Breaking News

২০২৩ বৰ্ষত ২.৬ % লৈ হ্রাস পাব বিশ্ব অর্থনীতিৰ বিকাশৰ হাৰ


ডিজিটেল ডেস্ক...
২০২৩ বৰ্ষত ২.৬ % লৈ হ্রাস পাব বিশ্ব অর্থনীতিৰ বিকাশৰ হাৰ... আন্তর্জাতিক মুদ্রা নিধি ( আই এম এফ ) এ প্ৰকাশ কৰা বিশ্ব অর্থনীতিৰ সমীক্ষাত ২০২৩ বৰ্ষ উদ্বেগজনক...  ২০২৩ বৰ্ষত বিশ্ব অর্থনীতিৰ বিকাশ ২.৬ শতাংশ হাৰৰ ভিতৰত থাকিব..২০২২ বিত্তীয় বৰ্ষত বিকাশৰ  হাৰ আছিল ৩.৪ শতাংশ । বিশ্ব অর্থনীতিৰ এই সমীক্ষাত ভাৰতৰ বিকাশ ৬.১ শতাংশৰ ঘৰত থাকিব বুলি কোৱা হৈছে । ভাৰতত ২০২২ বৰ্ষত বিকাশৰ হাৰ আছিল ৬.৮ শতাংশ । ২০২৩ বৰ্ষত অর্থনীতি কিছু পৰিমাণে হৈ বিকাশৰ হাৰ ৬.১ শতাংশৰ ঘৰত থাকিব ।  ২০২৪ বৰ্ষত ভাৰতে আর্থিক ক্ষেত্ৰত পুনৰ সমৃদ্ধিৰ পথেৰে অগ্ৰসৰ হ’ব আৰু বিকাশৰ হাৰ ৬.৮ শতাংশ হ’বগৈ বুলি এই সমীক্ষাত উল্লেখ কৰা হৈছে । ৰঙা চীনৰ অৰ্থনৈতিক সমৃদ্ধিৰ হাৰ ৩ শতাংশ যদিও ২০২৩ বৰ্ষত ৫.২ শতাংশলৈ বৃদ্ধি পাবগৈ । কিন্তু ২০২৪ বৰ্ষত পুনৰ বিকাশৰ হাৰ ৪.৫ শতাংশলৈ অৱনমিত হোৱাৰ সম্ভাৱনা থকাৰ কথা কোৱা হৈছে । বিশ্ব অর্থনীতিৰ অন্যতম প্রভাৱশালী মার্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি সমীক্ষা অনুসৰি সংকটৰ কবলত পৰিছে ।আই এম এফৰ সমীক্ষা অনুসৰিচলিত বৰ্ষৰ ২ শতাংশৰ বিপৰীতে ২০২৩ বৰ্ষত দেশখনৰ অর্থনীতিৰ বিকাশ ১.৪ শতাংশলৈ হ্রাস পাব । ২০২৪ বৰ্ষত  অৱনমিত হৈ ১ শতাংশ হ’ব বুলি সমীক্ষাত কোৱা হৈছে । বিশ্ব অর্থনীতিৰ আন এখন অগ্রণী দেশ জাপানৰ অৰ্থনীতিও আশাব্যঞ্জক নহয় । চলিত বৰ্ষৰ ১.৪ শতাংশৰ পৰা ২০২৩ বৰ্ষত বিকাশ ১.৮ শতাংশলৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিলেও 20২৪ বৰ্ষত বিকাশৰ হাৰ ০.৯ শতাংশলৈ অৱনমিত হ'ব বুলি সমীক্ষাই ব্যক্ত কৰিছে ।দেশখনৰ ২০২২ বৰ্ষৰ বিকাশৰ হাৰ ৩.৫ শতাংশ হলেও ২০২৩ আৰু ২০২৪ বৰ্ষৰ বিকাশ ১.৫ শতাংশলৈ হ্রাস পাব বুলি কোৱা হৈছে । ৰাছিয়াৰ অৰ্থনীতিৰ বিকাশৰ ছবিখন ২০২২ বৰ্ষত -২.২ শতাংশ , ২০২৩ বৰ্ষত ০.৩ শতাংশ আৰু ২০২৪ বৰ্ষত ২.১ শতাংশ বুলি দেখুওৱা হৈছে । উল্লেখ্য , মন্থৰ অৰ্থনৈতিক বিকাশৰ বাধা অতিক্ৰম কৰিব নোৱাৰিলে আগত দিনত বিশ্ব অর্থনীতি অধিক সংকটৰ গৰাহত পৰিব.....

No comments