Breaking News

দীপৰ বিলত কৰুণ ঘটনা পোৱালিৰ মৃত্যু বেদনাত মাতৃ হাতীৰো মৃত্যু

 


ডিজিটেল ডেস্ক:দীপৰ বিলৰ  মিকিৰপাৰাত ২৮ জানুৱাৰীৰ পুৱাৰ ভাগত বনকৰ্মীৰ এটা টহলদাৰী দলে বিলৰ বোকা পানীত আবদ্ধ হৈ আঁকোৱালি লোৱা হাতী পোৱালি এটা উদ্ধাৰ কৰাৰ পাছত , পুনৰ আন এটা হাতীৰ মৃত্যু হয় দীপৰ বিলৰ পাৰত ।      দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্রমোদ কলিতাই জানিবলৈ দিয়া মতে ২৮ জানুৱাৰীৰ দিনা মৃত অৱস্থাত হাতী পোৱালিটো উদ্ধাৰ হোৱাৰ সন্ধিয়াৰ পাছত মাকজনীয়ে পোৱালিটোক বিচাৰি আহি মাজনিশালৈ ঘটনাস্থলীৰ সমীপত অৱস্থান কৰিছিল । অতি কৰুণভাৱে মাকজনীৰো উক্ত স্থানতেই বিয়লিৰ ভাগত শোকত বিহ্বল হৈ মৃত্যু হয় । জানিব পৰা মতে , স্থানীয় ৰাইজে পশু চিকিৎসকক অৱগত কৰিছিল যদিও পশু চিকিৎসক আহি পোৱাৰ আগতেই হাতীটোৰ মৃত্যু হয় । পাছত মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি সংশ্লিষ্ট বন বিভাগৰ সহযোগত দীপৰ বিলৰ পাৰত গাঁত খান্দি পুতি থয় ।২৮ জানুৱাৰীৰ দিনা সন্ধিয়াৰ পাছত চক্ৰদৌ মিকিৰপাৰাৰ এলিফেণ্ট কৰিড’ৰৰে কাষৰীয়া ৰাণী বনাঞ্চলৰ পাহাৰৰ পৰা ১০-১২টা হাতীৰ এটা জাক খাদ্যৰ সন্ধানত গাতে লগা দীপৰ বিলৰ পানীত নামিছিল । সন্দেহ কৰা মতে , সেই জাকটোৰ সৈতে থকা হাতী পোৱালিটো পাৰলৈ উঠি আহিব নোৱাৰি বোকা - পানীত আবদ্ধ হৈ দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱাৰ দুখ সহিব নোৱাৰি মাকজনীৰো মৃত্যু ঘটে ।

No comments