Breaking News

অবৈধ কয়লা ক্ষেত্ৰত নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণ প্ৰসঙ্গঃ/



ৰবীন মৰাণ, পেঙেৰীঃ মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত তিনিচুকীয়াৰ প্ৰাঞ্জল মৰাণৰ ৰহস্যজনক মৃত্যুৰ পাছত দুই সংগঠনৰ অবৈধ কয়লা পৰিবাহী ট্ৰাকৰ বিৰুদ্ধে অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ, প্ৰশাসনৰে আলোচনা, মৃত লোকৰ নামত তিনি কোটি টকাত মেনেজৰ প্ৰসঙ্গ ইত্যাদিক লৈ তোলপাৰ লাগিছে সমগ্ৰ তিনিচুকীয়া জিলা। এই প্ৰসঙ্গত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সভাপতি উমানন্দ মুদৈ মৰাণে সাংবাদিকৰ সমুখত ক্ষোভেৰে কয় যে প্ৰাঞ্জল মৰাণ কাণ্ডৰ ন্যায় প্ৰাপ্তিৰ বাবে অব্যাহত সংগ্ৰামখন 'অসম মৰাণ সভা'ই 'হাইজেক' কৰিলে। ঘটনা সন্দৰ্ভত তেওঁ কয় - 'যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা মই প্ৰাঞ্জলৰ পৰিয়ালৰ লোকৰ সতে হাতে-হাত ধৰি ন্যাৰ্য প্ৰাপ্তিৰ দাবীৰ প্ৰক্ৰিয়াটো আগবঢ়াই আহিছোঁ।' তেওঁক কৃষক মুক্তি কিম্বা ছাত্ৰ মুক্তিৰ নেতা হিচাপে কয়লা পৰিবাহী ট্ৰাক অৱৰোধ স্থলীত থাকিব নোৱাৰিব বুলি অসম মৰাণ সভাৰ সম্পদকে কৈছিল বুলিও তাৎপৰ্যপূৰ্ণ তেওঁ ভাৱে মন্তব্য কৰে। মুদৈৰ মতে তিনিচুকীয়াৰ উপায়ুক্তৰ ক্ষমতা এজন গাঁ‌ও পঞ্চায়তৰ সভাপতিৰ সমান। কাৰণ হিচাপে তেওঁ কয় যে আলোচনাকালত উপায়ুক্তই প্ৰাঞ্জলৰ পত্নীক ৰেচন কাৰ্ড, অৰুণোদয় আঁ‌চনি আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ আশ্বাস দিলে যিটো প্ৰতিশ্ৰুতি এজন পঞ্চায়ত সভাপতিয়ে পূৰণ কৰিব পাৰে। তেওঁ আৰু কয় যে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু কয়লা মাফিয়া বি গণেশৰ প্ৰতিনিধি হিচাপে ভাদেশ্বৰ মৰাণ, দিচেন টিপনীয়া আৰু ৰসৰাজ মৰাণে প্ৰাঞ্জলৰ পৰিয়ালৰে হোৱা বদৌচা ভৱনৰ ৰূদ্ধদ্বাৰ বৈঠকৰ সিদ্ধান্তসমূহ ৰাজহুৱা নকৰাৰ অভিযোগো তোলে। এই সন্দৰ্ভত ভাদেশ্বৰ মৰাণে কয় যে বিধায়কৰ অনুপস্থিতিত বিধায়কৰ প্ৰতিনিধি হিচাপে তেওঁলোকে মানৱীয়তাৰ খাতিৰত দুৰ্গত পৰিয়ালটোক লগ ধৰিছিল। পৰিয়ালৰ লোকে দুই-তিনি লাখৰ পৰিৱৰ্তে পঞ্চাশ লাখ টকা দাবী কৰাত তেওঁলোক ক্ষুণ্ণ হৈ উভতি যোৱাৰ কথাও আমাৰ আগত ক'লে। 

