো ৰায়দান কৰিছিল । তাৎপর্যপূৰ্ণভাৱে এই প্ৰত্যেকটো গোচৰৰ ৰায়দান মোদী চৰকাৰৰ পক্ষে গৈছিল অথবা বিভিন্ন দিশেৰে মোদী চৰকাৰ উপকৃত হৈছিল । সবাটোকৈ উল্লেখ্যযোগ্য আছিল ঐতিহাসিক অযোধ্যা ভূমি বিবাদৰ গোচৰ । সেই গোচৰৰ বিচাৰক আছিল তেতিয়াৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ , এছ এ ব’বডে , ডি ৱাই চন্দ্ৰচূড় , অশোক ভূষণ আৰু এছ এ নাজিৰ ৷ ২০১৯ চনৰ ৯ নৱেম্বৰত অযোধ্যা গোচৰৰ চূড়ান্ত ৰায়দান প্ৰদান কৰা হৈছিল । ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰপীঠৰ  ৰায়দানৰ ৯ মাহ পাছতে ১৯ মাৰ্চত ৰঞ্জন গগৈক নৰেন্দ্ৰ মোদী চৰকাৰে  ৰাজ্যসভালৈ মনোনীত কৰি অৱসৰকালীন সংস্থাপনৰ লগতে পুৰষ্কৃত কৰা বুলি প্ৰবল চৰ্চা হৈছিল ।

No comments