Breaking News

গুজৰাট সংঘৰ্ষৰ বাবে নৰেন্দ্ৰ মোডীক জগৰীয়া কৰি বি বি চিয়ে নির্মাণ কৰা তথ্যচিত্ৰৰ বিষয়টো উত্থাপিত হ'ল দেশৰ উচ্চতম ন্যায়ালয়ত



ডিজিটেল ডেস্ক: গুজৰাট সংঘৰ্ষৰ বাবে নৰেন্দ্ৰ মোডীক জগৰীয়া কৰি বি বি চিয়ে নির্মাণ কৰা তথ্যচিত্ৰখনক লৈ সমগ্ৰ দেশত বিতৰ্কৰ বিষয়টো উত্থাপিত হ'ল দেশৰ উচ্চতম ন্যায়ালয়ত । খন আবেদনৰ শুনানি অনুষ্ঠিত কৰি ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ এম এম সুন্দেশৰ বিচাৰপীঠে বিতর্কিত তথ্যচিত্রখন কেন্দ্রই নিষিদ্ধ কৰাৰ বাবে কি সিদ্ধান্ত লৈছিল বা কি নির্দেশ দিয়া হৈছিল , সেয়া ন্যায়ালয়ত দাখিল কৰিবৰ বাবে কেন্দ্রক নির্দেশ দিয়ে । ইণ্ডিয়া দা মোডী কুৱেচন ' শীর্ষক ছবিখন বি . বি চিয়ে সম্প্ৰচাৰ কৰাৰ পিচতে ছবিখন ভাৰত আৰু নৰেন্দ্ৰ মোডীৰ ভাবমূর্তিৰ বিরুদ্ধে ঔপনিবেশিক মানসিকতাৰে ৰচা ষড়যন্ত্ৰ বুলি কৈ কেন্দ্রই ইউটিউবকে ধৰি সকলো সামাজিক মাধ্যমত তথ্যচিত্ৰখনৰ সম্প্ৰচাৰ আৰু লিংক মেছেজ প্ৰেৰণ নিষিদ্ধ কৰিছিল । ২০০২ চনত গুজবাট সংঘৰ্ষত হেজাৰোধিক মুছলমানক নৃশংসভাবে হত্যা কৰাৰ লগতে ধন সম্পত্তি ধ্বংস কৰা হৈছিল আৰু সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্রী আছিল নৰেন্দ্ৰ মোডী । ছবিখনৰ নিষিদ্ধকৰণৰ বিৰোধিতা কৰি সাংবাদিক , সম্পাদক এন ৰাম , তৃণমূল সাংসদ বহুৱা মৈত্র আৰু প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । এম এল শৰ্মা নামৰ এজন আইনজীবীয়ে এখন আবেদন দাখিল কৰি কেন্দ্ৰই নিষিদ্ধকৰণ নিৰ্দেশ নিদিয়াকৈ ছবিখনৰ সম্প্ৰচাৰত বাধা জন্মাইছে বুলি ন্যায়ালয়ক জনাইছিল ।

No comments