Breaking News

ক্ৰিকেটঃ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত শুভমান গিলৰ বেটিঙৰ ধুমুহাঃ শচীনৰ সন্মুখত ছয়ৰ বৰষুণ



ভাৰতীয় দলৰ চুপাৰষ্টাৰ অপেনাৰ শুভমান গিলে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত নিউজিলেণ্ডৰ বলাৰক তচনচ কৰি ধোমোহাৰ গতিত ৰাণ সংগ্ৰহ কৰে। ভ্ৰমণকাৰী দলৰ কোনো এজন বলাৰেই গিলৰ ৰানৰ বৰষুণত প্ৰতিহত কৰিবলৈ সক্ষম নহ’ল। ফলত এক দৰ্শনীয় শতক অৰ্জন কৰি উপস্থিত দৰ্শকক আপোদ দিবলৈ সক্ষম হয় গিল। ছিল। শুভমান গিলে ৫৪ টা বলত শতক সম্পূৰ্ণ কৰিছিল। তেওঁ তেওঁৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথম শতক এটা চাৰিৰে সম্পূৰ্ণ কৰে। আজি মেচখনত গিলে ৬৩ বলত ১২৬ ৰান সংগ্ৰহেৰে অপৰাজিত হৈ ৰয়। তেওঁ আকৰ্ষণীয় ইনিংচটো সজাই ১২টা চাৰি আৰু ৭টা ছয়ে।

দলটোক নেতৃত্ব দি থকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় আৰু অন্তিম খন টি-২০ খেলত টছত জয়ী হয়। হাৰ্দিকে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা এই খেলখনত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। ২০ অভাৰত ভাৰতে নিউজিলেণ্ডৰ সন্মুখত ২৩৫ ৰানৰ লক্ষ্য বান্ধি দিয়ে। 

বৰ্তমান নিউজিলেণ্ডৰ স্ক’ৰ ২ অভাৰত ১৩ ৰানত ৪ উইকেট পতন হৈছে।

No comments