Breaking News

আৰক্ষীৰ দৰবাৰ , শুনিব ওজৰ আপত্তি ‘




ডিজিটেল ডেস্ক: কেৱল আৰক্ষীৰ বিৰুদ্ধেই অভিযোগ নহয় , আপোনাৰ অঞ্চলটোৰ আইন - শৃংখলাজনিত সমস্যাৰ সন্দৰ্ভতো জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ লগতে খোদ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়তো অভিযোগ দিব পাৰিব কৰ্তৃত্বশীল শীৰ্ষ বিষয়াক । ৰাজ্যৰ নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে দায়িত্বভাৰ লৈয়ে আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক ওচৰ চপাই অনাৰ লক্ষ্যৰে সপ্তাহটোৰ প্ৰতিটো কাৰ্য দিনতে ৰাইজৰ ওজৰ আপত্তি নিৰাময়ৰ বাবে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু আৰক্ষী সঞ্চালক প্রধানৰ কাৰ্যালয়ত একোজনকৈ শীর্ষ কর্তৃত্বশীল বিষয়াৰ উপস্থিতি বাধ্যতামূলক কৰিছিল ।প্ৰতিটো দিনত কাৰ্য্যালয়সমূহত পুৱা ১১.. ৩০ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ নিশ্চিতভাৱে একোজন দায়িত্বশীল বিষয়া উপস্থিত থাকিব আৰু বিষয়াজনে সংশ্লিষ্ট জিলাখনৰ ৰাইজৰ লগত মত - বিনিময় কৰি তেওঁলোকৰ ওজৰ -আপত্তিসমূহ নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰিব ।  সমূহ কাৰ্য্যালয়তে ৰাইজৰ প্ৰতি এই সেৱা আগবঢ়োৱাৰ বাবে বিষয়াসকলক নিয়োজিত কৰা হৈছে । জিলা কাৰ্য্যালয়সমূহত ৰাইজে কোনো সমস্যা অথবা অসুবিধাৰ সন্মুখীন হ’লে অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ দায়িত্বশীল বিষয়াক অবগত কৰিব পাৰিব । আৰক্ষী সঞ্চালকপ্ৰধানজনে আৰক্ষীক অধিক জনমুখী আৰু ৰাইজকেন্দ্ৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গ্রহণ কৰা এই ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সহায় - সহযোগিতা কামনা কৰিছে ।

No comments