Breaking News

অধিক নিম্নগামী হ’ব জিডিপিৰ হাৰ ...



 ডিজিটেল ডেস্ক: অধিক নিম্নগামী হ’ব জিডিপিৰ হাৰ ...আগন্তুক বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি অর্থাৎ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ নিম্নগামী হ'ব বুলি স্বীকাৰ কৰিছে স্বয়ং মোদী চৰকাৰে । বিত্তীয় বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ সামগ্ৰিকভাৱে গড় হ’ব ৬.৫ শতাংশ । ন্যূনতম ৬ শতাংশৰ পৰা সৰ্বাধিক...৬.৮ শতাংশ জিডিপিৰ উন্নয়নৰ হাৰ বৃদ্ধি হ’ব পাৰে.... যোৱা এবছৰ ধৰি চলি থকা ৰাছিয়া ইউক্রেইন যুদ্ধৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিও ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ফলস্বৰূপেই ভাৰতৰ আৰ্থিক উন্নয়নৰ গতি নিম্নগামী হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে । সাম্প্রতিক বিত্তীয় বৰ্ষত ভাৰতৰ আৰ্থিক বৃদ্ধিৰ হাৰ আছিল ৭ শতাংশ আৰু পূৰ্বৰ বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ আছিল ৮.৭ শতাংশ । বিনিময়ৰ হাৰৰ দিশৰ পৰা ভাৰতৰ স্থান বিশ্বত পঞ্চম । মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰা সত্ত্বেও আগন্তুক বিত্তীয় বৰ্ষত ভাৰতলৈ বিদেশী বিনিয়োগ অহাৰ সম্ভাৱনা উজ্জ্বল বুলি সমীক্ষাত কোৱা হৈছে ৷২০২৪ চনৰ এপ্ৰিল - মে’ত দেশত সাধাৰণ নির্বাচন অনুষ্ঠিত হ'ব আৰু সেইবাবেই মোদী চৰকাৰে নিৰ্বাচনৰ পূৰ্বে পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে ‘ ভোট অন একাউণ্ট’হে দাখিল কৰিব পাৰিব ।

No comments