Breaking News

কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ




কংগ্ৰেছ নেতা পৱন খেৰাক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ। অসম আৰক্ষীয়ে আজি বিয়লি নাটকীয় পৰিস্থিতিত দিল্লী বিমানবন্দৰৰ পৰা কেইঘণ্টামান আগতে গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ নেতা পৱন খুৰাক।  তেওঁক ইণ্ডিগ'ৰ এখন বিমানৰ পৰা ৰায়পুৰলৈ ডি-বোৰ্ড কৰিবলৈ বাধ্য কৰা হৈছিল আৰু অসম আৰক্ষীৰ এটা দল তেওঁক জিম্মাত ল'বলৈ অহালৈকে আটক কৰি ৰখা হৈছিল। 

এইক্ষেত্ৰত কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই কয় যে আৰক্ষীৰ ওচৰত কোনো ৱাৰেণ্ট বা এজাহাৰ নাছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সকলো বোৰ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা দেৱতা নেকি? বুলি প্ৰশ্ন কংগ্ৰেছ নেতা  সুৰজেৱালাৰ।

উল্লেখ যে  খেৰাৰ এই বিতৰ্কিত আটক আৰু গ্ৰেপ্তাৰত  একেখন বিমানতে থকা কংগ্ৰেছৰ আন নেতাসকলে বিমান বন্দৰতে প্ৰতিবাদ সাব্যস্ত কৰে।  

এয়া সেই একেই অসম আৰক্ষী যিয়ে অত্যাচাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। মই সুধিব বিচাৰো কাৰণটো কি আছিল... যদি এয়া একনায়কত্ব নহয়, তেন্তে কি?" কংগ্ৰেছৰ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে এই গ্ৰেপ্তাৰক তীব্ৰ বিৰোধীতা কৰে। পৱন খেৰাই যি কৈছিল সেয়া ভুলতে পিছল খাই হোৱা ভুল বুলি তেওঁ নিজেই সংশোধন কৰিছিল। 

ইফালে ৰায়পুৰলৈ বুলি যাত্ৰা কৰা দলটোৰ সৈতে আছিল অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া। সমগ্ৰ সঘটনাৰ সন্দৰ্ভত দেবব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

No comments