Breaking News

বিশ্বৰ ধনকুবেৰৰ তালিকাত দুদিনতে ১১ লৈ নামিল আদানি ‘



ডিজিটেল ডেস্ক:বিশ্বৰ ধনকুবেৰৰ তালিকাত দুদিনতে ১১ লৈ নামিল আদানিবিশ্বৰ চহকী ব্যক্তিৰ তালিকাত একাদশ স্থনলৈ খহি পৰিছে গুজৰাটী ব্যৱসায়ী গৌতম আদানি । বিশ্বৰ চহকী ব্যক্তিৰ তালিকাত বিগত সাতদিনত তৃতীয় স্থানৰ পৰা একাদশ স্থানলৈ পতিত হ'ল গৌতম আদানি । কম সময়ৰ বাবে বিশ্বৰ দ্বিতীয় চহকী ব্যক্তিৰ স্থান দখল কৰিবলৈ সক্ষম হোৱা গৌতম আদানি যোৱা ২৪ জানুৱাৰী পৰ্যন্ত চহকী ব্যক্তিৰ তালিকাৰ তৃতীয় স্থানত আছিল । কিন্তু হিল্ডেনবার্গ ৰিছাৰ্চ নামক মার্কিন গৌতম আদানি সংস্থাটোৱে ২৪ জানুৱাৰীত বিশ্বৰ ধনকুবেৰৰ তালিকাত দুদিনতে ১১ লৈ গৌতম আদানিৰ কোম্পানীয়ে জালিয়াতি কৰি তেওঁলোকৰ শ্বেয়াৰ বজাৰৰ মূল্য বৃদ্ধি কৰা দেশত কৰফাঁকি দিয়া বুলি এখন ১০৬ পৃষ্ঠাৰ প্ৰতিবেদন প্রকাশ কৰাৰ লগে লগে আদানিৰ সাম্ৰাজ্যত গৰাখহনীয়াৰ সৃষ্টি হয় । শ্বেয়াৰ বজাৰৰ তিনিটা ছেছনত আদানি গোষ্ঠীয়ে ২০২২ চনত যি ধন আহৰণ কৰিছিল সেয়া প্রায় নোহোৱা হৈ পৰে । হিণ্ডেনবার্গে প্রতিবেদন প্ৰকাশ কৰাৰ পাছৰ পৰা  আদানি গোষ্ঠীয়ে মুঠতে ৩৬ বিলিয়ন মার্কিন ডলাৰ হেৰুৱাবলগীয়া হৈছে । ২০২২ চনত আদানি গোষ্ঠীয়ে অবিশ্বাস্য পৰিমাণত ৪০ বিলিয়ন মার্কিন ডলাৰ আহৰণ কৰিছিল ।

1...Bernard Arnault ....$189B

2... Elon Musk $... 160B

3...Jeff Bezos $...124B

4...Bill Gates $...111B

5...Warren Buffett $... 107B

6...Larry Ellison $...99.5B

7...Larry Page $... 90.0B 

8...Steve Ballmer $... 86.0B

9...Sergey Brin $... 86.4B

10...Carlos Slim $... 85.7B

11...Gautam Adani  $... 84.4B

12...Mukesh Ambani  $... 82.2B 

বিশ্বৰ আগশাৰীৰ আৰ্থিক সংস্থাৰ মতে  গৌতম আদানিয়ে তেওঁৰ মুঠ সম্পত্তিৰ এক - চতুর্থাংশ সম্পদ হেৰুৱাবলগীয়া হৈছে । মার্কিন সংস্থাটোৱে আদানি গোষ্ঠীৰ দাবী মানি লোৱাৰ পৰিৱৰ্তে নিজৰ প্ৰতিবেদন সম্পূৰ্ণ শুদ্ধ বুলি মন্তব্য কৰিছে ।  তেওঁলোকে উত্থাপন কৰা মুঠ ৮৮ টা অভিযোগৰ ভিতৰত ৪৬ টা অভিযোগৰে উত্তৰ দিব পৰা নাই আদানি গোষ্ঠীয়ে । সহস্ৰাধিক পৃষ্ঠাৰে  সমর্থন কৰা আদানি গোষ্ঠীয়ে তেওঁলোকৰ উত্তৰত কেৱল চালে - বেৰে কোবাইছে আৰু এয়া ভাৰতৰ ওপৰত তথা ভাৰতীয় জাতীয়তাবাদৰ ওপৰত পৰিকল্পিত আক্রমণ বুলি মন্তব্য কৰিছে ৷ 

No comments