Breaking News

সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তত্ত্বাৱধানত তদন্ত কৰাৰ দাবী উত্থাপন কৰে বিৰোধী সাংসদসকলে

 


ডিজিটেল ডেস্ক..সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তত্ত্বাৱধানত তদন্ত কৰাৰ দাবী উত্থাপন কৰে বিৰোধী সাংসদসকলে । লোকসভা আৰু ৰাজ্যসভাত বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিবেশৰ পৰিপ্ৰেক্ষিতত উভয় সদন সোমবাৰ পর্যন্ত স্থগিত ৰখা হয় । বাজেট অধিৱেশনৰ চতুর্থ দিনা ৰাজ্যসভাত বিৰোধী দলপতি মল্লিকার্জুন খাগেই.... আদানি বিষয়ক লৈ আলোচনাৰ আবেদন জনায় । কংগ্ৰেছৰ ছয়ীদ নাছিৰ হুছেইন , শিৱসেনাৰ প্ৰিয়ংকা চতুর্বেদীসহ কেইবাগৰাকী বিৰোধী সাংসদেও একে দাবী কৰে । লোকসভাতো অনুৰূপ দাবী উত্থাপন কৰে বিৰোধীয়ে । দুয়োখন সদনতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পৰিস্থিতি শান্ত নোহোৱাত প্রাথমিকভাৱে দিনৰ দুই বজালৈকে লোকসভাৰ অধিৱেশন স্থগিত ৰাখে অধ্যক্ষই । দুই বজাৰ পিচত সদন পুনৰ আৰম্ভ হয় যদিও পৰিবেশ সলনি নহয় আৰু ফলত অধ্যক্ষই সোমবাৰলৈকে সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে ।  ৰাজ্যসভার সাংসদ প্রমোদ তিৱাৰীয়ে কয় যে শতিকাৰ সৰ্ববৃহৎ দুৰ্নীতিৰ বিৰুদ্ধে ২৬৭ নং ধাৰাৰ অধীনত কংগ্ৰেছে জাননী দিছিল ।আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিওেনবার্গ ৰিছাৰ্চৰ প্ৰতিবেদনত আদানি গ্ৰুপৰ বিৰুদ্ধে শ্বেয়াৰ বজাৰত দুৰ্নীতি আৰু জালিয়াতিৰ অভিযোগ অনাৰ পিচতো নীৰৱে আছে নৰেন্দ্ৰ মোডী চৰকাৰ । প্রধানমন্ত্রী কিম্বা শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰক ছেবিৰ অধ্যক্ষ কোনেও এটাও শব্দ উচ্চাৰণ কৰা নাই । সৰ্বভাৰতীয় নিউজ চেনেলত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কয়— ‘ মই যিমানখিনি জানো এছ বি আই আৰু এল আই চিৰ শীর্ষ বিষয়াসকলে কৈছে যে তেওঁলোক বিপদৰ মুখতনাই ।  আদানি গ্রুপ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ বিচাৰি সর্বোচ্চ ন্যায়ালয়ত এখন জনস্বার্থজড়িত আবেদনো ( পি আই এল ) দাখিল কৰা হৈছে । তৃণমূল কংগ্ৰেছৰ সাংসদ মহুর মৈত্রই কয় যে ছেবিয়ে যদি আদানি গ্ৰুপৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে । ভেস্তে ছেবিৰ কৰ্প'ৰেট গৱৰ্নেল এণ্ড ইনছাইডাৰ ট্রেডিং কমিটীৰ পৰ অবিধবক্তা ছিৰিল শুফে পদত্যাগ কৰা উচিত । ' শ্ৰফৰ জীয়ৰী , গৌতম আদানিৰ বোৱাৰী হোৱা বাবেই নীতিগত কাৰণত আদানি সম্বন্ধীয় তদন্তৰ পৰা আঁতৰি থকা উচিত ।'— মৈত্রই কয় । চৰকাৰৰ নীৰৱতাৰ আঁৰত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীকে দায়ী কৰিছে , বিৰোধীয়ে ।

No comments