            ইফালে সদৌ মৰাণ ছাত্ৰ সন্থাই আজি প্ৰেছ মিট সম্বোধন কৰি চৰকাৰ, অসামৰিক আৰু আৰক্ষী প্ৰশাসন, ক'ল ইণ্ডিয়া আদিৰ ভূমিকা সন্তোষজনক নহয় বুলি কৈ জিলা প্ৰশাসনৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়। আজিলৈকে আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টোকো সংবাদ মেলত ক্ষোভেৰে প্ৰকাশ কৰে। এটা জাতিক নেতৃত্ব দিয়া এটা সংগঠন হিচাপে ঘটনাটোক লৈ কোনোধৰণৰ টকাৰ লেন-দেন সম্পৰ্কীয় কথা বতৰা হোৱা নাই বুলিও স্পষ্ট কৰি দিয়ে। উল্লেখ্য যে সামাজিক মাধ্যমত ঘটনাটো থাপি-থুপি থোৱাৰ নামৰ কয়লা মাফিয়াৰ পৰা তিনি কোটি টকাৰ লেনদেনৰ চুক্তি হোৱা বুলি বিগত দিনকেইটাত চৰ্চা চলি আহিছে। কয়লা পৰিবাহী ট্ৰাকৰ অৱৰোধ স্থগিত ৰখাৰ অৰ্থ আন্দোলন স্তব্ধ নহয় আৰু প্ৰাঞ্জলৰ পৰিয়ালে ন্যায় নোপোৱালেকে সংগ্ৰাম অব্যাহত থাকিব বুলিও সংবাদ মেলত সন্থাৰ সভাপতি নৱ মৰাণে দৃঢ়তাৰে কয়। ইফালে তিনি কোটি টকীয়া ভাইৰেল খবৰ সমূহৰ সন্দৰ্ভত অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়াই এই প্ৰতিবেদকক কয় যে সমাজৰ এচাম ন্যস্ত স্বাৰ্থৰ লোক জাতীয় সংগঠনটোক জন মানসত সেয় প্ৰতিপন্ন কৰাৰ অৰ্থে অপ- প্ৰচাৰত লিপ্ত হৈছে আৰু একাংশই বিষয়টো ৰাজনীতিকৰণৰ প্ৰলেপ সনাৰ অপচেষ্টা কৰিছে। তেওঁ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণৰ ভূমিকাকো সমালোচনা কৰে।  উল্লেখ্য যে তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত মাকুম নিকটৱৰ্তী শুকানি গাৱঁৰ প্ৰাঞ্জল মৰাণ (২৭) লিডুৰ অবৈধ কয়লা ক্ষেত্ৰত কয়লা খান্দি জীৱিকা নিৰ্বাহৰ বাবে ওলাই গৈ নিখোজ হোৱা ঘটনাটোক কেন্দ্ৰ সম্প্ৰতি চেঁ‌পা উত্তেজনাই বিৰাজ কৰিছে। উল্লেখ্য যে ঘটনাৰ ন্যায় বিচাৰি সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত অবৈধ কয়লা পৰিবাহী ট্ৰাকৰ বিৰুদ্ধে অৱৰোধৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল। উক্ত কাৰ্যসূচী অনিদিষ্ট কাললৈকে অব্যাহত থাকিব বুলিও সংগঠন কেইটাই এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰিছিল যদিও গণতান্ত্ৰিক সীমাবদ্ধতাৰ হেতু অৱৰোধৰ কাৰ্যসূচী স্থগিত ৰাখে। তাৰ পাছতেই বিয়পি পৰে তিনি কোটি টকীয়া মেনেজৰ খবৰ। উল্লেখ্য যে মাৰ্ঘেৰিটা-লিডুৰ অবৈধ কয়লা ক্ষেত্ৰত প্ৰাঞ্জলৰ দৰে অগণন শ্ৰমিকৰ মৃত্যু ঘটিছে যদিও প্ৰায় সকলোবোৰ ঘটনাই থাপি থুপি থোৱা যায়। ইফালে প্ৰাঞ্জল পত্নী উৰ্বশী মৰাণে লিডু আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে মাৰ্ঘেৰিটা থানাই কয়লা মাফিয়া বি গণেশ, ৰাজা ছাই কুজুৰ আৰু কমল ছাই কুজুৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩০৪/৩৭৯ আৰু আৰ/ডব্লিউ ছেকচন ৩ ৰ পি ডি পি পি এক্টৰ অধীনত গোচৰ ৰুজু কৰিয়ে হাত সাৱতি বহি থকাৰো অভিযোগ উঠিছে। 

No comments