Breaking News

মৃত নদী হ’ব ঐতিহাসিক ভোগদৈ

 


ডিজিটেল ডেস্ক:যোৰহাটৰ ঐতিহাসিক ভোগদৈ নদী অচিৰেই পেলনীয়া প্লাষ্টিক , পলিথিন , আৱৰ্জনা আদিৰে পোত গৈ এখন মৃত নদীত পৰিণত হোৱাৰ আশংকা প্ৰকট হৈ উঠিছে।বেদখলকাৰীয়ে মথাউৰিৰ নিচেই কাষতে অগণন ঘৰ - দুৱাৰ নিৰ্মাণ কৰা , মাটি - বালিৰ মাফিয়াই জধে - মধে খননকার্য চলাই বিভিন্ন স্থানত নদীখনৰ ঘাই সুঁতিটোকে নিশ্চিহ্ন কৰি পেলোৱা আদিৰ মাজতে এইবাৰ নগৰখনৰ মাজেদি প্রবাহিত অংশটোত একাংশ অবিবেচক লোকে নদীখনৰ মাজলৈ অতি বৃহৎ পৰিমাণৰ আৱৰ্জনা নিক্ষেপ কৰি ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে । এখন মৃত নদীত পৰিণত হোৱাৰ আশংকা ক্ৰমে প্রবল হৈ উঠিছে ।  পৌৰসভা আৰু জলসম্পদ বিভাগৰ চৰম নিষ্ক্রিয় ভূমিকাই এই ঐতিহাসিক নদীখনৰ মৃত্যু ক্ৰমে ওচৰ চপাই আনিছে ।  ব্ৰহ্মপুত্ৰৰ অন্যতম উপনদী ভোগদৈৰ উৎপত্তি স্থান হৈছে জিলাখনৰ কাষৰে নগাপাহাৰ । ভোগদৈৰ মুঠ দৈর্ঘ্য হৈছে ১৬২.৫ কিলোমিটাৰ । ইয়াৰে প্ৰায় ১০০ কিলোমিটাৰ নাগালেণ্ডত আৰু প্ৰায় ৬২.৫ কিলোমিটাৰ অসমত প্রবাহিত হৈছে । নগাপাহাৰৰ পৰা নামিয়েই নদীখনে মৰিয়নী - যোৰহাটৰ মাজেৰে প্ৰবাহিত হৈ দেৰগাঁৱৰ ওচৰৰ গেলাবিলত পৰি মিলিত হৈছে ব্ৰহ্মপুত্ৰত । 


১৮০১ চনত নগৰখনৰ বহু নিলগেৰে প্রবাহিত দিছে নদী বৃহৎ নলা খান্দি যোৰহাটৰ মাজেৰে বোৱাই নদীখন চহৰৰ মাজেৰে বোৱাই অনাৰ সময়ত ৰজাঘৰে ভোগ দি পুজা পাতল কৰাৰ লগতে প্ৰজাসকলকো ভোগ খুৱাই আপ্যায়ন কৰিছিল । তেতিয়াৰে পৰা নদীখন ভোগদৈ নামেৰে  জনাজাত হয় ।নিমাত প্রকৃতিপ্রেমী অনুষ্ঠান , দল - সংগঠন আদিও । পৌরসভা প্রশাসন , জলসম্পদ বিভাগ লাজ লগাকৈ নির্বিকাৰ ।   শুৱনি গাঁও , বৰিগাঁও , দিগম্বৰচুক , ভোগদৈ দলঙৰ উত্তৰ দিশৰ মথাউৰিব কাষৰ অংশসমূহত বেদখলকাৰীয়ে অতি উদ্বেগজনকভাৱে ঘৰ - দুৱাৰ নিৰ্মাণ কৰি লৈছে । ফলত নদীখনৰ দুয়োফালৰ চৰকাৰী ভূমি বর্তমান সম্পূর্ণ আবাসিক অঞ্চলত পৰিণত হৈছে । এই অঞ্চলসমূহৰ লোকে বিনাবাধাই নদীৰ বুকুলৈ প্লাষ্টিক , পলিথিনকে ধৰি সকলোধৰণৰ আৱৰ্জনা নিক্ষেপ কৰিছে । ফলত আৱৰ্জনাৰ পাহাকে নদীখন এটা মৰাসুঁতিলৈ পৰিণত হৈছে ।পুৰণা ৰে'লৰ দলঙৰ পৰা আৰম্ভ কৰি ভোগদৈ নদীৰ মথাউৰিৰ কাষৰ সকলো চৰকাৰী ভূমিত আৰম্ভ হৈছে বেদখল । একাংশ লোকে এনে ভূমি দখল কৰি কঠাত ৫০ হেজাৰ টকাত দখলী ভূমি বিক্ৰী কৰা বুলি অভিযোগ উঠিছে । মাটি - বালিৰ মাফিয়াই উপ - ৰাষ্ট্ৰীয় পথৰ ভোগদৈ দলঙৰ পৰা মালৌআলি ভোগদৈ দলংপর্যন্ত পশ্চিম দিছে নগৰ , ৰাজতীয়া , মনাইমাজি আদি অঞ্চলসমূহত ভোগদৈ নদীৰ মথাউৰিৰ বাহিৰে ভিতৰে এনেদৰে জে চি বিৰে খনন কৰিছে যে নদীখনৰ ঘাইসুঁতিটো চিনিব নোৱৰা হৈ পৰিছে । কিন্তু বন বিভাগ তথা জিলা প্রশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ভোগদৈ নদীত দিনকদিনে বৃদ্ধি হৈছে মাটি - বালি মাফিয়াৰ দৌৰাত্ম্য । 

No comments